ধিঙত আপৰ প্ৰতিবাদী কাৰ্যসূচী

ধিঙত আপৰ প্ৰতিবাদী কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁৱৰ ধিঙত সংঘটিত কিশোৰী বলাৎকাৰীক চৰম শাস্তিৰ দাবী আম আদমী পাৰ্টিৰ।  ধিঙত বিভিন্ন দল সংগঠনৰ লগতে আম আদমী পাৰ্টিৰ কৰ্মকৰ্তা সকলেও সাব্যস্ত কৰে প্ৰতিবাদ। আপৰ ৰাজ্যিক মহিলা শক্তিৰ আহ্বায়ক চুমি বৰাৰ নেতৃত্বত দলৰ কৰ্মী সকলে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কোনোপধ্যেই যাতে দোষীয়ে সাৰি যাব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ চুমি বৰাই প্ৰশাসনক আহ্বান জনায়। এগৰাকী হাইস্কুলীয়া ছাত্ৰীয়ে টিউচনৰ পৰা উভতি অহাৰ সময়তে দলবদ্ধ বলাৎকাৰৰ বলি হোৱাৰ পিচত উত্তাল হৈ আছে ধিঙৰ পৰিবেশ। ইপিনে, বলাৎকাৰৰ ঘটনাত জড়িত নৰপিশাচৰ কঠোৰ শাস্তি বিচাৰিছে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে । ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ক্ষিপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি দোষীক কঠোৰতম শাস্তি দিবলৈ দাবী জনায় আপৰ ৰাজ্যিক সভাপতি ডাঃ চৌধুৰীয়ে। দুৰ্বৃত্তৰ কামনাৰ বলি হৈ বৰ্তমান নগাঁও মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা ছাত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ডাঃ ভবেন চৌধুৰীয়ে।