অকালতে প্ৰাণ হেৰুৱা অৱিনাশৰ ঘৰলৈ খৱৰ ল’বলৈ যায় ভূপেন বৰাই

অকালতে প্ৰাণ হেৰুৱা অৱিনাশৰ ঘৰলৈ খৱৰ ল’বলৈ যায় ভূপেন বৰাই

ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সঁজাতী দল এটাই আজি সভাপতি ভূপেন বৰাৰ নিৰ্দেশ মৰ্মে গুৱাহাটীৰ উন্মুক্ত নলাত পৰি অকালতে প্ৰাণ হেৰুওৱা ৮ বছৰীয়া অবিনাশ সৰকাৰৰ ঘৰলৈ যায়৷ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সঁজাতী দলটোৱে মহানগৰীৰ নুনমাটিৰ ভৱানীপুৰৰ মায়ানগৰস্থিত ঘৰখনলৈ গৈ শোকসন্তপ্ত পিতৃ-মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকলক সান্ত্বনা দিয়াৰ লগতে এই মৰ্মবেদনা সহিব পৰাকৈ নেদেখাজনক সাহস দিবলৈ প্ৰাৰ্থনা কৰে৷ সঁজাতী দলটোৱে ঘটনাটোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে অবিনাশ সৰকাৰৰ আত্মাৰ সদ্গতি কামনা কৰে৷ সঁজাতী দলটোত আছিল ববিতা শৰ্মা, গুণকান্ত গগৈ, বালিকা লাহন পেগু, ৰূপা দেউৰী, বিপুল গগৈ, খলিলুৰ ৰহমান, মৌচুমি নেওগ, মাইনাজান বেগম আৰু আনচুলা দৈমাৰী।