সংকল্প কৰা যোগভ্যাস – যমুনা দুলু বৈশ্য

সংকল্প কৰা যোগভ্যাস

 যমুনা দুলু বৈশ্য
শুৱালকুছি

কেতিয়াবা অকলশৰীয়া বা
নিসংগতাই বেঢ়ি ধৰিলে
মনত দুখ বোৰে খামুচি ধৰে ,
শ্বাস -প্ৰশ্বাসত মানসিক স্থিতি
হেৰুৱাই নানা চিন্তাই আগুৰি ধৰি
ভ্ৰান্ত ধাৰণাই শৰীৰ দূৰ্বল কৰে
তেনেকুৱা কৰেনে তোমাৰ ?
আচলতে মনৰ বিকাৰক নাশ কৰিবলৈ
প্ৰতিদিনে যোগাত্মক সৃষ্টিৰ শক্তি ৰূপ পাবলৈ
যোগ আৰু ব্যায়ামে মানসিক সুস্থিৰতাৰ
সাধনেৰে অন্তৰাত্মা জাগৃত কৰি
বিতৃষ্ণাৰ অনুভূতিক ধ্বংস কৰিবা,
আত্মঅভিমানীয়ে মনক ছলনাৰে
ভয়ানক পৰিণতিৰে অৱশ কৰিব পাৰে
হতাশ নহ’বা ,দেহত অংকুৰিত পীড়াক
নেওচি ,সংকল্প কৰা যোগভ্যাস ,
তেতিয়া পাবা শৰীৰ ,মনত, সঞ্চালিত হৈ
একাগ্ৰতাৰ স্থিতিৰ কৰ্মত প্ৰাপ্তি ।