দেশৰ শিক্ষা খণ্ডৰ ভৱিষ্যত কোন দিশে ? – দেবর্ষি গৌতম

Pc Educase.io

দেশৰ শিক্ষা খণ্ডৰ ভৱিষ্যত কোন দিশে ?

দেবর্ষি গৌতম, বনগাঁও

শিক্ষা মানুহৰ জীৱনৰ এনেকুৱা এক মূল্যবান সম্পদ যি সম্পদ কোনেও কেতিয়াও আজুৰি লৈ যাব নোৱাৰে। শিক্ষাই হয়তো মানুহৰ জীৱনৰ এনে এক সম্পদ যি মানুহৰ জীৱনত সকলো হেৰাই গলেও মৃত্যুৰ আগমুহূৰ্তলৈকে থাকি যায়। কেৱল মাত্ৰ শিক্ষাইহে মানুহক সফলতাৰ শিখৰলৈ আৰোহণ কৰাত মুখ্য ভূমিকা পালন কৰে। সেয়া লাগিলে আনুষ্ঠানিক পাঠ্যপুথিৰ শিক্ষাই হওক অথবা জীৱনৰ অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষাই হওক। প্ৰতিটো শিক্ষাই মানুহক জীৱনত আগবাঢ়ি যোৱাত এক বিশেষ ভূমিকা পালন কৰে। কিন্তু মানুহে জীৱনত লাভ কৰা শিক্ষা সমূহ নিজৰ জীৱনত কিমান প্ৰয়োজনীয় সেয়া হয়তো আমি অনুভৱ নকৰোঁ। যিদৰে মানুহৰ জীৱনত অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষা, নীতি শিক্ষা আদি অতিকৈ প্ৰয়োজন ঠিক একেদৰে কিন্তু আমি জীৱনত সফল হবলৈ আনুষ্ঠানিক পাঠ্যপুথিৰ শিক্ষা আহৰণ কৰাটোও অতিকৈ জৰুৰী। দেশৰ যি শিশু আৰু যুৱ প্ৰজন্ম আছে সেইসকলে উন্নত আৰু প্ৰয়োজনীয় শিক্ষা লাভ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। দেশৰ শিশু আৰু যুৱ প্ৰজন্ম কিমান শিক্ষিত হব সেয়া নিৰ্ধাৰণ কৰিব দেশৰ শিক্ষা ব্যৱস্থাৰ ওপৰত। যদি এখন দেশৰ শিক্ষা ব্যৱস্থাত কেৰোণ থাকে তেনেহলে তেনে শিক্ষা ব্যৱস্থাই যুৱ প্ৰজন্মৰ মাজত লুকাই থকা প্ৰকৃত মেধাক চিনাক্ত কৰিবলৈ সক্ষম নহব। এক নিকা আৰু উন্নত শিক্ষা ব্যৱস্থাৰ জৰিয়তহে প্ৰকৃত মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰী সকলৰ সন্ধান লাভ কৰাতো সম্ভৱ। প্ৰকৃত মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে উচিত মৰ্যাদা লাভ নকৰিলে কেতিয়াও এখন দেশৰ শিক্ষা ব্যৱস্থাৰ উন্নতি হব নোৱাৰে। মেধাৰ ভিত্তিত অনুষ্ঠিত হোৱা দেশৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা থকাৰ উপৰিও সকলো ৰাজ্যতে বিশ্ববিদ্যালয়সমূহৰ অধীনত বিভিন্ন পৰীক্ষা অনুষ্ঠিত হয়। এনে পৰীক্ষা সমূহত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ মেধাৰ ওপৰত যেতিয়াই প্ৰশ্ন চিহ্নৰ উদয় হয় তেতিয়াই কিন্তু দেশ আৰু সেই নিৰ্দিষ্ট ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ ওপৰত এক বৃহৎ প্ৰশ্ন চিহ্নৰ উদয় হয়। কেতিয়াবা যদি সৰ্বভাৰতীয় পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপিত হয় কেতিয়াবা আকৌ কোনো ৰাজ্যৰ বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা পৰীক্ষাত ছাত্ৰ-ছাত্রীৰ নম্বৰ প্ৰদানত বিসংগতিৰ অভিযোগ উত্থাপিত হয়। এনেবোৰ বিষয়ে লাহে লাহে দেশ তথা ৰাজ্যিক পৰ্য্যায়ৰ অতি গুৰুত্বপূৰ্ণ পৰীক্ষা সমূহৰ বিশ্বাসযোগ্যতা হ্ৰাস কৰা পৰিলক্ষিত হৈছে। যাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলে নিজৰ মেধাৰ ভিত্তিত পৰীক্ষাত অৱতীৰ্ণ হলেও মনত কিছু সন্দেহ থাকি যায়। এনেবোৰ অভিযোগ আৰু বিসংগতি যদি দেশ তথা ৰাজ্য সমূহে দূৰ কৰিবলৈ সক্ষম নহয় তেনেহলে সমগ্ৰ শিক্ষা বিভাগ ভৱিষ্যতৰ দিনত এক ঘোৰ অন্ধকাৰ দিশে গতি কৰিব। শিক্ষা খণ্ডৰ ভৱিষ্যত অনিশ্চয়তাৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে দেশৰ শিক্ষাৰ্থী সকলৰ ভৱিষ্যত নিশ্চিতভাৱে ধ্বংসৰ মুখলৈ আগবাঢ়ি যাব। শিক্ষাই দেশৰ ব্যক্তি নিৰ্মান আৰু ব্যক্তিৰ ব্যক্তিত্ব নিৰ্মাণ কৰে। দেশৰ নাগৰিক সকল এগৰাকী যোগ্য ব্যক্তি আৰু তেওঁলোকৰ ব্যক্তিত্ব যোগ্য হলেহে এখন দেশ আগবাঢ়ি যোৱাটো সম্ভৱ হৈ উঠে। কিন্তু তেনে ক্ষেত্ৰত যদি ব্যক্তি নিৰ্মাণৰ প্ৰক্ৰিয়াটোৱে ভুল দিশত আগবাঢ়ে তেনেহলে তেনে এখন দেশ আগবাঢ়ি যোৱাত যথেষ্ট বাধাৰ সৃষ্টি হোৱাটো নিশ্চিত। শিক্ষাৰ দৰে এটা অতি গুৰুত্বপূৰ্ণ খণ্ডক যদি ভুল পথেৰে পৰিচালিত কৰা হয় তেনেহলে সেয়া এখন দেশৰ বাবে অতি দুৰ্ভাগ্যজনক। যিকোনো এখন দেশত যেতিয়াই শিক্ষা আৰু শিক্ষিত লোকৰ হাৰ বৃদ্ধি হব তেতিয়াহে সেই দেশখন আগবাঢ়ি যোৱাত সক্ষম হব। প্ৰকৃত মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰী সকলক বঞ্চিত কৰি যদি বক্র পথেৰে কম যোগ্যতাসম্পন্ন ছাত্ৰ-ছাত্ৰী সকলক মেধা সম্পন্ন সজোৱা হয় তেনেহলে সেয়া এখন দেশৰ শিক্ষাখণ্ডৰ বাবে অতি দুৰ্ভাগ্যজনক দিশ। দেশৰ তথা প্ৰতিখন ৰাজ্যৰ শিক্ষা ব্যৱস্থাক পৰিচালনা কৰিবলৈ নিকা আৰু দায়িত্বশীল কিছু ব্যক্তিক দায়িত্ব অৰ্পণ কৰাতো আজিৰ অতিকৈ জৰুৰী হিচাপে চিহ্নিত হৈছে। শিক্ষা খণ্ডত সংস্কাৰ সাধন কৰিবলৈ হলে কিছুমান কঠিন সিদ্ধান্ত লোৱাটো এতিয়া বাঞ্চনীয় যেন হৈ পৰিছে। অন্যথা শিক্ষা খণ্ডক পুনৰ এবাৰ শক্তিশালী ৰূপত উজ্জীৱিত কৰাটো অসম্ভৱ হৈ পৰিব। এনেদৰে অযোগ্য ছাত্ৰ-ছাত্ৰীক মেধাসম্পন্ন সজোৱা কৰ্মই এখন দেশৰ শিক্ষাখণ্ডক শ্মশান যাত্ৰাৰ দিছে আগবঢ়াই লৈ যোৱাৰ বাট প্ৰশস্ত কৰিব।