কামাখ্যাধামত আৰম্ভ হ’ল মহা অম্বুবাচী মেলা

কামাখ্যাধামত আৰম্ভ হ’ল মহা অম্বুবাচী মেলা

ৰঙিলী বাৰ্ত্তাসেৱা- শংখ, ধূপ, দীপ, নৈবেদ্য আৰু আয়তীৰ মংগল উৰুলিৰ মাজেৰে নীলাচল পাহাৰৰ কামাখ্যাধামত আৰম্ভ হ’ল মহা অম্বুবাচী মেলা।  পুৱা ৮ বজাৰ পূর্বেই নিত্য-নৈমিত্তিক পূজা-অৰ্চনাৰ পিছতে প্রবৃত্তিৰ লগে লগে বন্ধ কৰি দিয়া হয় মন্দিৰৰ মূল দ্বাৰ। সভক্তিৰে দেৱীৰ শ্ৰীচৰণত সেৱা আগবঢ়াই ভক্তপ্ৰাণ ৰাইজেও দেৱীৰ গুণানুকীৰ্তনৰ মাজেৰে আৰম্ভ কৰিছে অম্বুবাচীৰ ব্ৰত।আধ্যাত্মিকভাৱে যথেষ্ট তাৎপর্য বহন কৰা অম্বুবাচীয়ে প্ৰকৃততে দেৱীশক্তিৰ ৰূপত নাৰী সমাজক প্রতিনিধিত্ব কৰি আহিছে। দেৱীৰ এই উৎসৱক ব্রত হিচাপে গ্রহণ কৰি অম্বুবাচীলৈ পুণ্য অৰ্জনৰ বাবে অহা ভক্ত-দর্শনার্থীৰে এতিয়া উদুলি-মুদুলি হৈ পৰিছে নীলাচলৰ পুণ্যভূমি কামাখ্যা। মন্দিৰৰ যিফালেই চোৱা নহওক কিয়, সকলোফালেই দেৱীৰ গুণানুকীৰ্তন চলিছে। ভক্ত-দর্শনার্থীৰ আধ্যাত্মিক প্রভাবে এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত কৰিলে কামাখ্যা ধামক। যদিও এই সময়ছোৱা প্ৰকৃতিৰ অশৌচ বুলি গণ্য কৰা হয় তথাপি তান্ত্রিক সাধনাৰ বাবে এই সময়খিনি যথেষ্ট তাৎপর্যপূর্ণ বুলি মন্তব্য কৰিছে কেইবাজনো ভক্ত-দর্শনার্থীয়ে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সাধু-সন্ন্যাসী দর্শনার্থী মেলালৈ আহিছে। ৰাইজৰ যাতে এই সময়ছোৱাত কোনোধৰণৰ অসুবিধা নহয় তাৰ প্ৰতিও সকলো দৃষ্টি ৰাখিছে ৰাজ্য চৰকাৰে। মেলালৈ অহা দর্শনার্থী-ভক্তসকলে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে মহানগৰ আৰক্ষীৰ লগতে কামৰূপ মহানগৰ জিলা প্রশাসন, স্বাস্থ্য বিভাগৰ কৰ্মীয়ে দিন-ৰাতি একাকাৰ কৰি পেলাইছে। চাফাই কৰ্মীৰ পৰা আৰম্ভ কৰি চিকিৎসক, আৰক্ষী সকলোৱে প্রতি মুহূর্ততে ভক্তসকলক সহায় কৰিবলৈ তৎপৰ হৈ পৰিছে। আশ্রয় শিবিৰৰ লগতে পানী যোগান, পৰিবহণ আদি বিভাগেও প্রয়োজনীয় সহায়খিনি ৰাইজক আগবঢ়াইছে। উল্লেখ্য যে মেলাখন আনুষ্ঠানিকভাবে সন্ধিয়া পাণ্ডু বন্দৰৰ শিবিৰত আয়োজিত এক অনুষ্ঠানত উদ্বোধন কৰে পৰ্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱাই। মেলাখন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে দেৱীৰ আশীৰ্বাদতে বিগত কেইবাবছৰ ধৰি চৰকাৰে মেলাখন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে বুলি কয়। তেওঁ কয় যে পূর্বতে লক্ষাধিক ভক্তৰ সমাগম হোৱা অম্বুবাচী মেলাত শেহতীয়াকৈ প্রতিবছৰে দৰ্শনাৰ্থীৰ সংখ্যা কেইবা লাখলৈ বৃদ্ধি পাইছে। পাণ্ডুৰ বন্দৰ আৰু কামাখ্যা ৰে’ল ষ্টেচনত দুটাকৈ আশ্রয় শিবিৰ পতা হৈছে যদিও প্রয়োজনত অধিক শিবিৰ মুকলি কৰিবলৈ চৰকাৰে দ্বিধাবোধ নকৰে। ৰাইজে যাতে কোনোধৰণৰ অসুবিধা নাপায় তাৰ প্ৰতি সতর্ক দৃষ্টি ৰাখিবলৈ প্রতিটো বিভাগক নির্দেশ দিয়া হৈছে বুলিও তেওঁ লগতে কয়। যিয়েই নহওক দেৱীৰ আশিসেৰে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হোৱা কামাখ্যাধাম এতিয়া সকলো ৰাইজৰ বাবে বিশ্বাস আৰু আস্থাৰ থলী হৈ পৰিছে।