সৰাপাত
অলকা বুজৰ বৰুৱা
টিহু , নলবাৰী
পদূলিমুখৰ নাহৰজোপাৰ সৰাপাতবোৰ অনন্ত বৰাই সাৰি এঠাইত গোট খুৱালে ।তেওঁৰ নিজকে আজি এই সৰাপাতবোৰৰ স’তে তুলনা কৰিবলৈ বৰ মন গ’ল।গছৰ পাতবোৰে সজীৱ হৈ থাকোতে গছজোপাক যেতিয়ালৈ খাদ্যৰ যোগান ধৰিব পাৰে তেতিয়ালৈহে তাৰ মূল্য।পাতবোৰ বুঢ়া হৈ সৰি পৰাৰ পৰাই তাৰ মূল্য নোহোৱা হয়।
অনন্ত বৰাৰ নিজকে আজি সৰাপাত যেনেই লাগিল। সন্তান জন্ম হোৱাৰ পিছত মাক- দেউতাক হঁতৰ এটাই আশা কেনেদৰে সন্তানটোক ভালৰো ভাল এসাজ খুৱাব পাৰি, কেনেদৰে এসাজ দামী কাপোৰ দিব পাৰি,কেনেদৰ ভাল বিদ্যালয় এখনত পঢ়াব পাৰে।অনন্তইও পুতেক ভাস্কৰ আৰু জীয়েক ৰজিতাক বহুত টকা পইচা খৰচ কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱাইছিল ।নিজা নিজা জীৱনত দুয়োজনেই আজি সুপ্ৰতিষ্ঠিত। কিন্তু দেউতাকৰ খবৰ ল’বলৈ সিহঁতৰ সময় নাই।পত্নীৰ মৃত্যুৰ পিছত জীয়েক পুতেকহঁতে তেওঁক বৃদ্ধাশ্ৰমত থোৱাৰ যোজা কৰিছিল । কিন্তু তেওঁ সিহঁতৰ কথাত মান্তি নহ’ল । তেওঁ পুত্ৰ কন্যাক কঠোৰ ভাবে কৈছিল –” যি খন ঘৰত মোৰ জন্ম হৈছিল মই সেই ঘৰখনতেই চকু মুদিম । তহঁতৰ মোক দিবলৈ সময় নাই তাত মোৰ কোনো অভিযোগ নাই । তহঁত যেনেকৈ থাকি সুখী হৱ তেনেকৈয়ে থাক। কিন্তু মই এই ঘৰ এৰি ক’লৈকো নাযাও । ইয়াত মোৰ শৈশৱ, কৈশোৰ,যৌৱন সকলো সময়ৰ স্মৃতি জড়িত হৈ আছে ,মাৰৰ স’তে পাৰ কৰা সময়ৰ মধুৰ স্মৃতিবোৰ সিচঁৰতি হৈ আছে । সেই স্মৃতিবোৰ লগত লৈয়ে কটাই দিম জীৱনৰ বাকী দিনবোৰ । ” আজি এবছৰেই হ’ল পুত্ৰ কন্যাই তেওঁৰ খবৰ নোলোৱা । এতিয়া সিহঁতৰ ওচৰত তেওঁ গুৰুত্বহীন ঠিক সৰাপাতবোৰৰ দৰেই ।