গড়মূৰ বংশীগোপাল নাট্য মন্দিৰৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

গড়মূৰ বংশীগোপাল নাট্য মন্দিৰৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন : চিত্ৰাংকন, দোহাৰ প্ৰতিযোগিতা সম্পন্ন : ‘দ্ৰোণপৰ্ব, অভিমণ্যু বধ’ নাট পৰিবেশন 
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলীৰ প্ৰসিদ্ধ গড়মূৰ সত্ৰৰ সমাজ সংস্কাৰক, স্বাধীনতা সংগ্ৰামী সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামীয়ে ১৯২০ চনতে প্ৰতিষ্ঠা কৰা ইতিহাস বিজড়িত গড়মূৰ বংশীগোপাল নাট্য মন্দিৰৰ আজি ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ মাজুলীৰ প্ৰথম ৰংগমঞ্চ, অসমৰ বহুল সমাদৃত ‘শ্ৰীশ্ৰী কৃষ্ণলীলা’ ৰ আৰম্ভ কৰাৰ লগতে মঞ্চত মহিলাৰ সহ অভিনয়, ১৯৬৮ চনত গণশিল্পী ড° ভূপেন হাজৰিকাক বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাই ‘সুধাকন্ঠ’ উপাধি প্ৰদান কৰা, প্ৰতিষ্ঠা কালত অসমৰ বিভিন্ন প্ৰান্তত বঙালী যাত্ৰা দল সমূহৰ থিয়েটাৰৰ প্ৰতি ৰাইজৰ আগ্ৰহ আদিৰ বাবে এই মঞ্চৰ পৰাই সমাজ সংস্কাৰক সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামীয়ে নাট্য আন্দোলনৰ সূচনা কৰিছিল ৷ প্ৰসিদ্ধ এই নাট্য মন্দিৰৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পূৱা পৰিবেশ নিকাকৰণেৰে শুভাৰম্ভ হয় ৷ গছপুলি ৰোপণ কৰে নাট্য মন্দিৰৰ প্ৰাক্তন সভাপতি তৰুণ বৰাই। পুৱা ৯ বজাত নাট্য মন্দিৰৰ পতাকা উত্তোলন কৰে নাট্য মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰূপক ভূঞাই ৷ প্ৰতিস্থাপক সত্ৰাধিকাৰ গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত ধুপ, বন্তি প্ৰজ্বলন কৰি স্মৃতিতৰ্পণ কাৰ্যসূচীৰ আৰম্ভ কৰে গড়মূৰ সত্ৰৰ বৰনামলগোৱা তথা শিল্পী পেঞ্চনাৰ জীৱন চন্দ্ৰ ভূঞাই ৷ মাজুলী ভিত্তিত দুটা শাখাত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতা উদ্ধোধন কৰে আদৰ্শ বৰবাৰী গাঁৱৰ নামলগোৱা হেম ভূঞাই ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মাজুলী ভিত্তিত দোহাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ দিপু বৰাৰ পৰিচালনাত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ ‘ক’শাখাত প্ৰথম- প্ৰিয়া দত্ত, দ্বিতীয়-যুটীয়া ভাৱে সোণমণি পায়েং আৰু টিংকু পায়েং, তৃতীয়-মৃগাংক ফুকন আৰু উদ্‌গনি বঁটা ক্ৰমে সংস্কাৰ গাম আৰু প্ৰাপ্তি প্ৰিয়ম দত্ত, নিচুকনি বঁটা দৰিণাদৰ্শী গৌতম ৷ ‘খ’ শাখাত প্ৰথম-ৰিয়ান হাজৰিকা, দ্বিতীয়-আস্থা বৰা, তৃতীয়-লক্ষ্যজিৎ শইকীয়া আৰু মধুমিতা হাজৰিকা, উদ্‌গনি বঁটা দিপাংকৰ বেজ আৰু জ্যোতিস্মান শইকীয়া ৷
যোগেন দত্ত বায়নে, ভবেন বায়নে পৰিচালনা কৰা দোহাৰ প্ৰতিযোগিতাত প্ৰথম – মধ্য মাজুলী সত্ৰীয়া সংগীত মহাবিদ্যালয়, দ্বিতীয়-সুৰদেউল একাডেমি (খ), তৃতীয়-শংকৰ-মাধৱ শিল্পী সমাজ-মুদৈগাওঁ ৷ বিচাৰকৰ বিশেষ বঁটা- আদৰ্শ বৰবাৰী গাওঁ শিল্পী সমাজ আৰু উদ্‌গনিমূলক বঁটা সুৰদেউল একাডেমি-(ক) আৰু মূৰাৰী সাংস্কৃতিক গোষ্ঠী-ফুলনি ৷ প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত সকলক ৰাতি নাট প্ৰদৰ্শনৰ পূৰ্ৱে মানপত্ৰ, ট্ৰফী, অভিনন্দন পত্ৰ আনুষ্ঠানিক ভাৱে প্ৰদান কৰে ৷ অনুষ্ঠানত কেইবাটাও মহিলা দলৰ দিহানাম প্ৰদৰ্শন কৰে ৷ সন্ধ্যা পীতাম্বৰদেৱ যুৱক কল্যাণ সংঘৰ সদস্য সকলে নাট্য মন্দিৰৰ প্ৰাংগনত ১০৫ গছ বন্তি প্ৰজ্বলন কৰে ৷ ৰাতি ৮-৩০ বজাত গড়মূৰ সত্ৰৰ যুৱতী সমাজে ‘দ্ৰোণপৰ্ব, অভিমণ্যু বধ’ নাট উদ্ধোধন কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই ৷ ইতিহাস প্ৰসিদ্ধ নাট্য মন্দিৰৰ প্ৰতিষ্ঠাকালৰ প্ৰৱাদপুৰুষ সত্ৰাধিকাৰ গৰাকীৰ লগতে কৰ্মকৰ্তা সকলক স্মৰণ কৰি পৰম্পৰা ৰক্ষা কৰি যুৱতী সকলে ধৰ্মীয় নাট পৰিবেশন কৰাত সন্তোষ প্ৰকাশ কৰে ৷ সুন্দৰ অভিনয়েৰে যুৱতী সকলে উপস্থিত দৰ্শকক আমোদ দিবলৈ সক্ষম হয় ৷