সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কথা সাহিত্যিক ইমৰান শ্বাহক ডিব্ৰুগড়ৰ সঁজাতি দলৰ সম্বৰ্ধনা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম গৰিয়া-মৰিয়া -দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ডিব্ৰুগড়ৰ পৰা ৬ জুনত যোৱা এটি সঁজাতি দলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কথা সাহিত্যিক পদ্মশ্ৰী অধ্যাপক ইমৰান শ্বাহক শিৱসাগৰৰ নিজা বাসভৱনত গৈ সম্বৰ্ধনা জনায়। অসমীয়া ভাষা – সাহিত্যৰ অক্লান্ত সেৱক তথা অসমী আইৰ সু- সন্তান আৰু অসমীয়া থলুৱা গৰিয়া জনগোষ্ঠীৰ এইজনা মহান সাহিত্যিকে অসমৰ সাহিত্য-সংস্কৃতিলৈ আগবঢ়োৱা তেখেতৰ অতুলনীয় অৱদানৰ বাবে তথা তেখেতৰ কৰ্মৰাজিৰে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰাত তেখেতৰ অসীম কষ্ট আৰু উৎকৃষ্ট অৱদানৰ বাবে অসম চৰকাৰ দ্বাৰা ” আজান পীৰ বঁটা” আৰু ভাৰত চৰকাৰৰ দ্বাৰা “পদ্মশ্ৰী” বঁটাৰে বিভূষিত হয়। যোৱা কিছুদিন পূৰ্বে কৃতজ্ঞ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বাৰা এইজনা মহান ব্যক্তিক ” ডি.লিট.” সন্মানেৰে সন্মানিত কৰে। সেয়েহে এই মহান ব্যক্তি গৰাকীক সদৌ অসম গৰিয়া-মৰিয়া -দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ডিব্ৰুগড়ৰ পৰা যোৱা এটি সঁজাতি দলে ইমৰান শ্বাহক এখনি সম্বৰ্ধনা পত্ৰ , এখন শৰাই,এখন ফুলাম গামোচা আৰু এখন চেলেং চাদৰেৰে সম্বৰ্ধনা জনায়। এই সম্বৰ্ধনা অনুষ্ঠানত কেন্দ্ৰীয় পৰিষদৰ সহ-সম্পাদক ৰুবুল আলী, মুখ্য সাংগঠনিক সম্পাদক ৰমজান আলী , ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰহিমূল হুছেইন, সম্পাদক নাছিৰ আহমেদ লগতে চৰাইদেউ জিলাৰ সভাপতি আৰু সম্পাদকৰ উপৰিও পৰিষদৰ আন আন বিষয়ববীয়া এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে।