শিলবোৰ কোমল হৈ পৰিছে
শিলবোৰ আগৰ দৰে নাই
কঠোৰতা ত্যাগ কৰিছে ,
ক্ৰমান্বয়ে হৃদয় পাতল কৰিছে
হাঁহি মুখে নতশিৰে
জগতৰ নিয়মক আঁকোৱালি লৈছে,
শিলবোৰ কোমল হৈ পৰিছে!!
এসময়ত কঠোৰতাত এক মায়া আছিল
শিলক শিল্প কৰাৰ দৃঢ় কৰ্তব্য আছিল
নুমাই যোৱা জুইকুৰা জ্বলাই তোলাৰ
গভীৰ দায়িত্ববোধ আছিল ,
সেয়ে কয়লাও বিনাদ্বিধাই গলিছিল …
আজি শিলবোৰ কোমল হৈ পৰিছে !!
ধোঁৱাবোৰ কিন্তু প্ৰদূষণমুক্ত আছিল
চৌদিশে উজ্জ্বল, সৌৰভ বিলোৱাৰ উলাহত
বিষাক্ত গেছৰ উপদ্ৰৱত সংমিশ্ৰিত হোৱা নাছিল
কিন্তু বর্তমান আতংকৰ বোমাই কলংকিত কৰিলে
সেই স্নিগ্ধ পৰিৱেশক …..
আজি শিলবোৰ কোমল হৈ পৰিছে !!
সাম্প্ৰতিক কোমল শিলত শেলাই গজিছে
লগতে ৰঘুমলায়ো আগুৰি ধৰাৰ উপক্ৰম হৈছে
এন্ধাৰবোৰ ঘন হৈ আহিছে
পোহৰবোৰ সংকুচিত হ’বলৈ ধৰিছে
উৰ্বৰতা শক্তি হ্ৰাস হৈছে…..
আজি শিলবোৰ কোমল হৈ পৰিছে….!!
সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ