পাৰ্থিৱ খ্যাতি কেৱল বতাহৰ নিশ্বাস – জ্যোতি খাটনিয়াৰ

পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্মদিন উপলক্ষে

পাৰ্থিৱ খ্যাতি কেৱল বতাহৰ নিশ্বাস

জ্যোতি খাটনিয়াৰ

প্ৰতিকুল পৰিস্থিতিৰ মাজতো জ্ঞান- চৰ্চা অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ যি বাট মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱে খুলি দিছিল, সেই বাটৰ অন্তিম আৰু সবাতোকৈ সাৰ্থক প্ৰতিনিধি হ’ল পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ। কলিকতা, অক্সফোৰ্ড, বাৰ্লিন, পেৰিছৰ পৰা জ্ঞানৰ মুকুতা বুটলি পদ্ধতিগত অধ্যয়নৰে ভাৰতীয় সংস্কৃতি আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন দিশ অতি বহল অৰ্থত পণ্ডিতপ্ৰবৰজনাই পুনৰ নিৰ্মাণ কৰি উলিয়াইছিল। নিৰাসক্ত জ্ঞান সাধনাত ব্ৰতী কৃষ্ণকান্ত সন্দিকৈৰ জন্মভূমিৰ প্ৰতি আকৰ্ষণ আছিল অতি আৱেগিক আৰু দৃঢ় নৈতিকতাৰ বান্ধোনেৰে বন্ধা। ১৯২০ চনত অক্সফোৰ্ড বিশ্ববিদ্যালয়ত সংস্কৃতৰ পি এইচ ডি ডিগ্ৰীৰ বাবে যোৱা সন্দিকৈৰ প্ৰথম পছন্দৰ বিষয়টো আছিল ব্ৰাহ্মণ যুগৰ বৈদিক সমাজ। পৰৱৰ্তী সময়ত অক্সফোৰ্ডৰ প্ৰখ্যাত বিদ্বান , প্ৰফেছাৰ আৰ্থাৰ এন্থনী মেকডনেল(১৮৫৪-১৯৩০)ৰ সৈতে আলোচনা কৰি হলেণ্ডৰ আন এগৰাকী সংস্কৃত বিশেষজ্ঞ ড° কালাণ্ডৰ পৰামৰ্শ লৈ তেওঁ বিষয়বস্তুৰ কিছু পৰিবৰ্তন কৰিলে। এই ক্ষেত্ৰত গৱেষক সন্দিকৈক কোৱা হ’ল যে তেওঁৰ গৱেষণাৰ বাবে প্ৰয়োজনীয় গ্ৰন্থসমূহ দুষ্প্ৰাপ্য হোৱা হেতুকে সেইবোৰৰ নকল প্ৰস্তুত কৰি অক্সফোৰ্ডলৈ লৈ আহিব লাগিব। সন্দিকৈৰ নিজৰ ভাষাত : ” ভাৰতৰ পৰা পুথি আনি বিলাতত গৱেষণা কৰা কথাটো মোৰ ভাল নালাগে। ” স্বাভাৱিকতে সন্দিকৈৰ মনত এনে ভাৱ হোৱাত তেওঁৰ গৱেষণা গুৰু অধ্যাপক মেকডনেলক স্পষ্টকৈ নিজৰ মনৰ ভাব প্ৰকাশ কৰিলে। সন্দিকৈৰ কথা শুনি অধ্যাপক মেকডনেলে কিছু বিৰক্ত হৈ কৈ উঠিল যে বৈদিক গৱেষণা আৰু আধুনিক বুৰঞ্জী এটা অদ্ভূত সংমিশ্ৰণ হ’ব। অধ্যাপক মেকডনেলৰ মনত কিন্তু সন্দিকৈৰ পাণ্ডিত্য, নিষ্ঠা আৰু জ্ঞানৰ প্ৰতি তেওঁৰ প্ৰবল হেঁপাহৰ সম্পৰ্কে হয়তো কোনো সন্দেহ নাছিল। এইবাবেই অক্সফোৰ্ডৰ এই প্ৰবীণ অধ্যাপকজনাই তৰুণ সন্দিকৈক উৎসাহ দিবলৈ কৈ উঠিল যে সন্দিকৈয়ে অক্সফোৰ্ডত আধুনিক বুৰঞ্জী অধ্যয়ন কৰিলে, তাৰ কাৰণেও তেওঁ বহুত পঢ়িব লাগিব আৰু তেতিয়া তেওঁৰ জ্ঞানৰ পৰিধি বৃদ্ধি পাব । স্বাভাৱিকতে এই কথা শুনি সন্দিকৈ যথেষ্ট উৎসাহী হ’ল । লক্ষণীয় যে জ্ঞানৰ পৰিধি বৃদ্ধিৰ কথাটো সন্দিকৈৰ জীৱন পৰিক্ৰমাৰ প্ৰধান চালিকা শক্তি।

১৮৯৮ চনৰ ২০ জুলাইত যোৰহাটত জন্মগ্ৰহণ কৰা সন্দিকৈয়ে বয়স কম হোৱা বাবে সেইসময়ৰ কলিকতা বিশ্ববিদ্যালয়ৰ নিয়ম অনুসৰি তেওঁ ১৬ বছৰ নোহোৱা হেতু মেট্ৰিকুলেচন পৰীক্ষা দিব পৰা নাছিল। ফলত তেওঁ দশম শ্ৰেণী দুবাৰ পঢ়িবলগীয়া হৈছিল। সাধাৰণতে অন্য ছাত্ৰ – ছাত্ৰী হোৱা হ’লে হয়তো এই সময়ত হতাশাত ভুগিলহেঁতেন বা ধিতিঙালি কৰি সময় কটালেহেঁতেন । কিন্তু সন্দিকৈয়ে সেই দুবছৰৰ ভিতৰতে সংস্কৃত সাহিত্য বহলাই অধ্যয়ন কৰে। এই বহলাই কৰা অধ্যয়নৰ ভিতৰত কালিদাসৰ মেঘদূত, ৰঘুবংশ , কুমাৰ সম্ভৱ আৰু বিভিন্ন ব্যাকৰণৰ পুথি আছিল। ছাত্ৰৱস্থাৰ আৰম্ভণিতে সন্দিকৈ সংস্কৃতত নিজৰ ভাষাতে “অতি দুৰ্বল” আছিল আৰু এই ক্ষেত্ৰত ছাত্ৰ সন্দিকৈক বিশেষভাৱে সহায় কৰিছিল তেওঁৰ শিক্ষক যতীন্দ্ৰনাথ আচাৰ্যই। ১৯১৩ চনত সন্দিকৈয়ে সুখ্যাতিৰে মেট্ৰিক পাছ কৰি কটন কলেজত নাম ভৰ্তি কৰিলে। ১৯১৩ চনটো সন্দিকৈ ডাঙৰীয়াই বৰ ভাল পাই বুলি কৈ গৈছে। কাৰণ সেই বছৰত ড° বাণীকান্ত কাকতিয়ে কটন কলেজৰ পৰা আই এ পৰীক্ষা দি কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল।এনে স্থান লাভ কৰা তেওঁৱেই আছিল প্ৰথম অসমীয়া ছাত্ৰ। এই চনতে আকৌ ড° সূৰ্যকুমাৰ ভূঞাই ইংৰাজীৰ এম এ শ্ৰেণীত নাম লগাইছিল। ড° ভূঞাই সন্দিকৈক বিদেশী ভাষা শিকিবলৈ তেওঁৰ মনত আগ্ৰহৰ সৃষ্টি কৰিছিল। কলিকতাৰ সংস্কৃত কলেজৰ পৰা সন্দিকৈয়ে ১৯১৭ চনত বি এ পাছ কৰে আৰু ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম এ ডিগ্ৰী লাভ কৰে। এই সময়তে তেওঁ ফ্ৰেঞ্চ, পালি, লেটিন আৰু গ্ৰীক ভাষা পঢ়িবলৈ আৰম্ভ কৰে। উল্লেখ্য যে ১৯১৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ সংস্কৃত বিষয়ৰ পাঠ্যক্ৰম সলনি হৈছিল আৰু ইয়াৰ দ্বাৰা সন্দিকৈ প্ৰভূত পৰিমাণে উপকৃত হৈছিল। কলিকতা বিশ্ববিদ্যালয়ৰ মহাৰাষ্ট্ৰীয় সংস্কৃত পণ্ডিত মহামহোপধ্যায় সীতাৰাম শাস্ত্ৰীয়ে তৰুণ সন্দিকৈক বিশেষভাৱে চেনেহ কৰিছিল। প্ৰায় দুবছৰ ধৰি নিতৌ পুৱা দুঘণ্টা পণ্ডিত শাস্ত্ৰীৰ সাধাৰণ এটা কোঠালীৰ ঘৰটোত সন্দিকৈয়ে তেওঁৰ পৰা দুষ্প্ৰাপ্য গ্ৰন্থৰ ব্যক্তিগত পাঠ গ্ৰহণ কৰিছিল। সন্দিকৈৰ নিজৰ ভাষাত সেই কোঠাটোত কোনো চকী মেজ নাছিল। গুৰু শাস্ত্ৰী এখন কঠৰ ওপৰত বহিছিল। আৰু শিষ্য সন্দিকৈয়ে তেওঁৰ ওচৰতেই আন এখন কঠত বহি গুৰুজনাই সৰল সংস্কৃতত কৰি যোৱা ব্যাখ্যা মনোযোগেৰে শুনি থাকিছিল। ই সন্দিকৈৰ জ্ঞানৰ পৰিধি বৃদ্ধি কৰিছিল আৰু ইউৰোপৰ পৰা ঘূৰি আহি একাণপতীয়াকৈ সংস্কৃত গ্ৰন্থৰ ব্যাখ্যা , টীকা, টিপন্নী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত তেওঁক বিশেষভাৱে সহায় কৰিছিল। আনকি অক্সফোৰ্ডৰ অধ্যাপক মেকডনেলৰ সৈতে যজুৰ্বেদ আদি আলোচনা কৰি থকাৰ সময়ত পণ্ডিত সীতাৰাম শাস্ত্ৰীৰ ওচৰত শিকি অহা কথাবোৰলৈ তেওঁৰ বাৰে বাৰে মনত পৰি আছিল। একেদৰে সন্দিকৈয়ে আন এগৰাকী পণ্ডিত লক্ষ্মণ শাস্ত্ৰীৰ ভাৰতীয় দৰ্শনৰ ব্যাখ্যাৰ পৰাও বহু কথা কলেজীয়া জীৱনতে শিকিছিল। উল্লেখ্য যে অক্সফোৰ্ড বিশ্ববিদ্যালয়লৈ গৱেষণাৰ বাবে যোৱাৰ আগেয়ে বিখ্যাত বুৰঞ্জীবিদ অধ্যাপক যদুনাথ চৰকাৰ আৰু আচাৰ্য ব্ৰজেন্দ্ৰনাথ শীলৰ পৰা সন্দিকৈয়ে বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰিছিল। ১৯২০ চনৰ ২০ জানুৱাৰী তাৰিখে সন্দিকৈ কলিকতাৰ পৰা বিলাতলৈ যাবলৈ ওলাল। তেওঁ বিলাতত প্ৰায় সাত বছৰ কাল থাকিল। এই সময়ছোৱাত তেওঁ বিভিন্ন পদ্ধতিৰে কেইবাটাও ইউৰোপীয় ভাষা আয়ত্ব কৰিলে। অক্সফোৰ্ডত থকা পোলেণ্ডৰ এজন কৃতবিদ্য পণ্ডিত শ্বপটৰ পৰা তেওঁ বিদেশী ভাষা শিকাৰ কৌশলসমূহ সযতনেৰে শিকিছিল। এই ক্ষেত্ৰত তেওঁ পৰোক্ষভাৱে উপকৃত হ’ল বিখ্যাত বুৰঞ্জীবিদ দ্য হিষ্টৰি অৱ দ্য ডিক্লাইন এণ্ড ফল অৱ ৰোমান এম্পাইৰৰ প্ৰণেতা, ইংৰাজী ভাষাৰ ওজা এডৱাৰ্ড গিবন (১৭৩৭-১৭৯৪)ৰ আত্মজীৱনীৰ এষাৰ কথাৰ দ্বাৰা। উল্লেখ্য যে এডৱাৰ্ড গিবন আছিল সম্পূৰ্ণৰূপে এজন আত্মশিক্ষিত ব্যক্তি। তেওঁ কোনো বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা নাছিল। গ্ৰীক ভাষা আয়ত্ব কৰিবৰ বাবে গিবনে হোমাৰৰ মহাকাব্য দুখন ভালকৈ পঢ়িছিল বুলি আত্মজীৱনীত লিখি গৈছে। হোমাৰে সেই সময়ৰ সমাজ আৰু গ্ৰীকসকলৰ জীৱন ধাৰণক বিস্তৃতভাৱে বৰ্ণনা কৰিছিল আৰু সেইবাবে তেওঁৰ শব্দ সম্ভাৰো আছিল বিপুল। গিবনে নিজে নিজে গ্ৰীক ভাষা শিকা আৰু তাৰবাবে হোমাৰৰ মহাকাব্য বিতংকৈ অধ্যয়ন কৰা কথা দুটাই তৰুণ সন্দিকৈক বিশেষভাৱে প্ৰেৰণা যোগাইছিল। সন্দিকৈৰ নিজৰ ভাষাত এয়া বৰ লাগতিয়াল আছিল আৰু তাৰ পৰা তেওঁ বহুমূলীয়া সংকেত আৰু উদ্গনি পাইছিল। অক্সফোৰ্ডত সন্দিকৈয়ে আধুনিক বুৰঞ্জীৰ পদ্ধতিগত অধ্যয়ন শিকিছিল বিখ্যাত টিউটৰ এফ্রেইম লিপচন(১৮৮৮-১৯৬০)ৰ অধীনত। লিপচন আছিল আধুনিক ইংলেণ্ডৰ অৰ্থনৈতিক বুৰঞ্জীৰ এজন বিশেষজ্ঞ আৰু প্ৰসিদ্ধ লিখক।তেওঁৰ ওচৰত সন্দিকৈয়ে নিয়মিতভাৱে প্ৰাসংগিক গ্ৰন্থৰ পৰ্য্যালোচনা দাখিল কৰিছিল আৰু সেইবোৰৰ ওপৰত দুয়োজনৰ মাজত বিস্তৃত আলোচনা হৈছিল। অক্সফোৰ্ডত থকা দিনত সন্দিকৈয়ে দিনৌ ১২/১৩ ঘণ্টা অধ্যয়ন কৰিছিল। অক্সফোৰ্ডৰ ৰেডক্লীফ্ কেমেৰা নামৰ লাইব্ৰেৰীটোত ৰাতি ১০ বজালৈকে তেওঁ কিতাপ পঢ়িছিল। সন্দিকৈ থকা ঠাইৰ পৰা এই লাইব্ৰেৰীটো অন্ততঃ দুমাইল আঁতৰত আছিল। ঘৰলৈ খোজ কাঢ়ি আহি ৰাতি প্ৰায় ১ বজামানলৈকে অক্সফোৰ্ডৰ আধুনিক বুৰঞ্জীৰ শিক্ষক লিপচনে ঠিক কৰি দিয়া গ্ৰন্থবোৰৰ বিস্তৃত টোকা আৰু পৰ্য্যালোচনা তেওঁ প্ৰস্তুত কৰিছিল। লিপচনে সন্দিকৈক অতি ওখ খাপৰ চাৰ্টিফিকেট প্ৰদান কৰিছিল। সন্দিকৈয়ে এইখনকলৈ বেছ গৌৰৱ অনুভৱ কৰিছিল। পৰৱৰ্তী সময়ত সন্দিকৈয়ে পেৰিছ আৰু বাৰ্লিনত বিভিন্ন ভাষাৰ সাহিত্য আৰু সেইসমূহ সাহিত্যৰ বুৰঞ্জী ফঁহিয়াই পঢ়িছিল। ইয়াতেই তেওঁ জাৰ্মানীৰ জ্ঞান সাধনাৰ সৈতে বিশেষভাৱে পৰিচিত হয়। সন্দিকৈৰ ভাষাত জাৰ্মান বিশ্ববিদ্যালয়ত পঢ়ি পৰীক্ষাত পাছ কৰা বা ডিগ্ৰী লাভ কৰা অতি সহজ কাম । কিন্তু জাৰ্মান অধ্যয়ন আৰু আলোচনা প্ৰণালী আয়ত্ব কৰা সহজ নহয়। কাৰণ সি হৈছে এটা ব্ৰত, এটা বিশেষ মানসিক প্ৰবৃত্তিৰ ওপৰত প্ৰতিষ্ঠিত। তাৰ কাৰণে অবিশ্ৰান্ত পৰিশ্ৰম, তীক্ষ্ণ দৃষ্টি আৰু সুদীৰ্ঘ চৰ্চাৰ আৱশ্যক। এই প্ৰসংগত জাৰ্মান বিশ্ববিদ্যালয়ত কিদৰে প্ৰাচীন সংস্কৃত চৰ্চা কৰা হয়, তাৰ এখন ছবি বিখ্যাত ভাৰতীয় দাৰ্শনিক জিতেন্দ্ৰনাথ মহান্তিয়ে প্ৰসিদ্ধ জাৰ্মান সংস্কৃতজ্ঞ Ernst Waldshmist ৰ শ্ৰেণী কোঠাৰ পাঠদানৰ উদাহৰণ দি এনেদৰে ডাঙি ধৰিছে : ” He put a needle through a palm leave manuscript, opened the manuscript where the needle stopped, asked me to explain that page – first to translate it, then to point out grammatical problem and then raise questions and so forth. এই সংস্কৃত পণ্ডিতজনাই লগতে ছাত্ৰক কৈছিল যে My goal is to train you in such a way that given a fragment of a manuscript, you can make of it, date it, build a reasonable hypothesis about its type, internal and external, cross references, produce a translation, and raise a host of questions. ” কৃষ্ণকান্ত সন্দিকৈৰ পদ্ধতিগত জ্ঞান চৰ্চা আৰু গভীৰ পাণ্ডিত্যৰ আঁৰত জাৰ্মানীৰ জ্ঞান সাধনাৰ এনে দৃষ্টিভংগী আৰু অনুশীলন লুকাই আছিল বুলি আমি ক’ব পাৰো।

উল্লেখ্য যে অক্সফোৰ্ডত থাকোঁতে বিখ্যাত বডেলিয়ান লাইব্ৰেৰীৰ গ্ৰন্থ সংগ্ৰহৰ সহায় লৈ সন্দিকৈয়ে ‘অনুবাদৰ কথা’ নামৰ এটা বিখ্যাত প্ৰবন্ধ লিখে( চেতনা, ১৯২১)। ইয়াত তেওঁ অনুবাদৰ দৰ্শন আৰু সমস্যা সম্পৰ্কত বহু কথা উল্লেখ কৰে। ইয়াত তেওঁ দুই ধৰণৰ অনুবাদৰ কথা কয়। এটা হ’ল অনুবাদ ইমান অবিকল আৰু সুন্দৰ যে সি মূলৰ ঠাই পূৰাব পাৰে। দ্বিতীয়বিধ অনুবাদে মূলৰ ঠাই পূৰাবলৈ আশা নকৰে, কেৱল তাৰ অৰ্থ হৃদয়ঙ্গম কৰাত আমাক সহায় কৰে। কবি ড্ৰাইডেনে ইয়াক paraphrase বুলিছে। জাৰ্মান সমালোচক কাৱাৰে আকৌ এই অনুবাদক বৰ ওখ খাপত ৰখা নাই। তেওঁ ইয়াক কেৱল অৰ্থকৰণ বুলি কৈছে। জাৰ্মান সমালোচক জনাৰ দৃষ্টিত ই প্ৰকৃত অনুবাদতকৈ তল খাপৰ। অনুবাদৰ উপযোগীতা আৰু পৰিসৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত সন্দিকৈয়ে মহান কবি গ্যথেৰ পৰামৰ্শ গ্ৰহণ কৰিছে। সন্দিকৈয়ে ইউৰোপীয় ভাষাৰ পৰা ভাৰতীয় ভাষালৈ অনুবাদ কৰাৰ জটিলতা সম্পৰ্কেও উল্লেখ কৰিছে। কাৰ্যতঃ সন্দিকৈৰ এই ৰচনাখন সমগ্ৰ বিশ্ব সাহিত্যৰ অনুবাদ প্ৰক্ৰিয়া, দৰ্শন আৰু কিছু পৰিমাণে ইয়াৰ সমীক্ষাত্মক অধ্যয়নৰ প্ৰসংগৰে এক বিস্তৃত আলোচনাৰ ক্ষেত্ৰ । আনকি জাপানী সাহিত্য , চীনা সাহিত্য , হাংগেৰী, ছাৰ্বিয়া আদিৰ সাহিত্যত অনুবাদৰ গুৰুত্বৰ কথাও সন্দিকৈয়ে ডাঙি ধৰিছে । চীনা পৰিব্ৰাজক হুয়েন- চাঙে ভাৰতৰ পৰা লৈ যোৱা গ্ৰন্থসমূহৰ ১৯ বছৰ ধৰি চীনা ভাষালৈ অনুবাদ কৰাৰ বিষয়টোৱে সন্দিকৈৰ এই ৰচনাত ঠাই পাইছে।

প্ৰাচীন সংস্কৃতৰ গভীৰ জ্ঞান আৰু আধুনিক বুৰঞ্জী অধ্যয়নৰ পদ্ধতিয়ে সন্দিকৈৰ আলোচনাসমূহক এক দৃঢ়তা প্ৰদান কৰিছিল। এটা প্ৰসংগত পণ্ডিতপ্ৰবৰ সন্দিকৈয়ে ১৮৭২ চনৰ ২৯ মে’ত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ চীনেট হাউচত অধ্যাপক এডৱাৰ্ড আগাষ্টাচ ফ্ৰীমেনে প্ৰদান কৰা ৰীড লেকচাৰৰ উল্লেখ কৰিছে। ‘ইউনিটি অৱ হিষ্টৰি’ শীৰ্ষক এই বক্তৃতাত অধ্যাপক ফ্ৰীমেনে কৈছে যে প্ৰাচীন ইতিহাস বা আধুনিক ইতিহাস বুলি কোনো বস্তু নাই। জ্ঞান চৰ্চাই এক অখণ্ড নিৰ্মিতি আৰু অভিজ্ঞতাৰ মাজলৈ মানুহক লৈ যায়। যোৰহাটৰ ঘৰত বহি কলিকতা বিশ্ববিদ্যালয়ৰ সংস্কৃতৰ পৰম্পৰাগত ভাৰতীয় শিক্ষা পদ্ধতি আৰু অক্সফোৰ্ড , বাৰ্লিন , পেৰিছৰ আধুনিক জ্ঞান চৰ্চাৰ পদ্ধতিৰেই সন্দিকৈয়ে গঢ়ি তুলিছিল এখন নিজৰ জগত। অতীজৰ ভাৰতৰ সমাজ, সংস্কৃতি, ৰাজনীতি আৰু শিল্পকলাৰ অভিজ্ঞতাক যোৰহাটৰ পঢ়া কোঠালীৰ মেজত তেওঁ পুনৰ সজাই তুলিছিল আধুনিক পৃথিৱীৰ পঢ়ুৱৈৰ বাবে। তেওঁ মন আছিল প্ৰাচীন ঋষিৰ দৰে – অহংকাৰশূণ্য আৰু উল্লাসেৰে ভৰা। সেইবাবে মহাকবি ডান্তেৰ এটা উক্তি সন্দিকৈৰ আছিল বিশেষভাৱে প্ৰিয় : ” পাৰ্থিৱ খ্যাতি বতাহৰ নিশ্বাসতকৈ বেছি একো নহয়। ” প্ৰাচীন গ্ৰীক সাহিত্যত অহৰহ বুৰ গৈ থকা মানুহজনে জ্ঞান চৰ্চাক জীৱন – যাপনৰ প্ৰধান উৎস ৰূপে বিচাৰি লৈছিল। সেইবাবে জ্ঞানক নৈতিকতাৰ সৈতে সংলগ্ন কৰা গ্ৰীক নাট্যকাৰ ছফক্লীচৰ এষাৰ বচন তেওঁৰ সদায় মনত পৰি থাকে বুলি জীৱনী লেখক আব্দুছ ছাত্তাৰক কৈছিল: “জ্ঞানতকৈ ন্যায়পৰায়ণতা উৎকৃষ্টতৰ। ” ৰাডল্ফ ফেইফাৰে (১৮৮৯-১৯৭৯) প্ৰাচীন পৃথিৱীৰ গ্ৰন্থসমূহৰ অধ্যয়নৰ সৈতে জড়িত ভাষাতত্ত্ববিদসকলৰ প্ৰথম দায়িত্বটো এই সমূহ সম্পাদনা কৰা আৰু দ্বিতীয় আৰু আটাইতকৈ গধূৰ দায়িত্বটো এইসমূহৰ ব্যাখ্যা কৰা বুলি কৈ গৈছে। বহু ক্ষেত্ৰত এই দিশ দুটাই পশ্চিমীয়া সংস্কৃতিৰ পৰিসৰ আৰু গতি – প্ৰগতি নিৰ্ধাৰণ কৰি দিয়ে বুলিও ফেইফাৰে কৈছে। সন্দিকৈয়ে এই কামটোকে প্ৰাচ্য সাহিত্যৰ তিনিখন বিখ্যাত গ্ৰন্থৰ ক্ষেত্ৰত সুকলমে সম্পাদন কৰিছে। ফলত, ভাষা চৰ্চা আৰু বিভিন্ন প্ৰাচীন জটিল গ্ৰন্থৰ অধ্যয়নৰ সৈতে তেওঁৰ এক আৱেগিক সম্পৰ্ক স্থাপন হৈছিল।সাম্প্ৰতিক কালৰ বিভিন্ন ৰাজনৈতিক ঘটনা প্ৰবাহ আৰু গণতান্ত্ৰিক প্ৰমূল্যসমূহৰ অধোগতিৰ দিনত আদৰ্শ তথা আদৰ্শৰ প্ৰতি দায়বদ্ধতাক কৃষ্ণকান্ত সন্দিকৈৰ সৰল কিন্তু দৃঢ় জীৱনবোধৰ মাজত বিচাৰি পাব পাৰি।