অৱশেষত আৰক্ষীয়ে আটক কৰিলে বিশাল ফুকনক
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিলে বিশাল ফুকনক। ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত ডিব্ৰুগড়ৰ যুৱক বিশাল ফুকনে কেইবাশ কোটি টকা সংগ্ৰহৰ অভিযোগ আছে।ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ পৰা ধনকুবেৰ বিশাল ফুকনক আটক কৰে ডিব্ৰুগড় আৰক্ষীয়ে । বহু সময় ডিব্ৰুগড়ৰ সদৰ আৰক্ষী দলে প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ ৫০৩ নম্বৰ ফ্লেটত ভিতৰতে জেৰা চলাইছিল বিশালক । ইয়াৰ পাছতে ডিব্ৰুগড়ৰ সদৰ থানালৈ লৈ যায় অভিযুক্ত বিশাল ফুকনক । অভিযোগ অনুসৰি বিশালে বহু লোকৰ পৰা নটাৰীযোগে বৃহৎ পুঁজি ইতিমধ্যেই সংগ্ৰহ কৰি ৰিয়েল ইষ্টেটত বিনিয়োগ কৰাৰো অভিযোগ উঠিছে। অভিযোগ মতে ডিব্ৰুগড়ৰ বহু ব্যৱসায়ীয়ে ইতিমধ্যে বিশালক কোটিৰ অধিক টকা আদায় দিছে। আনকি গুৰুতৰ অভিযোগ মতে বিশালে এমাহত ১ লাখ টকাক দুই লাখ কৰাৰ প্রতিশ্রুতি দি বিনিযোগকাৰীৰ পৰা টকা লয়। বর্তমানলৈকে অৱশ্যে কোনেও বিশালৰ বিৰুদ্ধে পোনপটীয়াকৈ অভিযোগ দিবলৈ আগবাঢ়ি অহা নাই। আনহাতে, ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টত থকা বিশালৰ ৫০৩নং ফ্লেটত সোমবাৰে পুৱা ১০.৩০ বজাৰ পৰা নিশা ১১.৩০ বজালৈ তালাচী চলায় আৰক্ষীয়ে। এই তালাচীত আৰক্ষীয়ে বহু সামগ্ৰী জব্দ কৰা বুলি ধাৰণা কৰা হৈছে। অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই। বিশালক গ্ৰেপ্তাৰৰ পিছতে স্বাস্থ্য পৰীক্ষা কৰোৱায় আৰক্ষীয়ে। আজি বিশাল ফুকনক আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে।