মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ আইনী সজাগতা সভা সম্পন্ন
বিকাশ শইকীয়া ,মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- জিলা আইন সেৱা প্ৰাধিকৰণ , মাজুলীৰ সৌজন্যত আজি মাজুলী জেংৰাইমুখৰ ইভিঅ’ন পাব্লিক স্কুলত এখন আইন সজাগতা সভা সম্পন্ন হয়। এই আইন সজাগতা সভাত বাল্য বিবাহ প্ৰতিৰোধী আইন ২০০৬, শিশু যৌন নিৰ্যাতন আইন ২০১২, শিশু শ্ৰমিক প্ৰতিৰোধী আইন সম্পৰ্কত বিস্তৃত ভাবে আলোচনা কৰি উপস্থিত ৰাইজ তথা ছাত্র ছাত্ৰী সকলক সজাগ আৰু সচেতন কৰাৰ প্ৰচেষ্টা চলাই । সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা উপস্থিত থাকে মাজুলী জিলাৰ মুখ্য আইন সহায়ক প্ৰতিৰক্ষা অধিবক্তা বোধেশ্বৰ পামেগাম, বিভাগৰ কাৰ্যালয়ৰ বাৰ্তাবাহক তাৰিনি গাম, অৰ্ধ আইন সেৱিকা নীভাৰানী পেগু সোনোৱাল আৰু বিদ্যালয়খনিৰ শিক্ষাগুৰু সকল। ছাত্ৰ ছাত্ৰীৰ আশানুৰূপ উপস্থিতিত অনুষ্ঠিত সভাখনিত মাজুলী জিলাৰ মুখ্য আইন সহায়ক প্ৰতিৰক্ষা অধিবক্তা বোধেশ্বৰ পামেগামে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি উল্লেখ কৰা আইন কেইখনৰ সকলো দিশ পুংখানুপুংখভাবে আলোকপাত কৰি বাল্য বিবাহৰ ভয়াবহতা আৰু শিশু যৌন নিৰ্যাতনৰ পৰা ল’ব লগা সাৱধানতা সম্পৰ্কে বিস্তৃত ভাবে ব্যাখ্যা কৰাৰ লগতে আইনৰ ধাৰা আৰু ইয়াৰ শাস্তি সমুহ বিতং ভাবে উল্লেখ কৰে। ইয়াৰ উপৰিও শিশু শ্ৰমিক প্ৰতিৰোধী আইন সম্বন্ধীয় ব্যৱস্থা সম্পৰ্কে পৰ্যালোচনা কৰাৰ লগতে ড্ৰাগছৰ সেৱন আৰু ইয়াৰ ভয়াবহতা সম্পৰ্কেও বহল ভাবে ছাত্ৰ ছাত্ৰী সকলক বুজায় আৰু এই বিষয় সমূহ তেওঁলোকৰ বাবে অত্যন্ত সময়োপযোগী তথা অতি প্ৰয়োজনীয় বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে । জিলা আইন সাহায্য প্ৰাধিকৰণে আইন সম্পৰ্কীয় এনে সজাগতা সভা জেংৰাইমুখ অঞ্চলত অনুষ্ঠিত কৰি উঠি অহা প্ৰজন্মক আইন সম্পৰ্কীয় সজাগ কৰি তুলিবলৈ যি কাৰ্যসূচী হাতত ল’লে তাৰ বাবে আইন সেৱা প্ৰাধিকাৰণৰ ধন্যবাদ জ্ঞাপন কৰে অঞ্চলটোৰ সচেতন ৰাইজে । এই সজাগতাই সমগ্ৰ জেংৰাইমুখ অঞ্চলত এক জাগৰণ আনিব বুলি আশা প্ৰকাশ কৰাৰ লগতে মাজুলীৰ বিভিন্ন প্ৰান্তত এনে সভা অনুষ্ঠিত কৰাৰ পোষকতা কৰে সভাখনিত উপস্থিত সচেতন ব্যক্তি সকলে ।