দক্ষতা
মুনিন্দ্ৰ বৈশ্য, ওদালগুৰি
হোটেল-ৰেস্তোৰাঁবিলাকত মানুহে ভিৰ কৰে প্ৰধানতঃ তাৰ খাদ্যবস্তুৰ উচ্চ মানদণ্ডৰ কাৰণে। কেতিয়াবা দেখা যে এখন সাধাৰণ হোটেলতো পৰ দি বাট নোপোৱা অৱস্থা হয় কেৱল তাত উপলব্ধ সুমিষ্ট খাদ্যসম্ভাৰৰ বাবে। এনে হোটেল-ৰেস্তোৰাত এসাজ খাই মানুহে পৰিতৃপ্তি লাভ কৰে। ফলত সেই নিৰ্দিষ্ট হোটেল বা ৰেস্তোৰাঁখনৰ নাম সকলোৰে মুখে মুখে ঘূৰি ফুৰে। লগতে চৰ্চা হয় হয় মালিকৰ নাম। বেছি সংখ্যক গ্ৰাহকৰে বিচাৰি হ’লেও মালিকজনৰ লগত চিনাকি হৈ ধন্যবাদ জনোৱাৰ কথা মনলৈ আহে, কিন্তু মনলৈ নাহে তাৰ ৰান্ধনীজনৰ কথা। যি খাদ্যসম্ভাৰৰ বাবে হোটেল বা ৰেস্তোৰাঁৰ নাম জনাজাত হৈ পৰে তাৰ নেপথ্যত থাকে ৰান্ধনীৰ অৱদান, কিন্তু নাম হয় মালিকৰ। অথচ মালিকে সুস্বাদু ব্যঞ্জন ৰান্ধিবই নাজানে। সুস্বাদু কিয়, হয়তো ফিকা চাহ একাপো পাগিব নাজানিব পাৰে। কিন্তু তেওঁৰ নামহে কেউপিনে ৰৈ বৈ যায়। যিগৰাকী দক্ষ ৰান্ধনীৰ ৰন্ধন প্ৰণালীয়ে তেওঁৰ হোটেল বা ৰেস্তোৰাঁখনক বিখ্যাত কৰি তুলিছে, তেৱেঁই কিন্তু মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰে। ফলত তেওঁ আজীৱন পৰ্দাৰ আঁৰতেই থাকি যায় এটা তেনেই সাধাৰণ শৈলীৰে জীৱন নিৰ্বাহ কৰি। বিপৰীতে দোপত দোপে উঠি যায় মালিকজন।
সেইদৰে স্কুল এখনৰ মানদণ্ড নিৰূপণ হয় শিক্ষাৰ্থীসকলে পৰীক্ষাত দেখুওৱা ফলাফলৰ ওপৰত। এটা অভাৱনীয় ফলাফল দেখুওৱাৰ লগে লগে শিক্ষানুষ্ঠানখনৰ চাহিদা ভাবিব নোৱৰা ধৰণে বৃদ্ধি পায়। শিক্ষানুষ্ঠানখন হৈ পৰে সমাজৰ মূল্যবান সম্পদ। শিক্ষাৰ্থীসকলে দেখুৱাওৱা ঈর্ষণীয় ফলাফলৰ আঁৰত থাকে প্ৰতিগৰাকী শিক্ষকৰ হাৰভঙা শ্ৰম আৰু ত্যাগ। অথচ সিংহভাগ কৃতিত্ব লাভ কৰে স্কুলখনৰ প্ৰধান শিক্ষক বা অধ্যক্ষই। ব্যক্তিগত শিক্ষানুষ্ঠান হ’লে সকলো কৃতিত্বই লাভ কৰে মালিকে। অথচ তেওঁ শিক্ষক নহ’বও পাৰে, বা শিক্ষক হ’লেও তেওঁ দক্ষ শিক্ষক নহ’বও পাৰে। তথাপিও তেওঁৰ নামেই কেউফালে ৰৈ বৈ যায়, টকাৰ সোঁতো বয় তেওঁক অনুসৰণ কৰিহে। কিয়? কাৰণ, এটা বিশেষ গুণৰ অধিকাৰী হ’লেই মানুহক দক্ষ বুলি অভিহিত কৰিব নোৱাৰি। তেওঁলোকহে প্ৰকৃততে দক্ষ যিয়ে আন হাজাৰজন দক্ষ লোকৰ পৰা দক্ষতা উলিয়াই আনি কাৰ্যক্ষেত্ৰত ৰূপায়ন কৰিব পাৰে।