দূৰ্গা পূজাৰ তাৎপৰ্য আৰু মহত্ব – ডালিমী কুলাধীপতি

Pc-assam.news18.com

দূৰ্গা পূজাৰ তাৎপৰ্য আৰু মহত্ব

ডালিমী কুলাধীপতি
কামৰূপ,অসম

শ্ৰী শ্ৰী দুৰ্গা দেব্যৈ নম:
যা দেবী সর্বভূতেষু শক্তিৰূপেন সংস্থিতা।

অৰ্থাৎ, যি দেৱী সমস্ত জীৱ তথা চৰাচৰৰ শক্তি আৰু শান্তি ৰূপত অৱস্থান কৰে সেই দেৱীক নমস্কাৰ। বাৰ বাৰ নমস্কাৰ ।

হিন্দু ধৰ্মত বৃহত্তম সামাজিক উৎসৱৰ ভিতৰতে শক্তিশালী ৰূপে মানা হয় দুৰ্গা পূজাক। এই পূজাক দুৰ্গোৎসৱ বুলিও কোৱা হয়। শাৰদীয় আকাশ হৈ পৰে পূজা পূজা লগা আমোল-মোল সুবাস। বিশ্ব শান্তি আৰু মঙ্গলাৰ্থে দুৰ্গতি নাশিনী, জগত জননী আদ্যা শক্তি মহামায়া দুৰ্গা পূজা বিধি অনুসাৰে পালন কৰা হয় । দুৰ্গা পূজাক নৱৰাত্ৰি বুলিও কয় ৷ এই নৱৰাত্ৰি শৰৎ আৰু বসন্ত ঋতুৰ শুক্লা প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হৈ নৱমীত শেষ হোৱাৰ লগে লগে দশমী তিথিত মা দেৱীৰ বিৰ্সজন প্ৰক্ৰিয়াও আৰম্ভ হয় । শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গা পূজা পালন কৰা হয় । চ’ত মাহ বা বসন্তকালৰ দুৰ্গা পূজাক বাসন্তী পূজা বোলা হয়। শৰৎ মানেই শাৰদীয় ৰাণী নিয়ৰে ধুওৱা পৃথিৱীলৈ আগমণ। কঁহুৱাৰ পাখি মেলি দূবৰিৰ দলিচা গচকি শেৱালিৰ ৰং সানিবলৈ নামি আহে সৰগৰ পৰা ধৰালৈ আৰু ধৰা হৈ পৰে সৰগ সদৃশ।

আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা বুলি কোৱা হয় । দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি। পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেওঁৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণৰ লগতে সংহাৰো কৰে। এই নটা দিনত মা ভগৱতী দুৰ্গা দেৱীৰ ৯টা অৱতাৰত পূজা আৰু চন্দী পাঠ হয়। এই নটা ৰূপ হ’ল_ শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী। মহালয়াৰ পবিত্ৰ ক্ষণত দেৱীৰ মত্যলৈ আগমনৰ লগে লগে আৰম্ভ হয় নৱৰাত্ৰি ব্ৰত। হিন্দুশাস্ত্ৰত “দুৰ্গা” শব্দটিৰ প্ৰতি আখৰৰ ব্যাখ্যা কৰি বৰ্ণনা কৰি কৈছে-

দৈত্যনাশাৰ্থবচনো দকাৰঃ পৰিকীৰ্তিতঃ।
উকাৰো বিঘ্ননাশস্য বাচকো বেদসম্মত॥
ৰেফো ৰোগঘ্নবচনো গশ্চ পাপঘ্নবাচকঃ।
ভয়শত্ৰুঘ্নবচনশ্চাকাৰঃ পৰিকীৰ্তিত॥

অৰ্থাৎ “দ” বৰ্ণই দৈত্য বিনাশ কৰে।” উ”-কাৰে বিঘ্ন নাশ কৰে। ৰেফ ডালে ৰোগ নাশ কৰে। তেনেকৈ “গ” বৰ্ণই পাপ নাশ কৰে । “অ”-কাৰে শত্ৰু নাশ কৰে। ইয়াৰ মূল কথাতো চালে ওলাই পৰে দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু শত্ৰুৰ হাতৰ পৰা যি ৰক্ষা কৰে তেঁৱেই হৈছে দুৰ্গা।

আন এক তথ্য অনুসৰি” শব্দকল্পদ্ৰুমত “দুৰ্গং নাশয়তি যা নিত্যং সা দুৰ্গা বা প্ৰকীৰ্তিতা”৷ অৰ্থাৎ, যি দুৰ্গ নামে অসুৰক বধ কৰিছিল, তেঁৱেই সকলো সময়ত দুৰ্গা নামেৰে পৰিচিত।

ভাৰতৰ কলকাতা, অসম,ত্ৰিপুৰা, বিহাৰ ,ঝাৰখাণ্ড আৰু উৰিষ্যাত দুৰ্গাপূজা সৰ্বাধিক জাক-জমককৈ পালন হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলৰ মাজতো দুৰ্গা পূজা পালন হয়। পূজাৰ এই কেইদিন ধূপ-ধূনা, হোমৰ গোন্ধৰে অন্য এক মাত্ৰা প্ৰদান কৰে। ডবা,কাহ, শংখ,ঘণ্টাৰ ধ্বনিত মানুহৰ অন্তৰে অন্তৰে স্বৰ্গীয় পৱিত্ৰতা অনুভূত হয়।বৈকুণ্ঠধামত পৰিণত প্ৰতি পূজাৰ মণ্ডপে মণ্ডপে হিংসা, দ্বেষ,কপটতা সকলো পাহৰি ভক্তসকলে মা দুৰ্গাৰ চৰণত মূৰদোৱাই সৰ্বশক্তি বৰ্ধক,সৰ্ব ৰোগ নাশক , সৰ্ব শত্ৰু নাশক , সন্মান, বিদ্যা বুদ্ধি, ঐশ্বর্যবিভূতিৰ আশীৰ্বাদ বিচাৰে ।

সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থকা এই দুৰ্গোৎসৱ যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত । এই পক্ষটোক দেৱীপক্ষ বুলিও কোৱা হয় । পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াকে মহালয়া বুলিও জনা যায় পুৰ্ণিমাৰ দিনা লক্ষ্মী পূজা হিচাপে ধৰা হয় । দেৱীৰ আগমন আৰু গমণৰ ফলাফলৰ বৈশিষ্ট্পূৰ্ণ বিচাৰে মৰ্তলোকৰ শুভ অশুভ ফল বিশ্বাস কৰা হয়।