জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত হ’ল গৃহৰক্ষী জোৱান

জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত হ’ল গৃহৰক্ষী জোৱান

ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ প্ৰতি অতিপাত মৰম প্ৰদৰ্শন কৰাটোৱেই কাল হল এগৰাকী অসম আৰক্ষী মহিলা জোৱানৰ বাবে।মঞ্চত জুবিন গাৰ্গক সাৱটি ধৰাৰ লগতে ভৰিত ধৰি সেৱা কৰিছিল গৃহৰক্ষী জোৱানগৰাকীয়ে । এই দৃশ্য সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছিল ।এই ভিডিঅ‘ৰ পিচতে এতিয়া আৰক্ষী বিভাগৰ ৰোষত পৰিছে জুবিন গাৰ্গক ভাল পোৱা মহিলা গৃহৰক্ষী জোৱানগৰাকী । জুবিন গাৰ্গক মঞ্চত আলিংগন কৰাৰ পিচতেই চাকৰিৰ পৰা নিলম্বন কৰা হ’ল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়াক । আৰক্ষীয়ে বিভাগৰ নিদেৰ্শত নিলম্বন কৰিছে গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়াক ।এই সম্পৰ্কত গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়াৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও ব্যক্তিগত অসুবিধাৰ দোহাই দি সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকে জোৱানগৰাকীয়ে ৷ জুবিন গাৰ্গক সাৱটি ধৰি চাকৰিৰ পৰা নিলম্বন হ’ল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়া ।