লাইফ ইন্স্যুৰেঞ্চ
(১)
পৰিয়ালৰ পোহপাল দিয়াত অসমৰ্থ হোৱা আৰু দেউতাকৰ চিকিৎসা কৰোৱাৰ চিন্তাই হেঁচা মাৰি ধৰাত ল’ৰাজনৰ প্ৰস্তাৱটো গ্ৰহণ কৰিবলৈ বুকু নকঁপিলে তেওঁৰ । গধূলিলৈ বন্ধু আৰাফাতৰ ঘৰলৈ গৈ তেওঁৰ বাইকটো খুজি আনিলে । উদ্দেশ্য হিচাপে টাউনত দেউতাকৰ দৰৱ আনিবলৈ যাব বুলি কোৱাত আৰাফাতেও আপত্তি নকৰিলে । ঘৰলৈ আহোঁতে এটা মাস্ক , সচৰাচৰ লোকে পৰিধান কৰা এযোৰ কাপোৰ লগতে এটা ৰেইনকোট কিনি আনিলে । জীৱনত প্ৰথমবাৰৰ বাবে লোৱা এনে সিদ্ধান্তই তেওঁৰ জীৱনলৈ ভয়ংকৰ বিপদ নামি আহিব পাৰে বুলি এবাৰো নাভাবিলে তেওঁ । ঘৰত বস্তুবোৰ থৈ সৰু প্লাষ্টিকৰ বাল্টি এটা লৈ ঘৰৰ সন্মুখৰ ৰাস্তাটোলৈ আহিল । বৰষুণত ফলত ৰাস্তাত জমা হোৱা পানীৰ তলৰ পৰা আধা বাল্টি বোকা তুলি বাল্টিটোত ভৰালে লগতে কেৰা চকুৰে চাৰিওফালে চাই উমান ল’লে তেওঁক কোনোবাই লক্ষ্য কৰিছে নেকি । নাই , ওচৰে-পাজৰে মানুহ নাই । বোকাখিনি লৈ ঘৰলৈ গ’ল তেওঁ । বাইকখন ডাব’ল ষ্টাণ্ড কৰি বাল্টিত লৈ অনা বোকাখিনি পিছফাল আৰু আগফালৰ নাম্বাৰ প্লেটত এনেভাবে ছটিয়াই দিলে যে নাম্বাৰকেইটা ঢাকি গ’ল ।
(২)
উলহ-মালহেৰে ঈদ উৎযাপন কৰি আবেলি মানুহবোৰে ৰাস্তা-ঘাটত প্ৰচণ্ড ভিৰ কৰিছে । সচৰাচৰ পেচেঞ্জাৰৰ অভাৱত বহি বহি টোপনি মৰা মানুহবোৰৰ ই-ৰিক্সাসমূহত আজি উপৰ্যুপৰি পেচেঞ্জাৰ । অঞ্চলটোৰ মাজেৰে বৈ যোৱা নদীখনত দীঘলীয়া ব্ৰিজখন হোৱাৰে পৰা প্ৰতিবছৰ ঈদৰ সময়চোৱাত প্ৰচণ্ড ভিৰ হয় । কোনোবাই নদীৰ সৌন্দৰ্য উপভোগ কৰে , কোনোবাই ফটো শ্বুট কৰে , কোনোবাই ভিডিঅ’ শ্বুট কৰে । মুঠতে এক জাকজমকতাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় । আজিও তাৰ ব্যতিক্ৰম নহয় । চিৰালফাট মেলা ব্ৰিজখনৰ দৈৰ্ঘ্য প্ৰায় এক কিলোমিটাৰ। দুয়োকাষৰ ফুটপাথৰ পৰা আৰম্ভ কৰি গোটেইখন ব্ৰিজ ভৰ্তি মানুহেই মানুহ । অৱশ্যে ব্ৰিজখনৰ সোঁমাজেৰে চাৰিচকীয়া বাহনবোৰ আৰামতে পাৰ হৈ যাব পাৰে । বহু দূৰ দূৰণিৰ মানুহো আহিছে আজি । কিন্তু তেনে পৰিৱেশত তৰুণ যুৱকসকলৰ বাইক চলোৱাৰ তাণ্ডৱ চালে শৰীৰৰ নোম শিয়ৰি উঠে । ব্ৰিজখন বা ইয়াৰ ইপাৰে-সিপাৰে প্ৰতিটো ঈদৰ সময়ত এক্সিডেন্টত পতিত হৈ দুই চাৰিজনকৈ মানুহ মৰেই ।
(৩)
” মা , ৰেছমিনে কল কৰিছিল । তোমাক তাইৰ ঘৰলৈ আজিয়েই মাতিছে । ” – পুত্ৰৰ কথাত মাকজনীয়ে আপত্তি দৰ্শালে । কাৰণ ঈদৰ গধূলিটোত ইঘৰ-সিঘৰৰ তিৰোতাবোৰ আহি মানুহজনীক বিচাৰিব পাৰে । আৰু অহাৰে কথা কাৰণ বছৰত মাত্ৰ দুটা ঈদতেই তিৰোতাবিলাকে যি অলপ সময় পায় । বছৰ জুৰি কাপোৰ-কানি ধোৱা , ঘৰ চাফা কৰা আৰু বাচন মাজা ইত্যাদি কৰোঁতেই যায় । পুত্ৰই বাৰে পতি দিয়া হেঁচাত ৰ’ব নোৱাৰিলে মানুহজনী । বাপেক নথকা ল’ৰা ছোৱালী দুটাক কেতিয়াও অভাৱ অনুভৱ কৰিব নিদিয়া মানুহজনীয়ে আজি নগ’লে হয়তো ছোৱালীয়ে মনত কষ্ট পাব পাৰে । কিছু সময় পাছত ছোৱালীৰ ঘৰলৈ বুলি ঘৰৰ পৰা ওলাল । বাহিৰত কিনকিয়া বৰষুণ বুলি ছাতাটো লগত ল’লে । ছোৱালীৰ ঘৰখন অৱশ্য বেছি দূৰ নহয় , নৈখনৰ সিপাৰেই । ব্ৰিজখন তৈয়াৰ হোৱাৰ আগতে ঘন্টাৰ পাছত ঘন্টা জুৰি বুটবুটি নাৱৰ কাৰণে অপেক্ষা কৰিব লাগিছিল । আজিকালি ই-ৰিক্সাত উঠিলেই ঘপহকৈ গৈ পাই যায় ।
ৰিক্সাৰ চিটত বহি তেওঁৰ মনত ভাহি উঠিল অতীতৰ দিনবোৰৰ কথা । তেওঁৰ এতিয়াও স্পষ্টকৈ মনত আছে । তেওঁৰ বিয়াৰ দ্বিতীয়টো বছৰত এবাৰ মানুহজনৰ লগত ওলাইছিল আলহী খাব যাব বুলি । আলহী ঘৰলৈ যোৱাৰ ৰাস্তা এইফালেদিয়েই আছিল । গৰাখহনীয়াৰ কাৰণ বাৰে বাৰে নৈৰ ঘাট সলনি কৰিবলগীয়া হোৱাত তেওঁলোকে ঘাট বিচাৰি পোৱা নাছিল । ঘাট বিচাৰি নোপোৱাত চৰলৈ ঘাঁহ কাটিবলৈ যাব ধৰা নাও এখনক মাতি নৈখন পাৰ কৰি দিবলৈ অনুৰোধ জনালে বিনিময়ত ২০ টকা দিব । ন শিকাৰু নাৱৰীয়াজনে ২০ টকাৰ লালসাত পৰি ততাতৈয়াকৈ সিহঁতৰ প্ৰস্তাৱত সন্মতি প্ৰদান কৰিলে আৰু সিহঁতৰ চাইকেলখন নাৱত তুলিলে । সৰু টুলুং বুটুং নাওখনত ভয়ে ভয়ে দুয়ো ভৰিখন ৰাখোঁতেই এফাল কাতি হৈ ওলটি গ’ল আৰু তিনিও পানীত পৰিল । বহুত কষ্টৰ বিনিময়ত তিনিও পাৰত উঠিলে যদিও চাইকেলখনক ধাৰে উটুৱাই লৈ গ’ল । শহুৰেকে দিয়া চাইকেলখন এনেদৰে উটি যোৱাত মানুহজনীয়ে বৰ দুখ পালে । গিৰিয়েকে আশ্বাস দিলে পৰৱৰ্তী মাহৰ দৰমহাৰে হুবহু চাইকেল কিনি আনিব বুলি । লগতে ঘটনাটো মাকৰ ঘৰলৈ নাযায় যাতে তাৰ বাবে অনুৰোধ জনালে ।
কথামতে পাছৰ মাহৰ দৰমহাৰে চাইকেল কিনি আনিলে । মানুহজনী বহুত সুখ পালে । শিক্ষকতা কৰি তেওঁলোকৰ দিনবোৰ ভালদৰেই পাৰ হৈ আছিল যদিও যেতিয়া সন্তান দুটা ছয়/সাত বছৰ , তেতিয়া মানুহজন কেঞ্চাৰত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে । আজিকালি মানুহজনীয়ে গিৰিয়েকৰ পেঞ্চনৰে চলে লগতে ঘৰৰ পদূলিত সৰু ঘন্টি দোকান এখনো আছে । তাৰে পৰা এল.আই. চি.ৰ কিস্তিটো চলায় । ১৬ বছৰীয়া ১০ লাখটকীয়া এল.আই.চি.খনৰ সময়সীমা পৰিপূৰ্ণ হওঁতে আগলৈ তিনি বছৰ বাকী । সপোন আছে এল. আই. চি.ৰ পইচাবোৰ পালে তাৰে আধা পইচা বৃদ্ধাশ্ৰম এখনত দান কৰিব । কাৰণে ল’ৰাটোৰ মতি গতি সিমান ভাল নহয় । তেওঁ মৰাৰ পাছত ল’ৰাটোৱে নামাজ পঢ়িব নে নাই , মছজিদ মাদ্ৰাছাত এটকা দান কৰিব নে নাই তাৰ কোনো নিশ্চয়তা নাই । (বৃদ্ধাশ্ৰমত এল. আই. চি.ৰ আধা পইচা দান কৰাৰ কথাটো ল’ৰা-ছোৱালী দুয়োটাই গম পায় ।) ল’ৰাটোৱে একো কাম-বন একো নকৰে । বন্ধু-বান্ধৱৰ লগত আড্ডা দিয়া , ড্ৰাগছ সেৱন কৰা , মদ-ভাং খোৱা এইবোৰেই তেওঁৰ দৈনন্দিন কাম ।
ড্ৰাইভাৰজনে ব্ৰেক মৰাত মানুজনীয়ে কল্পনাৰ জগতৰ পৰা ঘূৰি আহিল । সন্মুখত আধাভগা বেৰিকেড । ব্ৰিজখনত মানুহৰ প্ৰচুৰ ভিৰৰ কাৰণে আজি ই – ৰিক্সাখনে ব্ৰিজৰ ওপৰেৰে পাৰ হোৱাটো কঠিন । ড্ৰাইভাৰজনৰ আদেশত মানুহজনী নামি গ’ল । পলিথিনৰ টোপোলা এটাৰ পৰা ভাঁজ লাগি থকা বিছটকীয়া নোট এখন ড্ৰাইভাৰজনক আগবঢ়াই দি ব্ৰিজৰ ফালে খোজ ল’লে । ব্ৰিজখনত ভৰিখন ৰাখোঁতেই সন্মুখৰ পৰা আহি থকা তীব্ৰবেগী বাইক এখনে মানুহজনীক জোৰেৰে খুন্দা মাৰি পেলাই দিলে । ওচৰৰ মানুহবোৰ পৰিস্থিতিটো বুজি পোৱাৰ আগতেই বাইকখনৰ স্পীড্ বঢ়াই বাইক আৰোহীৰজন গুছি গ’ল । ৰেইনকোট আৰু হেলমেট পিন্ধাৰ বাবে তেওঁৰ চেহেৰা কোনোৱেই ধৰিব নোৱাৰিলে । কিছুমানে বাইকৰ নাম্বাৰ নোট কৰিবলৈ চেষ্টা কৰিও অসমৰ্থ হ’ল কাৰণ নাম্বাৰ প্লেটটোত বোকা লাগি থকাত নাম্বাৰকেইটা দেখা পোৱা নাই । মানুহজনীৰ দুভাগ হৈ ফটা মূৰৰ পৰা তেজ বৈ ৰক্তাক্ত হৈ পৰিল ৰাস্তাটো । ছোৱালীজনীৰ বাবে লৈ অনা পায়সখিনি ৰাস্তাৰ মাজতে পৰি ৰ’ল আৰু টিফিনটো বাগৰি গৈ কচুগছৰ গুৰিত লাগি থাকিল । দুই এটা কুকুৰে পায়সখিনি চেলেকিব ধৰিলে । কোনোবাই ভিডিঅ’ কৰিছে , কোনোবাই পুলিচ মাতিছে , কোনোবাই এম্বুলেন্স মাতিছে। এক্সিডেন্টৰ ঠিক তিনি/চাৰি মিনিট পাছতেই পুতেকে উপস্থিত হৈ চিঞৰি চিঞৰি কান্দিব ধৰিলে । মানুহবোৰে পুতেক বুলি গম নাপায় কাৰণে তেওঁৰ কান্দোন চাই আচৰিত পালে । সাংবাদিকে পৰিচয় সোধাত মৃতকৰ পুতেক বুলি পৰিচয় দিলে । ইতিমধ্যে এম্বুলেন্স আহি পালেহি । ধৰা-ধৰিকৈ মাকক এম্বুলেন্সত তুলি মাকৰ ভৰিৰ ফালে বহিলে । ইতিমধ্যে ছোৱালীজনীও আহি পালে । তায়ো এম্বুলেন্সত বহিল । ইমান সোনকালে ল’ৰা-ছোৱালী দুটাই খবৰ কেনেকৈ পালে আৰু খবৰ পালেও কেনেকৈ অচিৰেই ঠাইখনত আহি পালে সেয়া প্ৰশ্নযোগ্য । দুয়ো মাকক সাবটি ধৰি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে । ইতিমধ্যে এম্বুলেন্সখন গৈ হাস্পাতালৰ ইমাৰ্জেন্সি ৰুম পালে । নাই মানুহজনীয়ে ইতিমধ্যে ইহ সংসাৰ ত্যাগ কৰিছে । মৃতদেহটো প’ষ্টমৰ্টেম কৰা ঠাইলৈ স্থানান্তৰ কৰিলে । প’ষ্টমৰ্টেমৰ অন্তত এম্বুলেন্সে আনি ঘৰত দি থৈ গ’ল ।
“মা তুমি কৈছিলা মই ভাল হৈ গ’লে তুমি শান্তি পাবা । মই মই কথা দিছোঁ আৰু কেতিয়াও বেয়া বস্তু নাখাও মা , তুমি আমাক থৈ নাযাবা মা ।” – ল’ৰাটোৰ আৰ্তনাদত উপস্থিত প্ৰত্যেকজন মানুহৰ চকুত চকুলো । ছোৱালীজনীও মাজে মাজে অজ্ঞান হৈ পৰে । সকলোৱে হাতে-মুখে পানী ছটিয়াই জ্ঞান ফিৰাই আনে । দেউতাকৰ মৃত্যুৰ পাছত আপোন বুলিবলৈ একমাত্ৰ মাকেই আছিল ছাঁৰ দৰে । কিন্তু সেই ছাঁ কণো আজিৰ পৰা নাইকীয়া হ’ল ।
প’ষ্টমৰ্টেম কৰা শটো বেছি দেৰি ৰাখিলে পৰিৱেশ বিনষ্ট হ’ব বুলি গাঁৱৰ মানুহে বুজাই পৰাই সোনকালে কবৰস্থ কৰিলে । মাউৰা ল’ৰা-ছোৱালী দুটাই খোৱা-বোৱা এৰি দিলে । গিৰিয়েকৰ বুজনিত তাই সহজ হ’ল । ল’ৰাটোও আজিৰ পৰা প্ৰতিজ্ঞা কৰিলে তেওঁ নিজৰ কু-অভ্যাসবোৰৰ পৰা নিজকে পৃথক কৰিব অতি সোনকালেই ।
মাকৰ মৃত্যুৰ আজি এসপ্তাহ । মাকৰ এল. আই. চি.খনত নমিনি হিচাপত দুয়োটা সন্তানৰ নামেই দিয়া হৈছিল । হাস্পাতালৰ পৰা ডেথ্ চাৰ্টিফিকেটখন উলিয়াই তেওঁলোকে এল. আই. চি. এজেন্টজনৰ লগত যোগাযোগ কৰিলে । এজেন্টজনে আশ্বাস দিলে অতি কম সময়তেই সিহঁতে হাতত টকাখিনি পাই যাব । পৰিস্থিতিয়ে গতি সলাব ধৰিলে । ছোৱালীজনী ইমানদিনে মাকৰ ঘৰতেই আছিল যদিও আজি ঘৰলৈ গুছি গ’ল । হেজাৰ হ’লেও তাইৰো সংসাৰ আছে । ঠিক তিনি মাহৰ মূৰত তেওঁলোকে এল. আই. চি. ৰ টকাখিনি হাতত বুজি পালে ।
টকাখিনি হাতত পাই দুয়ো উচুপি উঠিল কাৰণ টকাই কেতিয়াও মাকৰ অভাৱ পূৰ কৰিব নোৱাৰে ।
(৪)
-হেল্লো…
-অহ কোনে কৈছে ?
-মই কোন সেয়া পাছত হ’ব । শুন ! এল. আই. চি.ৰ পৰা পোৱা টকাৰ তিনিভাগৰ এভাগ মোলৈ পঠিয়াই দে , নহ’লে সম্পূৰ্ণ তথ্য লৈ ডাইৰেক্ট থানাত গৈ হাজিৰ হ’ম । প্ৰয়োজন হ’লে তহঁত দুটাক লৈয়েই জে’লত যাম মনত ৰাখিবি ।মাতৃহত্যাৰ দায়ত দুয়ো পচি মৰিবি জেইলত ।
কাজি শ্বাহাদত ইছলাম, জনিয়া, বৰপেটা