মাজুলী স্বাস্থ্য বিভাগৰ উদ্যোগত স্বাস্থ্য শিবিৰ

মাজুলী স্বাস্থ্য বিভাগৰ উদ্যোগত স্বাস্থ্য শিবিৰ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা জিলাখনত বানপানীৰ সময়ত জনসাধাৰণৰ হ’ৱ পৰা সাম্ভাব্য বেমাৰৰ প্ৰতি লক্ষ্য ৰাখি  জিলাখনৰ বিভিন্ন প্ৰান্তত‌ নিতৌ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। বিশেষকৈ বানাক্ৰান্ত অঞ্চল সমূহত বানপীড়ীত ৰাইজৰ সাহাযাৰ্থে এই স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় । জিলাখনৰ জুগুনীধাৰী , খৰিছাখোৱা, কুলামৰা , বাহিৰ মৰংগীয়াত , আউনীআটী, বালি বৰপমুৱা, যোগীবাৰী, তামোলঘুলি, শুকানসুঁতি বণিয়া গাঁও, চূমৈমাৰী , বৰদোৱা চাপৰি , মধুপুৰ চাপৰি , অৰ্জুনগুৰি গাওঁ , জুগুণিধাৰী, বৰালীমৰা, নামনি গেজেৰা, পুৰণি সত্ৰ আৰু দীঘলী গাঁও, বৰটানি গাঁও, , বনগাঁও আদি অঞ্চলত ইতিমধ্যে এই স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।