ব্ৰহ্মপুত্ৰত নিখোজ চিন্ময় পাঠকৰ মৃতদেহ উদ্ধাৰ

ব্ৰহ্মপুত্ৰত নিখোজ চিন্ময় পাঠকৰ মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ পানীখাইতিৰ তামোলবাৰীত  ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ আহি নিখোজ হোৱা এজন যুৱকৰ মৃতদেহ এছ ডি আৰ এফে উদ্ধাৰ কৰে । সোমবাৰে পুৱাৰ ভাগত এছ ডি আৰ এফে ব্ৰহ্মপুত্ৰ নদীত অভিযান চলাই নাৰেংগী ফৰেষ্টগেট অঞ্চলৰ চিন্ময় পাঠক(১৯) নামৰ যুবকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অৱশ্যে ব্ৰহ্মপুত্ৰত নিখোজ  পাথৰকুৱেৰীৰ অৰ্জুন নাথ(২০)ৰ সন্ধান বৰ্তমান পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই । বৰ্তমানো উদ্ধাৰকাৰী দলে নিখোজ অৰ্জুন নাথৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । উল্লেখ্য যে দেওবাৰে দিনৰ প্ৰায় ২.৩০ বজাত নাৰেংগী ফৰেষ্টেগেট, পাথৰকুৱেৰী অঞ্চলৰ ১০জনীয়া যুৱকৰ দল এটাই প্ৰথমে খামৰেঙা বিলত উপস্থিত হৈছিল । তাত আটাইকেইজনে মদ্যপান কৰি কিছু সময় কটোৱাৰ পিচত পানীখাইতিৰ তামোলবাৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত হয় । ইয়াৰে চাৰিজন যুৱকে উৎকট গৰমৰ বাবে ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামে । কিন্তু ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত চাৰিজন ডুব যায় যদিও ইয়াৰে এজনে কোনোমতে সাঁতুৰি পাৰলৈ আহে । আনহাতে আন এজন যুৱকক স্থানীয় লোকে উদ্ধাৰ কৰে । কিন্তু চিন্ময় পাঠক আৰু অৰ্জুন নাথ নামৰ যুৱক দুজনক উদ্ধাৰ কৰিব পৰা নগ’ল ।