ধৰ্মৰ ভিত্তিত সাংবাদিকক অপদস্থ কৰাত অসম মহিলা সাংবাদিক মঞ্চৰ উদ্বেগ প্ৰকাশ

ধৰ্মৰ ভিত্তিত সাংবাদিকক অপদস্থ কৰাত অসম মহিলা সাংবাদিক মঞ্চৰ উদ্বেগ প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- সংবাদ প্ৰতিষ্ঠানৰ হৈ দায়িত্ব সম্পাদনৰ সময়ত বহু নেতা-কৰ্মীয়ে সাংবাদিক আৰু সংবাদ কৰ্মীক অপদস্থ কৰাৰ ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে। শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে ২১ আগষ্টত এগৰাকী সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ সাংবাদিকগৰাকীৰ ধৰ্মক কেন্দ্ৰ কৰি তেওঁক ৰাজহুৱাভাবে তাচ্চিল্য কৰা পৰিলক্ষিত হয়। কৰ্তব্য সম্পাদনৰ সময়ত সন্মুখীন হোৱা এনে ধৰনৰ আচৰণ সংবাদ মহলৰ বাবে দুৰ্ভাগ্যজনক । ভৱিষ্যতে এনে ধৰণৰ আচৰণৰ পুনৰাবৃত্তি নকৰিবলৈ মুখ্যমন্ত্ৰীৰ লগতে লগতে আন নেতা-কৰ্মীসকলকো আহ্বান জনোৱা হৈছে অসম মহিলা সাংবাদিক মঞ্চৰ তৰফৰ পৰা। এনে পৰিস্থিতিত ভুক্তভোগী সাংবাদিক আৰু সংবাদ কৰ্মীক ৰক্ষণাবেক্ষণ দিবলৈ মঞ্চই লগতে সম্পাদক আৰু সংবাদ প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষক আহ্বান জনায়।