ৰ’দৰ উত্তাপ – বিশ্বজিৎ বৈশ্য

ৰ’দৰ উত্তাপ

বিশ্বজিৎ বৈশ্য
শুৱালকুছি, বংশৰ

সাধাৰণতে আমি প্ৰসৰ ৰ’দ দেখিলে বাহিৰলৈ যাবলৈ থমকি ৰব লগা হয়। কিন্তু প্ৰসৰ ৰ’দকো নেওচি দৈনন্দিন জীনৱত আমাৰ কাম-কাজবোৰ সমানে চলি থাকে। কোনোবাই যদি গছৰ তলত কোনোবাই আকৌ শীত তাপ নিয়ন্ত্রিত কোঠাত। ৰ’দৰ প্ৰকোপ বৃদ্ধি হলে আমি আমাৰ নিজৰ শৰীৰটো চেচা কৰিবলৈ যত্ন কৰো। শীতল পানীয়ৰ দ্বাৰা হওক লাগিলে,অন্য চেচা জাতীয় বস্তু আমি সততে খোৱাৰ বাবে চেষ্টা কৰো।পুৱা বেঁলি ওলোৱাৰ পৰা মাৰ যোৱালৈ ৰ’দৰ যি প্ৰকোপ তাৰ সমান্তৰাল ভাৱে কিন্তু বৰষুণৰো প্ৰভাৱ দেখা যায়। গতিকে এই যি প্ৰকৃতিৰ নিয়ম তাক আমি কেতিয়াও নস্যাৎ কৰিব নোৱাৰো। ঠাণ্ডাৰ দিনত ৰ’দ দেখিলে আমি আগুৱাই যাও আৰু গৰমৰ দিনত পিছুৱাই আহো। ঠাণ্ডাৰ দিনবোৰত কাচিয়লি ৰ’দে আমাক শৰীৰৰ উত্তাপ বৃদ্ধি কৰাত সহায় কৰে। গৰমৰ দিনবোৰত কিন্তু ই পৃথক। ৰ’দৰ উত্তাপৰ মাজতে জন্তুু বিলাকেও নদী বা পুখুৰীত গৈ জলকেলি কৰা দেখা যায়। সিহতবোৰো অসহ্য হৈ পৰি এটা সময়ত পানীতে শুই পৰে। আচলতে সকলোৱে নিজ নিজ স্থানত গৈ নিজৰ যি দায়িত্ব পালন কৰা দেখা যায়।