আত্মহত্যা, জা জেনেট আৰু অস্তিত্ববাদ – মুনিন্দ্ৰ বৈশ্য

আত্মহত্যা, জা জেনেট আৰু অস্তিত্ববাদ
মুনিন্দ্ৰ বৈশ্য, ওদালগুৰি
প্ৰখ্যাত ফৰাচী দাৰ্শনিক জাঁ পল ছাৰ্ত্ৰেই এটা চিন্তাগধূৰ কাহিনী বৰ্ণনা কৰিছিল ৷ কাহিনীটো জা জেনেট নামৰ এটা অনাথ শিশুৰ৷ ছাৰ্ত্ৰেই কোৱা কাহিনী অনুসৰি জা জেনেট আছিল এটি জাৰজ সন্তান ৷ তাক ৰখা হৈছিল এটা অনাথ আশ্ৰমত ৷ তাতে চুৰি কৰোঁতে সি এদিন ধৰা পৰিল ৷ এনেয়ে জাৰজ তাতে আকৌ চোৰ; সেই দিন ধৰি সমাজৰ দৃষ্টিত সি হৈ পৰিল এটা চোৰ ৷ তাৰ চৰিত্ৰ সংশোধনৰ বাবে ৰখা হ’ল এটা সংশোধন গৃহত ৷ এটা সময়ত সি তাৰ পৰা ওলাল ৷ তাৰ চৰিত্ৰ সংশোধন হ’ল ঠিকেই, কিন্তু সমাজে তাক চোৰ বুলিয়েই গণ্য কৰি থাকিল ৷ মানুহৰ এনে ব্যৱহাৰ দেখি দেখি তাৰ এনে লাগিল যে সি আচলতে ভাল মানুহ নহয়; চোৰহে ৷ সংশোধন গৃহৰ পৰা সৎ চৰিত্ৰ এটা লৈ অহাৰ পিছতো সমাজে তাক এটা ভাল মানুহ বুলি স্বীকৃতিও নিদিলে, আদৰিও নল’লে ৷ এজন ভাল মানুহ হ’ব খুজিছিল যদিও সমাজে তাক ভাল হ’ব নিদিলে ৷ ভাল হোৱাৰ পিছতো যদি সমাজে বেয়া বুলিয়েই স্বীকৃতি দিয়ে, তেন্তে বেয়া হৈ থকাই শ্ৰেয়– এই ভাবে ক্ৰিয়া কৰাত সি চোৰ বৃত্তিটো পেছা হিচাপেই ল’লে ৷ শৈশৱত সি অনাথ আশ্ৰমতহে চুৰি কৰিছিল, এইবাৰ সি সমগ্ৰ ইউৰোপখনকেই চৌৰ্যবৃত্তিৰ ক্ষেত্ৰ হিচাপে বাছনি কৰিলে ৷ তাৰ পিছত সুদীৰ্ঘ ত্ৰিশ বছৰ ধৰি ইউৰোপৰ বিভিন্ন ঠাইত চুৰি কৰি ঘূৰি ফুৰিল ৷ এইদৰে চুৰি কৰি ঘূৰি ফুৰোঁতে এদিন সি ধৰা পৰিল পেৰিছত৷  চুৰি কাণ্ডটো আছিল গুৰুতৰ; গতিকে তাৰ যাবজ্জীৱন কাৰাদণ্ড হ’ল ৷
বেয়া ল’ৰা এটা ভাল হ’বলৈ চেষ্টা কৰাৰ পিছতো কেৱল এখন সমাজে আৰোপ কৰা ভুল অভিধাৰ বাবে কিদৰে মানুহ এজন ধ্বংস হৈ যাব পাৰে জা জেনেট তাৰ প্ৰকৃষ্ট উদাহৰণ ৷
এই ঘটনাটোৱে আমাৰ সমাজত ঘটি থকা বহু ঘটনাকে প্ৰতিনিধিত্ব কৰে ৷ বিশেষকৈ যোৰহাট জিলাৰ তিতাবৰৰ দীপাংকৰ গগৈ নামৰ চফল ডেকাজনে কৰা আত্মহত্যাৰ ঘটনাটো এই ক্ষেত্ৰত প্ৰণিধানযোগ্য ৷ প্ৰকাশিত বাতৰিৰ বিৱৰণি অনুসৰি যোৰহাটত সংঘটিত হৈছিল এটা গ্ৰেণেড বিস্ফোৰণৰ ঘটনা ৷ এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত দীপাংকৰ গগৈ নামৰ ল’ৰাজনক ধৰি আনি আৰক্ষীয়ে নিৰ্যাতন চলাইছিল ৷ অবিৰাম হাৰাশাস্তি আৰু নিৰ্যাতনৰ সন্মুখীন হ’ল দীপাংকৰ ৷ লাজে অপমানে জৰ্জড়িত দীপাংকৰে নিজৰ সকলো সপোন এৰি আত্মহত্যা কৰিলে৷ দেখা গ’ল যে আজি কিছুদিন আগতে ‘নিয়া’ই দাখিল কৰা চাৰ্জশ্বীটত আলফাৰ নেতাকে ধৰি বিভিন্ন জনৰ নাম আছে, কিন্তু তাত দীপাংকৰ গগৈৰ নাম নাই ৷
তাৰমানে দীপাংকৰ অপৰাধী নাছিল, আছিল সম্পূৰ্ণ নিৰ্দোষী ৷ কিন্তু তেওঁৰ ওপৰত সমাজে ভুল অভিধা এটা আৰোপ কৰিলে– বেয়া মানুহৰ অভিধা ৷ দীপাংকৰক জোৰ যবৰদস্তি বেয়া মানুহ সজোৱা হ’ল, সজোৱা হ’ল অপৰাধী ৷ যিজন ল’ৰাই পুলিচ হোৱাৰ দুৰ্বাৰ বাসনা পুহি ৰাখিছিল আৰু তাৰ সাধনাত নিজকে ব্যস্ত কৰি ৰাখিছিল, সেইজন ডেকা ল’ৰাক সেই পুলিচেই পুলিচ হোৱাৰ সুবিধা আৰু সুযোগ নিদিলে ৷ বৰঞ্চ অপৰাধীহে সজালে ৷ এনে দুৰ্ঘোৰ অন্যায় সহিব নোৱাৰি তেওঁ সকলো শেষ কৰি পেলালে আত্মহনন কৰি ৷
উপৰিউক্ত দুয়োটা ঘটনাৰ পৰা ইয়াকে দেখা গ’ল যে ভাল হ’বলৈ চেষ্টা কৰাৰ পিছতো বেয়া মানুহ জেনেটক ভাল হোৱাৰ সুবিধা দিয়া নহ’ল, বৰঞ্চ এটা কুখ্যাত চোৰ হ’বলৈ বাধ্য কৰোৱা হ’ল ৷ আৰু প্ৰকৃতাৰ্থত ভাল মানুহ হোৱা সত্ত্বেও দীপাংকৰ গগৈক অপৰাধী সজাই মৃত্যুৰ মুখলৈহে ঠেলি দিয়া হ’ল ৷
দীপাংকৰ গগৈৰ ঘটনাটো এটা প্ৰতীকহে ৷ আমাৰ সমাজত এই ধৰণৰ কিমান ঘটনা ঘটি থাকে তাৰ হিচাপ নাই ৷ বিশেষকৈ পৰীক্ষাৰ খবৰ দিয়াৰ সময়ত এনে ঘটনা সৰ্বাধিক সংঘটিত হয় ৷ তদুপৰি প্ৰেমজনিত কাৰণত, বা কিছুমান তেনেই লঘু কাৰণতেই কিমান ডেকা-ডেকেৰীয়ে নিজৰ জীৱন শেষ কৰি দিছে তাৰ হিচাপ নাই ৷ যাৰ বাবে আত্মহত্যা হৈ পৰিছে এটা ডাঙৰ সমস্যা ৷
সমাজত ঘটি থকা এই ধৰণৰ ঘটনাবোৰে ‘অস্তিত্ববাদ দৰ্শন’ৰ কথা মনলৈ আনে ৷ অস্তিত্ববাদে কৈছে– প্ৰতিজন ব্যক্তিয়েই একক মৌলিক সত্তা, প্ৰতিজনৰ ভাবধাৰাই অদ্বিতীয় আৰু স্বতন্ত্ৰ৷ সেইবাবেই প্ৰতিটো ক্ষেত্ৰত এককভাৱে সিদ্ধান্ত লোৱাৰ অধিকাৰ তেওঁলোকৰ আছে৷ পৃথিৱীখনত মাথোঁ এটাই সত্য আছে, সেয়া হ’ল– মানুহৰ অস্তিত্ব আৰু তাৰ অন্তহীন কৰ্ম পৰিৱৰ্তন ৷
অস্তিত্ববাদৰ এগৰাকী অন্যতম বক্তা জাঁ পল ছাৰ্ত্ৰেই কৈছে যে, প্ৰতিজন ব্যক্তিৰে একোটা অৱস্থান থাকে৷ আমি নিজৰ অৱস্থানৰ পৰা অন্যক চাওঁ আৰু তাৰ ওপৰত এটা অভিধা আৰোপ কৰোঁ ৷ তেনেকৈয়ে অন্য লোকেও নিজৰ অৱস্থানৰ পৰা আমাৰ অৱস্থানলৈ চাই একোটা অভিধা আৰোপ কৰে ৷ যিদৰে নিজৰ নিজৰ অৱস্থানৰ পৰা সমাজে জা জেনেট, দীপাংকৰ গগৈ আৰু অন্য সহস্ৰজনৰ ওপৰত ভিন ভিন অৰ্থ আৰোপ কৰি নিষ্ঠুৰ নিয়তিৰ মুখলৈ ঠেলি দিছে ৷
ছাৰ্ত্ৰেই কৈছে এনে পৰিপ্ৰেক্ষিতত নিজে সৃষ্টি কৰা পথ বা ইচ্ছাৰ প্ৰতি সঁহাৰি নজনাই আনে আৰোপ কৰা বা জোৰ যবৰদস্তি জাপি দিয়া অৰ্থ বা পৰিচয় যদি আমি বহন কৰিবলৈ ৰাজি হওঁ, তেন্তে আমি আমাৰ অস্তিত্ব হেৰুৱাই পেলাম ৷ যিদৰে নিজৰ অস্তিত্ব হেৰুৱাই পেলাইছে দীপাংকৰ গগৈৰ দৰে অগণন লোকে ৷ ছাত্ৰেৰ্ই লগতে কৈছে যে, যিকোনো পৰিস্থিতিৰ পৰা বাহিৰ ওলাই অহাৰ স্বাধীনতা আমাৰ আছে৷ সমাজৰ অসংখ্য চকুৱে আমাৰ পিনে চাই থকাৰ পিছতো আমি নিজকে স্বাধীনভাৱে নিৰ্মাণ কৰিব পাৰোঁ ৷
কিন্তু নিজক স্বাধীনভাৱে নিৰ্মাণ কৰিম কেনেকৈ? আহক আকৌ উভতি যাওঁ জা জেনেটৰ কাষলৈ ৷
পেৰিছত গ্ৰেপ্তাৰ হৈ কিছু বছৰ কাৰাবাস খতাৰ পিছত ছাৰ্ত্ৰে আৰু তেওঁৰ সহযোগী কেইজনমানৰ সহযোগত জেনেটে মুক্তি পালে ৷ এইবাৰ কাৰাগাৰৰ পৰা ওলাই আহি তেওঁ এটা মন বান্ধিলে– “ সমাজে মোক কি বুলি কয়, কি বুলি নকয়, সমাজে মোৰ ওপৰত কি অৰ্থ আৰু অভিধা আৰোপ কৰে, সেইবোৰলৈ ভ্ৰূক্ষেপ কৰাৰ কোনো দৰকাৰ নাই ৷  মই মোৰ মতে কাম কৰি যাম ৷” এই বুলি এটা স্থিৰ মন বান্ধি তেওঁ হাতত তুলি ল’লে কলম ৷ প্ৰথম অৱস্থাত নিজৰ জীৱনৰ অভিজ্ঞতাক লৈ সৰু-সুৰা আলোচনীত লেখা-মেলা কৰিলে৷ লেখাবোৰে পাঠকৰ বিপুল সঁহাৰি লাভ কৰিলে৷ এই ধাৰা অব্যাহত ৰাখিয়েই পৰৱৰ্তী সময়ত জা জেনেট হৈ পৰিল ফৰাচী সাহিত্যৰ বিখ্যাত সাহিত্যিক ৷
জেনেটৰ জীৱনৰ এই উত্থান-পতনৰ ঘটনা-পৰিঘটনাৰ বিষয়ে ছাৰ্ত্ৰেই মন্তব্য কৰিছে– “সমাজে আৰোপ কৰা অভিধাকেই নিজৰ প্ৰকৃত ৰূপ বুলি জেনেটে ভুল কৰিছিল ৷ সেইবাবেই এটা বিখ্যাত চোৰ হোৱাৰ অভিপ্সাৰে দিনৰ পিছত দিন ধৰি আগুৱাই গৈ আছিল ৷ কিন্তু যেতিয়াই তেওঁ নিজৰ আচল সত্তা (লেখক) আৱিষ্কাৰ কৰিব পাৰিলে, তেতিয়াই তেওঁৰ চোৰৰ সত্তা ধ্বংসপ্ৰাপ্ত হ’ল আৰু নতুন সত্তাৰে নিজকে নতুন ৰূপত গঢ়িলে ৷ লাভ কৰিলে এটা নতুন জীৱন, নতুন চিনাকি ৷ এইদৰে যদি আমি সমাজে আৰোপ কৰা ভূমিকাৰে কাম কৰি যাওঁ, তেন্তে বহু সময়ত আমি নিজৰ প্ৰকৃত স্বাধীন সত্তা উন্মোচন কৰিব নোৱাৰিম ৷”
(সহায়ক গ্ৰন্থঃ জাঁ পল ছাৰ্ত্ৰে আত্মজীৱনী ‘শব্দ’, অনুবাদঃ হেমন্ত কুমাৰ ভৰালী)