NEET-UG পৰীক্ষাৰ ফলাফলৰ অনিয়মৰ বিৰুদ্ধে গুৱাহাটীত ABVPৰ প্ৰতিবাদ

NEET-UG পৰীক্ষাৰ ফলাফলৰ অনিয়মৰ বিৰুদ্ধে গুৱাহাটীত ABVPৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গুৱাহাটী মহানগৰে  গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত NEET-UG 2024 পৰীক্ষা প্ৰক্ৰিয়াৰ সময়ত উত্থাপিত অনিয়ম সমূহৰ ওপৰত চি.বি.আই.ৰ তদন্তৰ দাবী জনাই তীব্ৰ আন্দোলন সাব্যস্ত কৰে। এই সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গাফিলতিৰ তথ্য পোহৰলৈ আহিবলৈ ধৰে, বহু কেন্দ্ৰত প্ৰশ্নকাকত বিতৰণৰ সময়তো অনিয়ম উন্মোচিত হৈছিল। ইয়াৰ ওপৰিও NEET পৰীক্ষাৰ ফলাফলৰ সময়তো বহু লোকে এটা পৰীক্ষা কেন্দ্ৰৰ পৰা সৰ্বাধিক নম্বৰ পোৱাৰ খবৰে পুনৰ সমগ্ৰ পৰীক্ষা ব্যৱস্থাত প্ৰশ্নবোধক চিহ্ন উত্থাপন কৰিছিল। এবিভিপি গুৱাহাটী মহানগৰ সম্পাদক স্বপ্ননীল হালৈয়ে আজি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে যিদিনা লোকসভা নিৰ্বাচনৰ ফলাফল আহি আছিল সেইদিনা সমগ্ৰ চৰকাৰী শাসন ব্যৱস্থা আৰু জনসাধাৰণ নিৰ্বাচনৰ ফলাফলত ব্যস্ত আছিল, একে সময়তে ফলাফল ঘোষণাই বিষয়াসকলৰ এক বৃহৎ দুৰ্নীতিৰ ইংগিত দিয়ে। ইয়াৰ লগতে এই পৰীক্ষাত দিয়া অতিৰিক্ত ‘গ্ৰেচ নম্বৰ’ সমূহ কি পদ্ধতিত দিয়া হ’ব সেই বিষয়ে তাৰ এক সুনিৰ্দিষ্ট প্ৰনালী, নকলৰ প্ৰাদুৰ্ভাৱ বন্ধ কৰিবলৈ আৰু প্ৰশ্ন কাকত ফাদিলৰ প্ৰাদুৰ্ভাৱ দুৰ কৰিবলৈ চৰকাৰী শিক্ষানুষ্ঠান সমূহত পৰীক্ষাৰ কেন্দ্ৰ স্থাপনৰ দাবী জনায় লগতে সমগ্ৰ পৰীক্ষা ব্যৱস্থাত বেচৰকাৰী সংস্থা সমূহ জড়িত কৰাৰ পৰিবৰ্তে সকলো কাম চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা কৰিবলৈ দাবী জনায়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, গুৱাহাটী মহানগৰ সহ সম্পাদক তনিষ্ক দাস কাশ্যপে সমগ্ৰ NEET-UG 2024 পৰীক্ষা প্ৰক্ৰিয়াটোৰ এক নিৰপেক্ষ তদন্ত দাবী জনাই কয় যে এইবাৰ পৰীক্ষাত দেখা দিয়া এই বিসংগতিয়ে ছাত্ৰ-ছাত্ৰী সকলৰ মনত এক নিৰাশাৰ ভাবৰ সৃষ্টি কৰিছে আৰু সমগ্ৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটোৰ প্ৰতি ছাত্ৰ সমাজৰ বিশ্বাসযোগ্য হ্ৰাস কৰিছে। গতিকে ছাত্ৰ সমাজৰ শৈক্ষিক ভৱিষ্যত জড়িত হৈ থকা এই সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটোৰ চিবিআইৰ দ্বাৰা তদন্ত কৰি সমগ্ৰ ঘটনাৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী জনায়।