মাজুলীত কৃষকৰ সৈতে জলকীয়া খেতিৰ বুজাবুজি চুক্তি সম্পন্ন ; Contract Farming ৰ আৰ্হিত প্ৰায় ১০০ বিঘা ভূমিত হব জলকীয়া খেতি
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু বিধায়ক ভূবন গামৰ উপস্থিতিত মাজুলী জিলাত জলকীয়া খেতিৰ সম্প্ৰসাৰণ আৰু ইয়াৰ বাণিজ্যিক লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি জলকীয়াৰ চুক্তিবদ্ধ শস্য উৎপাদন বিষয়ত অনুষ্ঠিত হয় এখনি সভাৰ। সভাত জলকীয়া উৎপাদন তথা ৰঙা শুকান জলকীয়া যোগান সন্দৰ্ভত মাজুলীৰ নিৰ্বাচিত ভালেসংখ্যক কৃষক আৰু গুৱাহাটীস্থিত M/S Crafts & Looms Gallery নামৰ কোম্পানীৰ মাজত সম্পন্ন হয় এক বুজাবুজিৰ চুক্তি। মূলতঃ চুক্তি অনুসৰি কৃষকে উৎপাদিত জলকীয়াৰ পৰা ৰঙা শুকান জলকীয়া প্ৰস্তুত কৰি কোম্পানীটোক পুনৰ যোগান ধৰিব। যাৰ দ্বাৰা এই প্ৰক্ৰিয়াত জড়িত কৃষকসকলে উপযুক্ত লাভ পাবলৈ সক্ষম হ’ব।

স্বাক্ষৰিত এই চুক্তি অনুসৰি, শস্য উৎপাদন প্ৰক্ৰিয়াত যাতে কৃষক সকলে কোনো অসুবিধাৰ সন্মুখীন হ’ব লগীয়া নহয়, সেই উদ্দেশ্যেৰে কোম্পানীটোৱে মাজুলীৰ নিৰ্বাচিত কৃষকক এই খেতিৰ বীজ সিঁচা ৰ পৰা আৰম্ভ কৰি শস্য চপোৱালৈকে বীজ, জৈৱিক সাৰ, প্ৰশিক্ষণ, কাৰিকৰী সাহাৰ্য আদি সকলো প্ৰদান কৰিব। লক্ষণীয় কথাটো হ’ল, এই খেতিত কৃষক সকলে কোনো ৰাসায়নিক দ্ৰৱ্য প্ৰয়োগ কৰিব নোৱাৰিব। কেৱল কোম্পানীয়ে যোগান ধৰা জৈৱিক দ্ৰৱ্য হে প্ৰয়োগ কৰিব পাৰিব। প্ৰথম পৰ্যায়ত কেঁচা জলকীয়া কৃষক সকলে নিজ ইচ্ছা অনুসৰি স্থানীয় ভাৱে বিক্ৰী কৰিবও পাৰিব। কিন্তু পৰৱৰ্তী সময়ত উৎপাদিত জলকীয়া কৃষক সকলে শুকুৱাই পুনৰ কোম্পানীটোক বিক্ৰী কৰিব লাগিব। যাৰ পৰা কৃষক সকলে উচিত মূল্য লাভ কৰিবলৈও সক্ষম হ’ব।
কোম্পানীটোৱে জনোৱা অনুসৰি, এই প্ৰক্ৰিয়াত ৪৬ গৰাকী কৃষকৰ লগতে মুঠ ১০০ বিঘা কৃষিভূমিক সামৰি লোৱা হৈছে। মূলতঃ কৃষকসকলক বালিজুৰি (Balijuri) প্ৰজাতিৰ বীজ যোগান ধৰা হ’ব। যত প্ৰতিবিঘাত ৪-৪.৫ কুইণ্টল শুকান জলকীয়া উৎপাদন কৰাৰ আশা কৰা হৈছে। আৰু সেই উৎপাদিত জলকীয়াৰ বাবদ কৃষকসকলক উপযুক্ত মূল্য কোম্পানীটোৱে পোনপটীয়াকৈ বেংক একাউণ্ট যোগে প্ৰদান কৰিব।

তাৰোপৰি, কৃষকসকলক কোম্পানীটোৱে একোখনকৈ Regen Global GAP (Good Agricultural Practice) Certificate প্ৰদান কৰিব। কৃষকসকলেও এই বীজ আগন্তুক কৃষি বতৰত কৰিবলৈ নিজৰ লগত সংৰক্ষণ কৰি ৰাখিব পাৰিব। যাৰ দ্বাৰা কৃষকসকল আগন্তুক সময়ত লাভান্বিত হ’ব। উল্লেখ্য যে এই সমগ্ৰ প্ৰক্ৰিয়াত জিলা কৃষি বিভাগে চুক্তিবদ্ধ দুয়োটা পক্ষক সহায়কাৰী সংস্থা হিচাপে সহযোগিতা আগবঢ়াব। এই কাৰ্যৰ দ্বাৰা মাজুলীত চুক্তিবদ্ধ শস্য উৎপাদন এইয়াই প্ৰথম হিচাপে বিবেচিত হয়। সভাত মাজুলীৰ বিধায়ক ভূৱন গামে এই কাৰ্যসূচীৰ শলাগ লৈ কৃষকসকলক এই খেতিত অধিক মনোনিবেশ কৰি লাভ উপাৰ্জন কৰিবলৈ আহ্বান জনায়। তদুপৰি, বৰ্তমান বজাৰত থকা নহৰুৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি গৰাকী কৃষকক কমেও এবিঘাকৈ নহৰুৰ খেতি কৰিবলৈ আহ্বান জনায়।

জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকেও এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে চুক্তিবদ্ধ দুই পক্ষ ক্ৰমে- কৃষক আৰু কোম্পানীক উৎসাহ প্ৰদান কৰে। তাৰোপৰি, তেখেতে কৃষকসকলক এই প্ৰক্ৰিয়াৰ যোগেদি কেনেদৰে অধিক লাভান্বিত হ’ব পাৰে, সেই কথাত গুৰুত্ব দিবলৈ আহ্বান জনায়। বিগত বহু বছৰ ধৰি এই খেতিৰ জৰিয়তে সফলতাৰ মুখ দেখা বৰপেটাৰ কৃষক আইনুল হকেও সভাত নিজৰ অভিজ্ঞতা ব্যক্ত কৰে। উল্লেখ্য যে সভাত জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে কৃষকসকলক বীজ, সাৰ আদি সামগ্ৰী বিতৰণ প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত (কৃষি) সৰোজ সোণোৱাল, সহকাৰী আয়ুক্ত সীমান্ত বুঢ়াগোহাঁই, জিলা কৃষি বিষয়া নাচেৰ ইকবাল ৰেজা, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ভাস্কৰ ফুকন, কৃষি পৰামৰ্শদাতা ইমৰান হুছেইন, কোম্পানীৰ সঞ্চালক সুমিত বৰুৱা, ভাৰতীয় কিষাণ সংঘৰ অসমৰ সাংগঠনিক সম্পাদক কৃষ্ণ কান্ত বৰা, বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু কৃষক ৰাইজ উপস্থিত থাকে।