গুৱাহাটী প্ৰেছ ক্লাবত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন

গুৱাহাটী প্ৰেছ ক্লাবত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা-  ৮ ছেপ্টেম্বৰত বিশ্ব ভৌতিক চিকিৎসা (ফিজিঅ’থেৰাপী) দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী প্ৰেছ ক্লাবত দিনৰ ১০:৩০ বজাৰ পৰা ১ বজালৈ কোৰাছ প্ৰতীক্ষা হস্পিটেল আৰু প্ৰতীক্ষা ইনষ্টিটিউট অব্‌ এলাইড হেল্‌থ ছায়েন্সৰ উদ্যোগত ৭ ছেপ্টেম্বৰত এটা বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে৷ উক্ত শিবিৰত কোৰাছ প্ৰতীক্ষা হস্পিটেলৰ অস্থিৰোগ (Orthopedic), ভেষজ ( Medicine) আৰু বিষ নিৰাময়ৰ চিকিৎসকৰ নেতৃত্বত এটা চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ দলে সেৱা আগবঢ়াব৷ উক্ত শিবিৰত সকলো সংবাদ কৰ্মীৰ উপস্থিতি কামনা কৰিছে ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সম্পাদক সঞ্জয় ৰায়ে৷