স্বাস্থ্য বিভাগত লেবোৰেটৰি টেকনিচিয়ানৰ ভূমিকা আৰু অৱদান – দেবর্ষি গৌতম

স্বাস্থ্য বিভাগত লেবোৰেটৰি টেকনিচিয়ানৰ ভূমিকা আৰু অৱদান

দেবর্ষি গৌতম,বনগাঁও

স্বাস্থ্য বিভাগ বুলি কলে আমাৰ সমাজত সাধাৰণ লোকসকলৰ যি ধাৰণা সেয়া কিন্তু এক সম্যক পৰিধিৰ ভিতৰতে আবদ্ধ। স্বাস্থ্য বিভাগৰ স্বাস্থ্য কৰ্মী বুলি বুলি কলে সাধাৰণ লোক সকলে কিন্তু কেৱল চিকিৎসক আৰু নাৰ্ছ সকলকহে স্বাস্থ্য কৰ্মী বুলি ভাবে। চিকিৎসক আৰু নাৰ্ছ সকলৰ উপৰিও যে এই বৃহৎ স্বাস্থ্য খণ্ডৰ সৈতে আন বহুতো স্বাস্থ্য কৰ্মী জড়িত হৈ থাকে সেই কথা আমাৰ সমাজত আজিও অধিকাংশ লোকেই অৱগত নহয়। স্বাস্থ্য বিভাগত অন্য স্বাস্থ্য কৰ্মী সকলৰ যি ভূমিকা আৰু অৱদান সেয়া সাধাৰণ লোকৰ নজৰৰ পৰা সদায় কিন্তু আঁতৰত থাকে। আমি যেতিয়া কোনো এখন চিকিৎসালয়লৈ আমাৰ বেমাৰৰ চিকিৎসাৰ বাবে যাওঁ তেতিয়া আমাৰ মনত কেৱল এটাই চিন্তা থাকে যে যেনেকৈ হলেও আমি সোনকালে সুস্থ হৈ উঠিব লাগে। এগৰাকী ৰোগীক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত কেৱল চিকিৎসক আৰু নাৰ্ছ সকলক কৃতিত্ব প্ৰদান কৰা হয়। কিন্তু আন কোনো বিভাগৰ সহায় নোলোৱাকৈ কেৱল মাত্ৰ চিকিৎসক আৰু নাৰ্ছ সকলে এগৰাকী ৰোগীক সুস্থ কৰি তোলাতো সম্ভৱ হয় জানো ? এই প্ৰশ্নৰ উত্তৰ যদি আমি বিচাৰি যাওঁ তেনেহলে দেখিবলৈ পাম যে একেবাৰে সাধাৰণ ৰোগৰ ক্ষেত্ৰত সম্ভৱপৰ হলেও জটিলৰ পৰা জটিলতৰ ৰোগৰ ক্ষেত্ৰত কিন্তু এইয়া কোনো পধ্যেই সম্ভৱপৰ নহয়। যেতিয়াই কোনো এগৰাকী ৰোগীয়ে নিজৰ দেহৰ ৰোগ নিৰ্মূলৰ বাবে চিকিৎসকৰ ওচৰলৈ আহে তেতিয়া ৰোগী গৰাকীয়ে যাতে তাৎক্ষয়নিক পৰিত্ৰাণ লাভ কৰে তাৰ বাবে কিছু দৰৱ চিকিৎসকে প্ৰদান কৰে আৰু প্ৰকৃত ৰোগ ধৰা পেলাবলৈ তেজৰ নামুনা পৰীক্ষা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। আনকি যিকোনো এগৰাকী ৰোগীৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ আগতে শল্য চিকিৎসক সকলে ৰোগীগৰাকী অন্য কিবা সংক্ৰমিত হব পৰা ৰোগৰ দ্বাৰা আক্ৰান্ত হয় নেকি সেয়া নিশ্চিত কৰিবলৈ তেজৰ নমুনা পৰীক্ষা কৰিবলৈ দিয়ে। যিকোনো এগৰাকী ৰোগীৰ অস্ত্ৰোপচাৰ কৰিবলৈ হলে শল্য চিকিৎসক সকলে নিৰ্দিষ্ট কিছুমান পৰীক্ষা অবিহনে কোনো পধ্যেই ৰোগী গৰাকীক অস্ত্ৰোপচাৰ কক্ষলৈ লৈ নাযায়। প্ৰায় প্ৰতিটো ৰোগৰ উপস্থিতি কোনো ৰোগীৰ দেহত আছে নে নাই তাৰ নিশ্চিতি কেৱল লেবোৰেটৰিৰ পৰাহে লাভ কৰে। লবোৰেটৰিলৈ অহা অথবা লেবোৰেটৰি টেকনিচিয়ান সকলে সংগ্ৰহ কৰা তেজ আৰু অন্য নামুনা সমূহত কি ৰোগৰ বীজাণু লুকাই আছে সেয়া পৰীক্ষা সম্পন্ন নোহোৱালৈকে নিশ্চিত হব নোৱাৰে। লেবোৰেটৰি টেকনিচিয়ান সকলে নামুনা সংগ্ৰহ কৰাৰ সময়ত অথবা পৰীক্ষা সম্পন্ন কৰাৰ সময়ত বীজাণুৰ উপস্হিতি থকা নামুনাৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শলৈ আহে। এনে সংস্পৰ্শই কিছুমান বীজাণু লেবোৰেটৰি টেকনিচিয়ান সকলৰ দেহলৈ সংক্ৰমণ হোৱাৰ সম্ভাৱনীয়তা অধিক বৃদ্ধি কৰি তোলে।  লেবৰেটৰিত তেজৰ নামুনাৰ পৰা আৰম্ভ কৰি প্ৰস্ৰাৱ, শৌচ, খেকাৰ আদি নামুনা পৰীক্ষা কৰিবলৈ লেবোৰেটৰি টেকনিচিয়ান সকল মানসিকভাৱে অতি শক্তিশালী হব লাগে। লেবোৰেটৰি টেকনিচিয়ান সকলৰ কৰ্ম যে কেৱল লেবৰেটৰিতৰ ভিতৰতে সীমাবদ্ধ তেনে নহয়। ব্লাড বেংকৰ প্ৰতিটো স্পৰ্শকাতৰ কামৰ দায়িত্ব লেবোৰেটৰি টেকনিচিয়ান সকলৰ ওপৰতে থাকে। তেজৰ প্ৰয়োজন হোৱা এগৰাকী ৰোগীৰ ক্ষেত্ৰত ব্লাড বেংকত থকা লেবোৰেটৰি টেকনিচিয়ান সকলে পৰীক্ষা নিৰীক্ষা কৰি নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট তেজহে চিকিৎসকে ৰোগীগৰাকীক প্ৰদান কৰে। লেবোৰেটৰি টেকনিচিয়ান সকলে সম্পাদন কৰা কৰ্মৰ জৰিয়তে তেওঁলোকৰ দেহলৈ ভাইৰাছ অথবা বীজাণু সংক্ৰমণ হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে। এইডছ, হেঁপাটাইটিছ, যক্ষ্মা আদিৰ দৰে ভয়াবহ ৰোগৰ বীজাণু কোনো ৰোগীৰ দেহত আছে নে নাই তাৰ পৰীক্ষা লেবোৰেটৰি টেকনিচিয়ান সকলে সম্পন্ন কৰিব লাগে। নিশ্চিতভাৱে পৰীক্ষা সম্পন্ন কৰাৰ সময়ত লেবোৰেটৰি টেকনিচিয়ান সকলে প্ৰয়োজনীয় সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। এনে সুৰক্ষা ব্যবস্থাই যে এগৰাকী লেবোৰেটৰি টেকনিচিয়ানৰ জীৱনক এশ শতাংশই সুৰক্ষিত কৰিবলৈ সক্ষম হয় তাৰ নিশ্চিতি আজিলৈকে কোনেও প্ৰদান কৰিব পৰা নাই। আচলতে লেবোৰেটৰি টেকনিচিয়ান সকলে তেজৰ উপৰিও অন্য নমুনাৰ পৰীক্ষা সম্পন্ন কৰি দিয়া ফলাফলৰ ওপৰত ভিত্তি কৰিয়ে চিকিৎসক সকলে ৰোগীক চিকিৎসা প্ৰদান কৰে আৰু ৰোগীক সুষ্ঠ কৰি তুলিবলৈ সক্ষম হয়। লেবোৰেটৰি টেকনিচিয়ান সকলে কৰা পৰীক্ষাত যদি অকণমানো হীনদেৰী হয় তেনেহলে তাৰ ফল কি হব পাৰে সেয়া সহজে অনুমেয়। এনেবোৰ কাৰণতে এগৰাকী লেবোৰেটৰি টেকনিচিয়ানে কৰ্মৰ সময়ত ব্যক্তিগত তথা পাৰিবাৰিক সকলো চিন্তা আঁতৰাই নিজকে মানসিকভাৱে শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰিব লাগে। স্বাস্থ্য বিভাগৰ ইমান দায়িত্বশীল আৰু স্পৰ্শকাতৰ বিভাগত পৰ্দাৰ আঁৰৰ পৰা কৰ্ম সম্পাদন কৰি থকা লেবোৰেটৰি টেকনিচিয়ান সকলক একাংশ দায়িত্ববাহী বিষয়াই কৃতিত্ব প্ৰদান কৰিবলৈ কিয় কুণ্ঠাবোধ কৰে সেয়া কিন্তু অতিকৈ চিন্তনীয় বিষয়। বহু সময়ত যেতিয়া লেবৰেটৰি বিভাগৰ সফলতা আহে তেনে সময়ত সেই সফলতাৰ কৃতিত্ব লেবোৰেটৰি টেকনিচিয়ান সকলক দিয়াৰ পৰিবৰ্তে সেই কৃতিত্ব লবলৈ দায়িত্ববাহী বিষয়া সকলৰ হেতাওপৰা লাগে, কিন্তু যেতিয়াই কিবা বিফলতাৰ সংকেত আহে তেতিয়া কিন্তু তাৰ সম্পূৰ্ণ দায়িত্ব কেৱল লেবোৰেটৰি টেকনিচিয়ান সকলৰ ওপৰত আহি যায়। বিষয়া সকলৰ এনেধৰণৰ দমন মূলক নীতিৰ বাবে বহু সময়ত লেবোৰেটৰি টেকনিচিয়ান সকলৰ মানসিক স্থিতিত যথেষ্ট প্ৰভাৱ পৰা পৰিলক্ষিত হয়। লেবোৰেটৰি টেকনিচিয়ান সকলৰ যি ভূমিকা সেয়া যদিও সময়ে সময়ে দায়িত্ববাহী বিষয়া সকলে আওকাণ কৰি আহিছে তথাপিও কিন্তু লেবোৰেটৰি টেকনিচিয়ান সকলক বাদ দি স্বাস্থ্য খণ্ডৰ যি ৰূপৰেখা সেয়া কেতিয়াও সম্পূৰ্ণ হব নোৱাৰে। কেৱল ভুল ক্ৰুটি খিনিক সন্মুখত ৰাখি লেবোৰেটৰি টেকনিচিয়ান সকলে স্বাস্থ্য খণ্ডৰ প্ৰতি আগবঢ়াই অহা অৱদানক যদিও সময়ে সময়ে আওকাণ কৰিবলৈ চেষ্টা কৰি অহা হৈছে তথাপিও কিন্তু স্বাস্থ্য খণ্ডৰ প্ৰতি লেবোৰেটৰি টেকনিচিয়ান সকলৰ যি অৱদান সেয়া চিৰদিনৰ বাবে অতুলনীয় হৈ থাকিব। উদাহৰণস্বৰূপে কৰোনা মহামাৰীৰ সময়ত লেবোৰেটৰি টেকনিচিয়ান সকলে আগবঢ়োৱা  অৱদানক বাদ দি কৰোনা মহামাৰীক নিয়ন্ত্ৰণ কৰাটো কোনো পধ্যেই সম্ভৱপৰ হৈ নুঠিল হেতেন। লেবোৰেটৰি টেকনিচিয়ান সকলৰ স্বাস্থ্য খণ্ডৰ প্ৰতি যি অৱদান আৰু ভূমিকা সেয়া নস্যাত কৰি স্বাস্থ্য বিভাগে কেতিয়াও পূৰ্ণতা লাভ কৰিবলৈ সক্ষম নহব।