ক্রিকেটাৰ পৰা অৱসৰ ঘোষণা শিখৰ ধাৱনৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্রাক্তন ভাৰতীয় ক্রিকেটাৰ শিখৰ ধাৱনে ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। শনিবাৰে তেওঁ নিজৰ সামাজিক মাধ্যমত এক ভিডিঅ’ প্রকাশ কৰি অৱসৰৰ কথা ঘোষণা কৰে।ভিডিঅ’ টোত গব্বৰে তেওঁৰ সমগ্ৰ কেৰিয়াৰত মৰম আৰু সমর্থন আগবঢ়োৱাৰ বাবে অনুৰাগীসকলক ধন্যবাদ জনায়। শিখৰ ধাৱনে ভিডিঅ’টোত ঘোষণা কৰিছে- ‘মোৰ একমাত্ৰ সপোন আছিল ভাৰতৰ হৈ খেলা আৰু মই সেইটো লাভ কৰিছোঁ। মোৰ যাত্ৰাত অৱদান আগবঢ়াই অহা সকলো ব্যক্তিৰ প্ৰতি মই কৃতজ্ঞ। প্ৰথমতে মোৰ পৰিয়ালক কৃতজ্ঞতা জনাইছোঁ। মোৰ শৈশৱৰ প্ৰশিক্ষক প্রয়াত তাৰক সিনহা আৰু মদন শৰ্মাৰ নিৰ্দেশনাত মই এই খেলৰ মৌলিক বিষয়বোৰ শিকিছিলোঁ। মই মোৰ দলটোকো ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁলোকৰ সৈতে মই ইমান দিন ধৰি ক্ৰিকেট খেলিছোঁ। দলটোৰ জৰিয়তে মই আন এটা পৰিয়াল পাইছিলোঁ। মই যশস্যা, খ্যাতি আৰু সকলো অনুৰাগীৰ পৰা মৰম পাইছিলোঁ। এটা প্রবাদ আছে যে আপুনি গোটেই কাহিনী এটা পঢ়িবলৈ হ’লে পৃষ্ঠাবোৰ লুটিয়াব লাগিব। মই সেইটোৱেই কৰিম। মই আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছোঁ।’শিখৰ ধাৱনে লগতে কয়- ‘যিহেতু মই মোৰ কেৰিয়াৰক বিদায় জনাবলৈ আগবাঢ়িছোঁ, সেয়ে মই শান্ত। কাৰণ মই দেশৰ হৈ যথেষ্ট খেলিছোঁ। মোক এই সুযোগ দিয়াৰ বাবে মই বিচিচিআই আৰু ডিডিচিত্ৰৰ ওচৰত কৃতজ্ঞ। মই অনুৰাগীসকলৰ প্ৰতিও কৃতজ্ঞ, যিসকলে মোক ইমান বছৰ ধৰি ইমান মৰম দিছে।’ উল্লেখ্য যে ধাৱনে অন্তিমবাৰৰ বাবে ২০২২ চনৰ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল। ২০১০ চনৰ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰৱেশ কৰা সত্ত্বেও শিখৰ ধাৱনে বিশ্বত নিজৰ বেটিং দক্ষতা প্রদর্শন কৰিবলৈ ২০১৩ চনলৈ অপেক্ষা কৰিব লগা হৈছিল। মার্চ মাহত ম’হালিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁৰ উজ্জ্বল টেষ্ট অভিষেকত তেওঁ ১৭৪টা বলত ১৮৭ ৰানৰ এটা দর্শনীয় ইনিংছ উপহাৰ দিছিল। তেওঁ এই ইনিংছটোৰে এগৰাকী বেটছমেন হিচাপে টেষ্ট অভিষেকত দ্রুততম শতকৰ অভিলেখ গঢ়িছিল। ধাৱনৰ এই অভিলেখত উপনীত হোৱাটো যিকোনো খেলুৱৈৰ বাবে প্রায় অসম্ভব। আনহাতে, ৰোহিত শৰ্মাৰ সৈতে ধাৱনৰ অবিস্মৰণীয় অ’পেনিং যুটি চেম্পিয়নছ ট্ৰফীৰ সময়ত আৰম্ভ হৈছিল। তেওঁ এই টুর্নামেন্টত সর্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে আত্মপ্রকাশ কৰে আৰু গ’ল্ডেন বেট লাভ কৰাৰ লগতে ‘প্লেয়াৰ অৱ দ্য টুনামেন্ট’ হিচাপে মনোনীত হয়। বাঁওহতীয়া অ’পেনাৰগৰাকীয়ে দেশৰ হৈ ৩৪খন টেষ্ট খেলি ৭টা শতকেৰে ২,৩১৫ ৰান কৰাৰ লগতে ১৬৭খন এদিনীয়াত ১৭টা শতকেৰে ৬,৭৯৩ ৰান কৰে। ইফালে, ৬৮খন টি-২০ মেচত ১,৭৫৯ ৰান সংগ্ৰহ কৰে ধাৱনে। কেইবাখনো এদিনীয়া মেচত ভাৰতীয় দলটোক নেতৃত্ব দিয়া গব্বৰে আইপিএলত দিল্লী ডেয়াৰডেভিলছ (২০০৮), মুম্বাই ইন্ডিয়ানছ (২০০৯-২০১০), ডেক্কান চার্জাৰ্ছ (২০১১- ২০১২), ছানৰাইজাৰ্ছ হায়দৰাবাদ (২০১৩-২০১৮) দিল্লী কেপিটেলছ (২০১৯-২০২১) আৰু পঞ্জাব কিংছ (২০২২-২০২৪)ৰ হৈ খেলিছিল।