অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত বক্তৃতা অনুষ্ঠান  সম্পন্ন

অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত বক্তৃতা অনুষ্ঠান  সম্পন্ন

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- অসম  ডন  বস্ক’  বিশ্ববিদ্যালয়ৰ টেপেচিয়াস্থিত চৌহদৰ লোক প্রশাসন (Public Administration) বিভাগৰ  উদ্যোগত শিক্ষাৰ্থীসকলৰ ভৱিষ্যৎ কেৰিয়াৰ উন্নতিৰ অৰ্থে এটা বক্তৃতা অনুষ্ঠান  ১২ ছেপ্টেম্বৰত অনুষ্ঠিত হয় । লোক প্রশাসন বিভাগৰ সহকাৰী অধ্যাপক ড° পংকজ কুমাৰ কলিতাৰ নেতৃত্বত অনুষ্ঠিত বক্তৃতা অনুষ্ঠানটোৰ সমল ব্যক্তি হিচাপে  বিশ্ববিদ্যালয়খনৰে আজাৰাস্থিত মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা বিশিষ্ট কেৰিয়াৰ বিশেষজ্ঞ  ড° বুলজিৎ  বুঢ়াগোহাঁয়ে অংশ গ্রহণ কৰে। ড° বুঢ়াগোহাঁয়ে ভাষণ ৰখাৰ উপৰিও শিক্ষাৰ্থীসকলৰ সৈতে অন্তৰংগ আলাপেৰে কেৰিয়াৰ সম্পৰ্কে তেওঁলোকৰ   বিভিন্ন প্রশ্নৰ যথোচিত উত্তৰ দিয়ে। দিনৰ ১১ বজাৰপৰা ১বজালৈ অনুষ্ঠিত দুঘণ্টীয়া অনুষ্ঠানটিয়ে শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ বিষয়ক উত্তৰণত বিশেষ পেলাব বুলি তেওঁলোকে মন্তব্য প্রদান কৰে।