বাংলাদেশত হোৱা ৰাজনৈতিক অস্থিৰতাৰ পাছত কোনো হিন্দু বাংলাদেশী অসমত সোমোৱাৰ চেষ্টা কৰা নাইঃ মুখ্যমন্ত্ৰী

বাংলাদেশত হোৱা ৰাজনৈতিক অস্থিৰতাৰ পাছত কোনো হিন্দু বাংলাদেশী অসমত সোমোৱাৰ চেষ্টা কৰা নাইঃ মুখ্যমন্ত্ৰী 

ৰঙিলী বাৰ্ত্তাসেৱা- শিলচৰত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাই কয় যে বাংলাদেশত হিন্দুসকলে যুঁজ কৰি আছে আৰু তেওঁলোক বাংলাদেশতে আছে। বাংলাদেশক তেওঁলোকে মাতৃভূমি বুলি ভাবে। সেয়ে যুঁজ কৰি হ’লেও বাংলাদেশতে আছে। ভাৰতলৈ আহিব বিচৰা হ’লে তেওঁলোকে বাংলাদেশ বিভাজনৰ সময়তে আহিলহেঁতেন। যোৱা এটা মাহত বাংলাদেশৰ পৰা এজনো হিন্দু মানুহ অসমলৈ অহা নাই। আমি এজনো হিন্দু মানুহ অসমলৈ অহা বুলি চিনাক্ত কৰিব পৰা নাই। কিন্তু এই সময়ছোৱাত ৩৫জন মুছলমান অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিছোঁ। কালি ৰাতিও কৰিমগঞ্জত দুজন মুছলমান বাংলাদেশী ধৰিছোঁ আৰু খেদি পঠাইছোঁ। কিন্তু আমি অসমৰ সকলো ঠাইতে সদায় হিন্দু বাংলাদেশীসকলেহে অহা বুলি সন্দেহ কৰি থাকোঁ। বাংলাদেশত থকা হিন্দুসকলে ভাৰতৰ প্ৰধানমন্ত্ৰীক অনুৰোধ কৰি আছে যাতে তেওঁলোকে বাংলাদেশত সুৰক্ষিত হৈ থাকিব পাৰে, তাৰ বাবে আমাৰ প্ৰধানমন্ত্ৰীয়ে বাংলাদেশক হেঁচা দিয়ে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে বাংলাদেশত বস্ত্র উদ্যোগ বন্ধ হৈ যোৱাৰ ফলত মুছলমান শ্রমিকসকলে এতিয়া বেংগালুৰু আৰু তামিলনাডুলৈ যোৱাৰ চেষ্টা কৰি আছে। অসমক তেওঁলোকে কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰে। ইপিনে ‘কা’ৰ প্ৰসংগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এই আন্দোলনৰ সময়ত আছুকে ধৰি একাংশই আইনখন বলৱৎ হ’লেই অসমলৈ ২০-৩০ লাখ হিন্দু বাংলাদেশী আহিব বুলি কৈছিল। কিন্তু এতিয়ালৈ মাত্র ৬গৰাকী হিন্দু বাংলাদেশীহে ‘কা’ৰ অধীনত নাগৰিকত্ব বিচাৰি আবেদন কৰিছে আৰু এজনে নাগৰিকত্ব পাইছে। সেয়া ‘কা’ৰ বিৰুদ্ধে ষড়যন্ত্ৰ আছিল। সেই সময়ত ৰাজ্যখনত এনেধৰণৰ বাতাৱৰণ সৃষ্টি কৰা হৈছিল, যাৰ বাবে ৫ গৰাকী ব্যক্তিয়ে জীৱনদানো দিবলগা হৈছিল। ভুৱা প্ৰৰোচনাৰ বাবেই ৫গৰাকী লোকে অনাহকতে মৃত্যুবৰণ কৰিবলগীয়া হ’ল। বাংলাদেশত ইমান ডাঙৰ ঘটনা হোৱাৰ পাছতো এজনো হিন্দু বাংলাদেশী অসমত প্রৱেশ নকৰাটোৱেই সেই সময়ৰ প্ৰচাৰ যে ভুৱা আছিল সেয়া ওলাই পৰিছে।