অসমৰ প্ৰাচীন লোক নাট্যকলা -পুতলা নাচ – অলকা বুজৰবৰুৱা

অসমৰ প্ৰাচীন লোক নাট্যকলা -পুতলা নাচ

অলকা বুজৰবৰুৱা
টিহু টাউন

অসমৰ এক প্ৰাচীন লোক নাট্যানুষ্ঠান হ’ল পুতলা নাচ। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ ই এক আপুৰুগীয়া সম্পদ।পুতলা নাচ হ’ল পুতলা সমূহক সূতা লগাই মঞ্চৰ ওপৰৰপৰা পৰিচালনা কৰা এক বিশেষ ধৰণৰ কলা। ইয়াত নৃত্য,গীত আৰু নাটকীয় মুদ্ৰাৰ সংযোগ স্থাপন কৰা হয়।

প্ৰাচীন কালৰ পৰাই অসমত পুতলা নাচ প্ৰদৰ্শিত হৈ আহিছে। অনুমান কৰা হয় যে বৈদিক যুগৰ পৰাই সমগ্ৰ ভাৰতবৰ্ষতে পুতলা নাচৰ প্ৰদৰ্শন চলি আহিছে।ভাগৱত, কালিকাপুৰাণ,গুৰুচৰিত আদিতো পুতলা নাচৰ বিষয়ে পোৱা যায়। আনকি মহাপুৰুষ শংকৰদেৱেও অংকীয়া নাট ৰচনাৰ ক্ষেত্ৰত পুতলা নাচৰ পৰাই সমল সংগ্ৰহ কৰিছিল বুলি ভৱাৰ থল আছে। তথাপিও পুতলা নাচৰ ইতিহাস বা বিৱৰ্তন সম্পৰ্কে সম্পূৰ্ণ শুদ্ধকৈ কোৱাটো অতি কঠিন।৩৩০০-১৩০০ খ্ৰীষ্টপূৰ্বত সিন্ধু উপত্যকাৰ খনন কাৰ্যত উদ্ধাৰ হোৱা টেৰাকোটাৰ বিভিন্ন পুতলা আৰু খেলনা সমূহক ভাৰতীয় উপমহাদেশৰ প্ৰাচীনতম পুতলা শিল্পৰ নিদৰ্শন বুলি ধৰা হয়।অনুমান কৰা হয় যে পুতলা নাচৰ সূত্ৰধাৰৰ আৰ্হিতে গুৰুজনাই অংকীয়া নাটৰ সূত্ৰধাৰ চৰিত্ৰটোৰ সৃষ্টি কৰিছিল। মহাপুৰুষ শংকৰদেৱৰ জন্মৰ মাহেকীয়া অনুষ্ঠানতো পিতৃ কুসুম্বৰ ভূঞাই চোতালত পুতলা নাচৰ প্ৰদৰ্শন কৰোৱাৰ প্ৰবাদ আছে। মহাপুৰুষজনাৰ জন্মৰ কিছু বছৰৰ পিছত অসমত সূতাৰে পুতলা নচোৱা প্ৰথা আৰম্ভ হৈছিল।

পৰম্পৰাগত ভাবে পুতলা সমূহ চাৰি ধৰণে নিৰ্মাণ কৰা হয় -পোৰামাটিৰ পুতলা,কুঁহিলাৰ পুতলা, বাঁহ- বেত বা কাঠৰ পুতলা আৰু কাপোৰ আৰু বোকাৰে নিৰ্মিত পুতলা।ঠিক তেনেদৰে পুতলা নাচো চাৰি প্ৰকাৰৰ – ছায়া পুতলা নাচ, সূতাৰে নচোৱা পুতলা,লাঠি পৰিচালনা কৰি নচোৱা পুতলা ( মাৰি পুতলা) আৰু হাতেৰে পৰিচালনা কৰা পুতলা( হাত পুতলা)। প্ৰথম অৱস্হাত ছায়া পুতলা প্ৰদৰ্শিত হৈছিল। সেই সময়ৰ মানুহৰ মাজত ই ছায়া বাজীৰ খেলা বুলি পৰিচিত আছিল। সেই সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তত ছায়া পুতলা নাচৰ প্ৰদৰ্শন হৈছিল। সেই সময়ৰ পুতলা নাচত সূত্ৰধাৰ,বায়ন আৰু তালবাদক আছিল।পেঁপাৰে ৰাইজৰ মাজত নাট প্ৰদৰ্শন কৰিছিল। সূত্ৰধাৰে পেঁপাৰে কোৱা কথাবোৰ ভাওনা কৰি ৰাইজক বুজাইছিল। পেঁপাৰে বিভিন্ন ধৰণৰ পুতলাৰ মাত উলিয়াই অভিনয় সমূহ বিশ্বাসযোগ্য কৰি তোলা হয়।লগে লগে গায়ন-বায়নে পুতলাৰ বচন আৰু অভিনয় সমূহ ব্যাখ্যা কৰি দি থাকে। গায়ন-বায়নে গীত আৰু কথাৰ মাজেদি কাহিনী ভাগ আগবঢ়াই লৈ যায়।নাটৰ মাজত দৰ্শকক হাঁহিৰ খোৰাক যোগাবৰ বাবে এহাল কৌতুক অভিনেতা -অভিনেত্ৰী থাকে যাক কোৱা হয় কাউলা -কাউলেনী।কাউলাই যেতিয়া কাউলেনীক চোতাল সাৰিব দিয়ে তেতিয়া কাউলেনীয়ে গায় – ’চোতাল সাৰা সাৰা নুবুলিবি মোক

চোতাল সাৰা বুলা যদি বান্নিৰে কোবাম তোক ‘ এনেদৰে বিভিন্ন অংগী-ভংগীৰে তেওঁলোকে দৰ্শকক হাঁহিৰ খোৰাক যোগায়।

আধুনিক যুগত সূতাৰে নচোৱা পুতলা আৰু লাঠিৰে পৰিচালনা কৰা পুতলা নাচ দেখা যায়। হাতেৰে পৰিচালনা কৰা পুতলা কম। তদুপৰি বৰ্তমান সময়ত পুতলা নাচত বিভিন্ন বাদ্যযন্ত্ৰ যেনে হাৰমনিয়াম,তবলা, কেচিঅ’ আদি বৈদ্যুতিক যন্ত্ৰও ব্যৱহাৰ কৰা হয়।

সাধাৰণতে কাঠ, বাঁহ,কুঁহিলা কলঠৰুৱা আদিৰে পুতলা সমূহ সজাই লৈ তাৰ ওপৰত বিভিন্ন ৰঙৰ কাপোৰেৰে সাজ সজ্জা কৰি ৰজা ,ৰাণী আদিৰ ৰূপত সজাই পুতলা সমূহক অভিনয়ৰ বাবে সাজু কৰি তোলা হয়। মানুহৰ আকৃতিৰ উপৰিও জন্তু,দেৱতা,ৰাক্ষস আদিৰ ৰূপতো পুতলা সমূহ সজ্জিত কৰি নেপথ্যৰ পৰা দৰ্শকে দেখা নোপোৱাকৈ ক’লা সূতাৰে পৰিচালনা কৰি দৰ্শকৰ সন্মুখত প্ৰদৰ্শন কৰে। পুতলা সমূহৰ হাত,ভৰি আৰু ডিঙিত ক’লা সূতা বান্ধি আঁৰ কাপোৰৰ আঁৰত থকা ব্যক্তিয়ে কৌশলপূৰ্ণ ভাৱে পুতলা সমূহ অৰ্থপূৰ্ণ আৰু জীৱন্ত ৰূপত পৰিচালনা কৰে।

আগতে প্ৰধানকৈ পুতলা নাচৰ নাট্যানুষ্ঠানবোৰত পৌৰাণিক নাট যেনে ৰজা হৰিশ্চন্দ্ৰ,মা মনসা আদি পুৰাণ, ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী সমূহহে প্ৰদৰ্শন কৰা হৈছিল যদিও বৰ্তমান সময়ত সমাজ সচেতনতাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সামাজিক নাটকো প্ৰদৰ্শন কৰা দেখা যায়। অৱশ্যে বৰ্তমান সময়ত প্লাষ্টিক,টিন আদিৰেও পুতলা সমূহ প্ৰস্তুত কৰা হয় বাঁহ আৰু কাঠৰ তক্তাৰে পুতলা নাচৰ মঞ্চখন সজোৱা হয়। দৰ্শকৰ বাবে মঞ্চৰ সন্মুখৰ ফালটো খোলা ৰাখি বাকী তিনিওফালে ক’লা কাপোৰেৰে ঢাকি দিয়া হয়। তেনেদৰে ওপৰফালেও ক’লা কাপোৰ টানি দিয়া হয় যাতে পুতলা নচোৱা কৌশলবোৰ দৰ্শকৰ সন্মুখত ধৰা নপৰে।

পুতলা নাচৰ একোটা দলত প্ৰায় চৈধ্য -পোন্ধৰ জনকৈ শিল্পী থাকে-সূত্ৰধাৰ,গায়ন,বায়ন আৰু পালি। সূত্ৰধাৰজনেই পুতলা নাচৰ মূল ব্যক্তি।বায়নজন সূত্ৰধাৰৰ সহায়ক। তেওঁ গীত, নৃত্য,বাদ্য আদি সকলোতে পাৰ্গত। তেওঁ খোল তাল বজাই সংগী সকলৰ সৈতে অনুষ্ঠান পৰিবেশনৰ বাবে উপযুক্ত পৰিৱেশ গঢ়ি তোলে।বায়নজনে বন্দনামূলক গীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

অতি পৰিতাপৰ বিষয় যে অসমৰ বুকুৰ পৰা অসমীয়া কলা সংস্কৃতিৰ এই আপুৰুগীয়া সম্পদ পুতলা নাচ বৰ্তমান হেৰাই যোৱাৰ পথত।এটা সময়ত অসমৰ নলবাৰী জিলাৰ চান্দকুছি,গন্ধিয়া, মোহখলি, কৈহাটী,মাখিবাহা,পিপলিবাৰী,দৰং ,গোৱালপাৰা, কলাই গাওঁ আদিত অসংখ্য পুতলা নাচৰ দল আছিল যদিও বৰ্তমান ইয়াৰ ভিতৰৰ বহুতো কালৰ বুকুত হেৰাই গৈছে। বৰ্তমান চলি থকা নাট্যদলৰ ভিতৰত সাগৰিকা পাপেট থিয়েটাৰ,ৰবি পাপেট,নবৰত্ন পাপেট থিয়েটাৰ,পল্লৱী পাপেট থিয়েটাৰ নটৰাজ পুতলা থিয়েটাৰ আদিয়ে প্ৰধান।অসমৰ বিভিন্ন ঠাইত এই পুতলা নাট্যদল কেইটাই বৰ্তমান পুতলা নাট প্ৰদৰ্শন কৰি আছে।নলবাৰী জিলাৰ টিহুৰ নিকটৱৰ্তী মাখিবাহাৰ ধীৰেন ঠাকুৰীয়াৰ দ্বাৰা পৰিচালিত “পল্লৱী পাপেট থিয়েটাৰ” এ অসমৰ বিভিন্ন অঞ্চলৰ উপৰিও অৰুণাচল, মেঘালয়, কোচবিহাৰ আদি ঠাইত পুতলা নাচ প্ৰদৰ্শন কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।

আজিৰ দিনত অসমত পুতলা নাটৰ সমাদৰ বৰ বেছি বুলি ক’ব নোৱাৰি। বঙাইগাঁও, কামৰূপ,দৰং নলবাৰী আৰু বাক্সা অঞ্চলৰ মানুহৰ এই কলাটোৰ প্ৰতি এতিয়াও কিছু আগ্ৰহ আছে।পুতলা নাচৰ শিল্পী সকলৰ আৰ্থিক অৱস্হাও শোচনীয় বুলি ক’লেও বঢ়াই কোৱা নহয়।নাট প্ৰদৰ্শন কৰি কমিটিৰ পৰা পোৱা টকাৰে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰা কঠিন হৈ পৰে। অৱশ্যে বৰ্তমান চৰকাৰে “মেক ইন ইণ্ডিয়া” অভিযানৰ জৰিয়তে দেশীয় পুতলা আৰু খেলনাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব প্ৰদান কৰিছে। তদুপৰি পুতলা শিল্পৰ লগত জড়িত শিল্পী সকলৰ বাবেও চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে।

এই পুতলা নাচ আৰু ইয়াৰ শিল্পী সকলৰ জীৱনৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ৰাজেন দাসৰ দ্বাৰা পৰিচালিত অসমীয়া কথাছবি “life in a puppet”।ক্ৰমাৎ মৃত্যুৰ দিশে আগবঢ়া এই শিল্প টোক পুনৰ জীয়াই তোলাত এই কথাছবি খনৰ নিশ্চয়কৈ যথেষ্ট অৰিহণা থাকিব।

অসমৰ এই আপুৰুগীয়া লোককলাটোক জীৱিত তথা উজ্জীৱিত কৰি ৰাখিবলৈ হ’লে নতুন প্ৰজন্মৰ নতুন চিন্তাধাৰা, নতুন কৌশল আৰু সহায় সহযোগিতাৰ যথেষ্ট প্ৰয়োজন আছে বুলি আমি ভাৱো।