আধুনিক যুগৰ অভিশাপ জলবায়ু পৰিবৰ্তন
বন্দিতা শৰ্মা কন্দলি
বিজ্ঞানৰ অগ্ৰগতিয়ে আধুনিক যুগৰ সূচনা কৰিলে। আধুনিক যুগত মানুহে আধুনিকতাৰ কবলত পৰি অত্যাধুনিকৰ ফালে গতি কৰিবলৈ ধৰিলে।যাৰ ফলত মানুহে প্ৰকৃতিৰ লগত নিজকে খাপ খুৱাই লোৱাতকৈ প্ৰকৃতিৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ ধৰিলে। প্ৰকৃতিৰ উপাদান সমূহ যেনে গছ- গছনি, জীৱ-জন্তু,চৰাই- চিৰিকতি,নদ-নদী , অৰণ্য আদি প্ৰত্যেকেই প্ৰত্যেকৰ ওপৰত নিৰ্ভৰশীল। প্ৰকৃতিয়ে এই উপাদানসমূহৰ লগত ভাৰসাম্য ৰক্ষা কৰি চলি আহিছে। কোনো কাৰকে যদি এই উপাদানসমূহৰ যেইকোনো এবিধৰ ওপৰত প্ৰভাৱ পেলাই তেন্তে গোটেই পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য বিনষ্ট হ’ব। প্ৰকৃতিৰ উপাদান সমূহৰ ওপৰত প্ৰভাৱ পেলাব পৰা সামৰ্থ্য কেৱল জীৱ শ্ৰেষ্ঠ মানুহৰ হে আছে।আন প্ৰাণীৰ এনে সামৰ্থ্য নাই। যান্ত্ৰিক যুগত মানুহে নিজৰ সুবিধাৰ্থে হওঁক বা ভোগ বিলাসৰ বাবেই হওঁক প্ৰকৃতিৰ সম্পদ সমূহৰ অপব্যৱহাৰ কৰিবলৈ ধৰিলে।
অন্ধ বিশ্বাসৰ বলি হৈয়ো মানুহে ধ্বংস কৰিবলৈ লৈছিল অনেক মূল্যবান গছ, মূল্যবান প্ৰাণী। উদ্যোগ স্থাপনৰ নামত হনন কৰিছিল অৰণ্য ৰাজি; সমান্তৰালকৈ কল- কাৰখানাৰ ধোঁৱাৰে প্ৰদূষিত কৰি আহিছে বায়ুমণ্ডল।তাৰ পৰা নিৰ্গত হোৱা জুলীয়া আৱৰ্জনাই পানী আৰু মাটিকো প্ৰদূষিত নকৰাকৈ থকা নাই। মানুহ জ্ঞানীহৈ মূৰ্খৰ দৰে কাম কৰি অৰ্থাৎ প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাই সমগ্ৰ মানৱ জাতিৰ বিপদ মাতি আনিছে। প্ৰকৃতিৰ উপাদান সমূহৰ ভাৰসাম্যতাৰ তাৰতম্যৰ বাবে সৃষ্টি হোৱা মহা বিপদ টোৱেই হৈছে জলবায়ু পৰিবৰ্তন।
জলবায়ুৰ অপ্ৰত্যাশিত আৰু অনাকাঙ্খিত পৰিবৰ্তন বৰ্তমান আমি প্ৰত্যক্ষ কৰিছোঁ। সেয়ে ২০২৪ চনৰ মে’ মাহতে অসমত বায়ুমণ্ডলৰ উষ্ণতা 40°-42° পৰ্যন্ত হোৱা দেখা গৈছিল। জলবায়ুৰ এনে পৰিবৰ্তন হঠাতে হোৱা নাই।৩০-৩৫ বছৰ ধৰি বায়ুমণ্ডলৰ অৱস্থাৰ সাল-সলনিয়ে জলবায়ুৰ পৰিৱৰ্তন বুজায়।আমি ১৯৮০ চনলৈ উভতি চালে দেখা পাম তেতিয়াৰ বায়ুমণ্ডলৰ যি উষ্ণতা আছিল বৰ্তমান পৃথিৱীৰ সেই গড় উষ্ণতা ৫ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পাইছে। এনেদৰে পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি পাই থাকিলে জীৱজগত বাচি থকাতো অসম্ভৱ হৈ পৰিব।অধিক উষ্ণতাৰ ফলত মেৰু অঞ্চলৰ বৰফৰ পৰিমাণ কমি আহিছে আৰু সমূদ্ৰ পৃষ্ঠৰ জলৰাশি উৰ্ধগামী হোৱা পৰিলক্ষিত হৈছে।এতিয়াৰ পৰা প্ৰায় ২৫-৩০ বছৰৰ আগৰ ধুমুহা বতাহ, বা-মাৰলী, ঘূৰ্ণি বতাহ আদি প্ৰাকৃতিক দুৰ্যোগ সমূহৰ শক্তি আৰু বিনস্তকাৰী ক্ষমতা তুলনামূলকভাৱে কম আছিল। এই সকলো জলবায়ু পৰিবৰ্তনৰ ফল।
জলবায়ু পৰিবৰ্তনৰ কাৰণ সমূহৰ ভিতৰত জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত হোৱা সেউজ গৃহ পৰিঘটনা, অৰণ্য ধ্বংস কৰা,বাট পথ বহলোৱাৰ নামত শ শ বছৰীয়া গছ কটা,প্লাষ্টিক পুৰিলে প্লাষ্টিকে বায়ুমণ্ডললৈ এৰি দিয়া বিষাক্ত ধোঁৱা ,১১ বছৰীয়া চক্ৰৰ চৌম্বকীয় সৌৰকলংক আদি।
শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা জীৱাশ্ম ইন্ধনবোৰ হৈছে মৃত উদ্ভিদ আৰু প্ৰাণীদেহৰ অৱশিষ্ট সমূহ শ শ বছৰ জুৰি জমা হৈ বায়ুমণ্ডলৰ তাপ চাপ আদিৰ প্ৰভাৱত স্বাভাৱিক ভাৱে সৃষ্টি হোৱা পদাৰ্থ।
জীৱাশ্ম ইন্ধন যেনে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদি দহনৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড, কাৰ্বন মন অক্সাইড ,মিথেইন, ক্লʼৰফ্লৰʼ কাৰ্বন,জলীয় বাষ্প, ছালফাৰ ডাই অক্সাইড,নাইট্ৰাচ অক্সাইড আদি বিয়পি পৰে। এই গেছ সমূহে সুৰ্যৰ পোহৰ তললৈ আহিবলৈ দিয়ে, কিন্তু পৃথিৱীৰ পৰা নিৰ্গত হোৱা বিকীৰণ ধৰি ৰাখি বায়ুৰ উত্তাপ বৃদ্ধি কৰি পৃথিৱীখন জীৱৰ বাসোপযোগী কৰি তুলিছে। অৰ্থাৎ পৃথিৱী পৃষ্ঠৰ পৰা সৌৰশক্তি উদ্ভিদৰ সালোক- সংশ্লেষণত ব্যৱহাৰ হয় আৰু বাকী অংশ অৱলোহিত ৰশ্মি ৰূপে মহাকাশলৈ ঘূৰি যায়। ঘূৰি যোৱা ৰশ্মিৰ কিছু অংশ সেউজ গৃহ গেছে শোষণ কৰি কেউদিশে বিয়পাই দিয়ে। এনেদৰেই সেউজ গৃহ গেছে এখন চন্দ্ৰতাপৰ দৰে তাপ খিনি আৱদ্ধ কৰি ৰাখি পৃথিৱী পৃষ্ঠক অতি শীতলৰ পৰা ৰক্ষা কৰি আহিছে।এই প্ৰক্ৰিয়াটোৱেই হৈছে সেউজ গৃহ পৰিঘটনা।বৰ্তমান জীৱাশ্ম ইন্ধনৰ দহন বৃদ্ধি পোৱাৰ লগে লগে সেউজ গৃহ গেছসমূহৰ পৰিমাণ বাঢ়ি গৈছে । ফলস্বৰূপে অধিক তাপ শোষণ কৰি বায়ুমণ্ডল উষ্ণ কৰি তুলিছে।এই পৰিঘটনাৰ বাবে জলবায়ুৰ পৰিবৰ্তন হৈছে। জলবায়ু পৰিবৰ্তনৰ ফলত বায়ুমণ্ডলৰ উষ্ণতা অস্বাভাৱিক ভাবে বৃদ্ধি পায় আৰু অস্বাভাৱিক ভাবে কমেও। তাৰোপৰি অতিবৃষ্টি, বানপানী, খৰাং আদিৰ দৰে অস্বাভাৱিক পৰিবৰ্তন দেখা যায়।
আকৌ বায়ুমণ্ডলত বিয়পি থকা ধোঁৱা -ছাইৰ কণিকা আৰু ধূলিবোৰে অধিক মেঘৰ সৃষ্টি কৰে যদিও বৰষুণ হোৱাত বাধা দিয়ে।গছ গছনি কটাৰ ফলত সৃষ্টি হোৱা অত্যধিক ধূলিয়েও মেঘ সৃষ্টিত বাধা দিয়ে।গছ গছনি কমি যোৱাৰ বাবে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ লগতে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাবলৈ ধৰিছে। ফলস্বৰূপে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে।
সৌৰ কলংকৰ সংখ্যা যিমানেই বেছি হয় সিমানেই বেছি হয় সূৰ্যৰ বিকিৰণ শক্তি। চৌম্বকীয় সৌৰকলংকৰ এঘাৰ বছৰীয়া চক্ৰৰ পৰ্যায় কালত পৃথিৱীয়ে সূৰ্যৰ পৰা অধিক উত্তাপ পায় বাবেও জলবায়ুৰ পৰিবৰ্তন ঘটে। উদাহৰণ স্বৰূপে ১৯৮০ চনত আৰম্ভ হোৱা চৌম্বকীয় সৌৰকলংকৰ এঘাৰ বছৰীয়া চক্ৰৰ পূৰ্ণ বিকাশ ঘটিছিল ১৯৯১ চনত। ১৯৮০ চনতকৈ ১৯৯১ চনত পৃথিৱীয়ে সূৰ্যৰ পৰা অধিক উত্তাপ পাই গোলকীয় উষ্ণতা বৃদ্ধিত সহায় কৰিছে। ক্ৰমে ১৯৯১ চনৰ পৰা ১১ বছৰীয়া চক্ৰৰ ২০০২ ৰ পাছত ২০১৩ আৰম্ভ হৈ ২০২৪ চনত ইয়াৰ পূৰ্ণ বিকাশ ঘটিছে। সেয়ে ২০২৪ চনত গৰমে আগৰ অভিলেখ ভংগ কৰাৰ দিশে গতি কৰিছে।
উন্নয়নৰ নামত চৰকাৰে চলোৱা নিৰ্মাণকাৰ্যৰ ফলত জধে মধে গছ গছনি ধ্বংস কৰা হৈছে।পথ বহলোৱাৰ নামত ,ফ্লাই অʼভাৰ নিৰ্মাণৰ নামত নিৰ্দয়ভাৱে কাটি পেলোৱা হৈছে হাজাৰ হাজাৰ গছ। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ তথ্য অনুসৰি অসমে হেৰুৱাইছে সৰ্বাধিক পৰিমাণৰ বনভূমি। দেশত বনাঞ্চল ধ্বংস হোৱা সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে লোৱা গোচৰৰ তথ্যত এই কথা জানিবলৈ দিয়ে।
মুঠৰ ওপৰত আমি আমাৰ পৰিৱেশ সম্পৰ্কে সচেতন নহ’লে মানুহ আৰু অন্য প্ৰাণী এই পৃথিৱীত জীয়াই থকা টান হৈ পৰিব। সেয়ে আমি আমাৰ ধৰিত্ৰীক সুস্থ সবল কৰি ৰাখিবলৈ হ’লে জীৱাশ্ম ইন্ধনৰ বিকল্প হিচাপে নৱীকৰণযোগ্য ইন্ধন আৰু নৱীকৰণযোগ্য শক্তি যেনে বায়ু শক্তি,জলশক্তি, সৌৰশক্তি আদিৰ ব্যৱহাৰৰ দিশে আগবাঢ়িব লাগিব। জলবায়ু পৰিবৰ্তনৰ ওপৰত লক্ষ্য ৰাখিয়েই নতুন দিল্লীত ২০২৩ চনৰ ৯-১০ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ১৮ সংখ্যক দলীয় সন্মিলনৰ অৰ্থাৎ G 20 ৰ লক্ষ্য হৈছে গোলকীয় পৰ্যায়ত নৱীকৰণযোগ্য শক্তি সামৰ্থ্য ২০৩০ চনৰ ভিতৰত বৰ্তমানৰ সামৰ্থ্যতকৈ তিনিগুণ বৃদ্ধি কৰা।২০২১ চনত নৱীকৰণযোগ্য শক্তিৰ উৎসবোৰৰ পৰা বিদ্যুৎ উৎপাদন ক্ষমতা গোলকীয় পৰ্যায়ত আছিল ৩০২৬ গিগাৱাট।২০৩০ চনৰ ভিতৰত এই শক্তি সামৰ্থ্য তিনিগুণ বৃদ্ধি কৰিব পৰাটো কিমান দূৰ সম্ভৱ সেই কথা সময়েহে ক’ব।২০২৩ চনৰ ৩০ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰ লৈকে ডুবাইত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিবৰ্তনৰ ২৮ সংখ্যক দলীয় সন্মিলনত জীৱাশ্ম ইন্ধনৰ বিকল্প হিচাপে নৱীকৰণযোগ্য ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত দুশখন ৰাষ্ট্ৰই একমত প্ৰকাশ কৰাটো শুভ লক্ষণ।যি কি নহওঁক জলবায়ু পৰিবৰ্তনৰ অশুভ পৰিণতিৰ পৰা ৰেহাই পাবলৈ হ’লে সৌৰশক্তি, জলশক্তি, বতাহ শক্তি, সমুদ্ৰৰ ঢৌৰ শক্তি আদি কামত খটুৱাৰ লগতে গছ গছনিক ভাল পাব লাগিব মৰম কৰিব লাগিব।গছ গছনি ৰোপন কৰি ধৰণীখন সেউজ কৰি ৰাখিবলৈ সংকল্পবদ্ধ হ’ব লাগিব।