অসমৰ মীন প্ৰযুক্তি আৰু ইয়াৰ আশাব্যঞ্জক সম্ভাৱনীয়তা-উৎপল কলিতা

pc-krishi jagaron

অসমৰ মীন প্ৰযুক্তি আৰু ইয়াৰ আশাব্যঞ্জক সম্ভাৱনীয়তা
———————————-
প্ৰায় সত্তৰ দশকৰ পৰা অসমত বাণিজ্যিক ভিত্তিত ফলপ্ৰসু ঔদ্যোগিক পাম হিচাপে চিহ্নিত হোৱা অন্যতম এক প্ৰযুক্তি হৈছে মীন প্ৰযুক্তি অৰ্থাৎ মীন পালন । প্ৰাকৃতিক ভাৱে চহকী অসমৰ জলসম্পদ ৰাশিৰ উচিত আৰু উপযুক্ত প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা মৎস্য অৰ্থাৎ মীনৰ উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে ৰাজ্যখনৰ দীৰ্ঘদিনীয়া নিবনুৱা সমস্যা কিছু পৰিমাণে হ’লেও লাঘৱ হৈছে । পৰিসংখ্যা ভিত্তিত পৰ্যবেক্ষণ কৰিলে অসমত নদ-নদী, খাল-বিল, জলাশয় আদি সামৰি প্ৰায় ৩,৯৮,০০০ হেক্টৰ পানীকালি আছে যদিও কিছু কিছু ক্ষেত্ৰত ইয়াৰ চাহিদা অনুযায়ী মাছৰ উৎপাদন সন্তোষজনক নহয় ।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বছৰি এজন মানুহে সম্পূৰ্ণ পৰিপুষ্টিৰ বাবে ১১ কিলোগ্ৰাম মাছ আহাৰ হিচাপে ভক্ষণ কৰিব লাগে । কিন্তু সাম্প্ৰতিক সময়ত মীন পালনৰ চাহিদা অসমত এক ঔদ্যোগ
হিচাপে চিহ্নিত হৈ আহিলেও বছৰি প্ৰায় ১,০০,০০০ মেট্ৰিক টন মাছ বহিঃৰাজ্যৰ পৰা আমদানি হয়। পানী কালি হিচাপে অসমত মাছৰ উৎপাদন কমি থকাৰ কাৰণ সমূহ বিশ্লেষণ কৰিলে দেখা যায় যে, উপযুক্ত প্ৰযুক্তি কৌশলসমূহৰ সঠিক সম্প্ৰসাৰণ আৰু তাক গ্ৰহণ নকৰাটোৱেই অসমত মীন পালন ঔদ্যোগে আশা কৰা ধৰণে ফলপ্ৰসু নোহোৱাৰ প্ৰধান কাৰণ । তাৰোপৰি মাটি-পানীৰ গুণাগুণ আৰু জলবায়বীয় পৰিৱেশেও মংস্য উৎপাদনত যথেষ্ট প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয় ।

অসমৰ ভালেইকেইটা গৱেষণা কেন্দ্ৰৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ে প্ৰতিষ্ঠা কালৰে পৰা মৎস্য পালনৰ ওপৰত বিভিন্ন গৱেষণা চলাই আহিছে । অসমৰ জলবায়বীয় পৰিৱেশৰ সৈতে খাপ-খোৱাকৈ কেইবাটাও মীন পালন প্ৰযুক্তি অসম কৃষি বিশ্ববিদ্যালয়ে মানকৃত কৰি মীন পালন ঔদ্যোগত যথেষ্ট পৰিমাণে সহায় কৰিছে ।

ইতিমধ্যে গহণ(Intensive) পদ্ধতিত মীন পালনৰ বাবে পানীত অম্লজানৰ যোগান ধৰিব পৰা বাতন যন্ত্ৰ, থলুৱা আলংকাৰিক মাছৰ প্ৰজনন আৰু প্ৰতিপালন আদি মূল্য সংযোজন প্ৰযুক্তিয়ে ইতিমধ্যে মংস্য পালনৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছে ।

অসমত আশাব্যঞ্জক সম্ভাৱনীয়তা থকা প্ৰযুক্তিয়েই হ’ল ধান খেতি আৰু মীন পালন । অসমৰ প্ৰায় ২.৬ নিযুত হেক্টৰ দ মাটিত ধান খেতি কৰা হয় আৰু এই মাটিভাগত ৪ৰ পৰা ৬ মাহ পৰ্যন্ত পানী থাকে । পানী থকা অৱস্থাত উপযুক্ত ব্যৱস্থাপনাৰে মাছ উৎপাদনত গুৰুত্ব দিলে অতি কম মূলধন ব্যয়ৰে প্ৰচুৰ পৰিমাণে আয় কৰিব পৰা যায় । নগাঁৱৰ জুৰীয়া তথা ইয়াৰে দাঁতি কাষৰীয়া অঞ্চলত এই ব্যৱস্থাৰে বড়ো ধানৰ খেতি আৰু মীন পালন কৰা দেখা যায় । এনে ধৰণেৰে যদি ৰাজ্যখনৰ প্ৰতিখন জিলাত মীন পালক, ঔদ্যোগী মনোভাৱাপন্ন ব্যক্তি বিশেষ, অসম কৃষি বিশ্ববিদ্যালয় আদিৰ উদ্যোগত এক মৎস্য পালনৰ ক্ষেত্ৰত কৃষি বিপ্লৱৰ সূচনা কৰিব পৰা যায়, তেন্তে শীঘ্ৰেই আন আন ৰাজ্যৰ দৰে অসমেও মীন প্ৰযুক্তিৰে বিশ্ব দৰবাৰত জিলিকিবলৈ সক্ষম হ’ব ।

________
উৎপল কলিতা