আজিৰ ছাত্ৰ আৰু এখন সভ্য সমাজ
তানিয়া মধুকল্য
আধাৰ সত্ৰ পথ, বিহপুৰীয়া-৭, লক্ষীমপুৰ
গুৰু-শিষ্যৰ সম্পৰ্কবোৰ পৃথিৱীৰ আটইতকৈ পৱিত্ৰ সম্পৰ্ক। গুৰুৱে শিষ্যক দিয়া শিক্ষাই এটা সুস্থ জীৱন গঢ় লৈ পৰে। সেই শিক্ষাই আমাৰ গতানুগতিক জীৱনৰ অভ্যাস বা আমাৰ কৰ্মবোৰ সলনি কৰি পেলাব পাৰে। এখন সভ্য আৰু প্ৰগতিশীল সমাজত গুৰুক সদায় উচ্চ স্থান দিয়া হয়। গুৰু থাকিলেহে এজন বিদ্যাৰ্থীৰ জীৱনটো সফল ৰূপে গঢ় লৈ উঠে। গুৰুক আমি সদায় ঈশ্বৰক স্থানত ৰাখি পূজা-অৰ্চনা কৰোঁ। গুৰুৰ আশীৰ্বাদতকৈ উৰ্দ্ধত আৰু একোৱেই হ’ব নোৱাৰে। গুৰু বা শিক্ষক থাকিলেহে এখন সমাজ প্ৰগতিশীল সমাজ বুলি গণ্য কৰা হয়।
সৰুতে এশাৰী বাক্য পঢ়িছিলোঁ “চেকনিৰ আগত বিদ্যা” সেই বাক্যশাৰীৰ মূল্য আজি উপলব্ধি কৰিছোঁ মৰ্মে মৰ্মে। এতিয়া বুজিছোঁ গুৰুৰ ভুল নাছিল। আমিহে খোজে প্ৰতি ভুল কৰোঁ। ভুলবোৰ আঙুলিয়াই দিওঁতে আমি খুব বেয়া পাইছিলো। এতিয়া জীৱনত যদি কোনোবা এটা খোজত যদি ভুল কৰোঁ, তেতিয়া সেই শিক্ষকলৈ বা সেই গুৰুজনলৈ বৰ মনত পৰে । তেতিয়া ভাবোঁ কিজনিবা তেওঁ লগতে থকা হ’লে আজি এইটো ভুল নকৰিলোঁ হেঁতেন। মোৰ অন্তৰে কান্দি উঠে তেতিয়াই। সঁচাকৈ আগৰ দিনত মানুহে গুৰুক ঈশ্বৰ বুলি গণ্য কৰি পূজিছিল। সেই বাবেই হয়তো গুৰুসকল এখন সমাজত ইমান বিশিষ্ট হৈছিল। শিক্ষকতা পেচাটো এটা বৰ সন্মানীয় পেচা। এখন সমাজে ঈশ্বৰৰ স্থান দিয়ে তেওঁক। আগৰ দিনত আজিৰ দৰে ইমান ডাঙৰ ডাঙৰ স্কুল বা কলেজ নাছিল। গুৰুৰ গৃহত থাকি শিষ্যই শিক্ষা লাভ কৰিছিল। সেইয়া আছিল বিখ্যাত “গুৰুকুল”। তেনেকৈয়ে বহুত শিষ্য এই সমাজত মানুহ হিচাপে পৰিগণিত হৈছে।
আজিৰ সমাজৰ দৰ্পণখন সম্পূৰ্ণ ভাবে ওলোটা। আজিৰ যুগ যান্ত্ৰিক যুগ। ইয়াত শিষ্যই গুৰুক ভয় বা সন্মান কৰিব নাজানে। ওলোটাই গুৰুৱেহে আজিৰ দিনত শিষ্যলৈ ভয় কৰি চলে। সৰুতে পঢ়া “চেকনিৰ আগত বিদ্যা” নামৰ বাক্যশাৰী আজিৰ দিনত সম্পূৰ্ণ ভাবে অসাৰ। আজিৰ ছাত্ৰ সমাজখন কোন দিশে ঢাল খাইছে এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। সময় বাগৰাৰ লগে লগেই মানুহৰ মনবোৰো ঠেক হৈ আহিল। গুৰুক আগৰ দৰে ঈশ্বৰ বুলি গণ্য নকৰা হ’ল। এটা বৰ চিন্তনীয় বিষয় হৈ পৰিছে। আমাৰ বাবে শিক্ষক অকল শিক্ষকেই নাছিল, সেইজন আমাৰ জীৱন গঢ়োতা লগতে আমাৰ পথ প্ৰদৰ্শক আছিল। গুৰু-শিষ্যৰ পৱিত্ৰ সম্পৰ্কটো আজিৰ সমাজত বিষাক্ত হৈ পৰিছে। ছাত্ৰৰ উদণ্ডামি, ছাত্ৰৰ অসভ্যালী বা ছাত্ৰৰ অত্যাচাৰত আজিৰ সমাজত শিক্ষকৰ প্ৰাণৰ নিৰাপত্তা নাইকিয়া হৈ পৰিছে। এজন শিক্ষক ক্লাছৰুমলৈ যোৱাৰ আগতে সদায় উৎসাহিত হৈ থাকে বা তেওঁৰ মন মগজুত এটা কথাই চলি থাকে যে আজি তেওঁ ছাত্ৰ-ছাত্ৰীক কি নতুন পঢ়াব বা নতুন কি শিকাব পাৰিব। আজিৰ দিনত তেওঁ এটা কথাই ভাবে মই আজিৰ ক্লাছটোৰ পৰা সুস্থ শৰীৰে ঘূৰি আহিব পাৰিমনে নাই। কিমান এটা লাজৰ বিষয় হৈ পৰিছে এইটো ভাষাৰে বুজাব নোৱাৰি।
“গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বাৰা
গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা তস্মাই শ্ৰী
গুৰুৱে নমঃ”
এই বাক্য শাৰী এতিয়া মূল্যহীন হৈ পৰিল। এজন ছাত্ৰ বা ছাত্ৰীৰ হিচাপে আমি বহুত লাজ অনুভৱ কৰোঁ এনেবোৰ বাতৰি শুনি। আমাৰ মনবোৰ মৰি যায় ক্ষন্তেকতে। কাৰণ একেখন সমাজৰ আমিও বিদ্যাৰ্থী, আমিও বাসিন্দা। শিক্ষকক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰাটো কিমান ডাঙৰ অপৰাধ আমি ভাষাৰে বুজাব নোৱাৰো। গুৰু প্ৰতিজন বিদ্যাৰ্থীক সমান দৃষ্টিকোণেৰে চাই। যাতে কোনো বিদ্যাৰ্থী জীৱনত ৰৈ যাব লগা নহয়। গুৰুৱে কোনো শিষ্যৰ কেতিয়াও বেয়া চিন্তা নকৰে আৰু কৰিবও নোৱাৰে। কাৰণ তেওঁ জানে যে এজন ছাত্ৰ ভাল হ’লে তেওঁ জীৱনত সফল হ’ব পৰিছে। শিক্ষক বা গুৰুক অপমান কৰা বিদ্যাৰ্থী কেতিয়াও কোনো ক্ষেত্ৰত সফল হৈ উঠিব নোৱাৰে।
গুৰু-শিষ্যৰ বান্ধোন জন্মে-জন্মন্তৰলৈকে সদায় অমৰ হৈ থাকে। গুৰুক দেখিলে আমি তেওঁৰ চৰণ চুই সেৱা কৰোঁ। এখন প্ৰগতিশীল সমাজে এই গুৰুত্ব লোৱা উচিত যে গুৰু শিষ্যৰ পৱিত্ৰ বান্ধোনটো কোনো কালে কলঙ্কিত হ’ব নালাগে। গুৰু থাকিলেহে এখন সমাজ শান্তিৰে জীয়াই থাকিব পাৰিব। গুৰু থাকিলেহে এখন সমাজ সভ্যতাৰ দিশে আগবাঢ়িব। সেয়ে আমি পৰাপক্ষত গুৰুক সন্মান কৰিব লাগে। কাৰণ আমাৰ জীৱনত তেওঁৰ এটা সুকীয়া ভূমিকা সদায়লৈকে থাকি যাব। গুৰুক সদায় ঈশ্বৰ বুলি গণ্য কৰিলে মন্দিৰত ঈশ্বৰ বিচাৰি নগ’লেও হ’ব। গুৰুৰ সেৱাই ঈশ্বৰ সেৱা। ঈশ্বৰ তেনেকৈয়ে সন্তুষ্ট হয়।