আই তোক কিহেৰে পুজিমে
কবিতা শৰ্মা
” মা” সৰু এটা শব্দ। কিন্তু কি বিশাল ইয়াৰ পৰিধি! সৰু এই শব্দটোৰ গভীৰতাত লুকাই থাকে গভীৰ স্নেহ, মমতা আৰু শর্তহীন ভালপোৱা। সৃষ্টিৰ সেই আদি লগ্নৰ পৰাই মধুৰ এই শব্দটো মাথোঁ মমতাৰে নহয়, ক্ষমতাৰো যেন সর্বোচ্চ আধাৰ। মাৰ অনুগ্ৰহ অবিহনে কোনো প্ৰাণীৰে প্ৰাণ ধাৰণ সম্ভৱ নহয়। আমাৰ গৰ্ভধাৰিণী, আমাৰ জন্মদাত্ৰী হিচাপে মোৰ, আপোনাৰ সকলোৰে জীৱনতেই মাৰ স্থান সকলোতকৈ ওপৰত। তেওঁক শ্রদ্ধা, ভালপোৱা জনোৱাৰ হয়তো এটা বিশেষ দিনৰ কোনো প্রয়োজন নহয়। তথাপিও আধুনিক পৃথিৱীত মে মাহৰ দ্বিতীয় ৰবিবাৰে “মাতৃ দিৱস” হিচাপে পালন কৰি অহা হৈছে। ১৯০৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ, পশ্চিম ভার্জিনিয়াৰ আন্না জাৰৱিছে প্ৰথম বাৰৰ বাবে উদযাপন কৰিছিল এই দিৱস। মাতৃৰ বিয়োগত মর্মাহত হোৱা প্ৰতিটো মুহূৰ্তত মাতৃৰ স্মৃতিয়ে খুন্দিয়াই থকা আন্নাক প্রয়োজন হৈছিল এই দিৱসৰ। সময়ৰ গতিত লাহে লাহে বিশ্ব জুৰি বিয়পি পৰা মাতৃ দিৱস এতিয়া সর্বজনবিদিত। যিকোনো দিৱস পালন কৰিব গ’লেই আমি প্রায়েই কিছুমান প্ৰশ্নৰ সন্মুখীন হব লগীয়া হয়। যেনেকৈ – স্বাধীনতা দিৱসত – “আমি বাৰু সচাকৈয়ে স্বাধীন নে?”, ভেলেন্টাইন ডে ত – “প্রতিটো দিনেই তো প্ৰেমৰ বাবে। এটা দিন লৈ ইমান হৈ- চৈ কিয়?” সচাকৈয়ে কথাবোৰ ইমান অশুদ্ধও নহয় কিন্তু। তথাপি এই কথাও আমি মনত ৰাখিব লাগিব যে একোটা বিশেষ দিনৰ তাৎপৰ্য মাত্র সেই দিনটোতে ৰৈ নাযায়। যেনেকৈ আমি গোটেই বছৰ বাচি থকাৰ উৎসৱ পালন কৰোঁ, কিন্তু জন্ম দিন আমাৰ মাত্ৰ এটাই। এই কথা সকলো দিবসৰ ক্ষেত্ৰতে প্রযোজ্য। যদিও আমি স্বেচ্ছাই বা অনিচ্ছাই সেই কথা পাহৰি থাকোঁ।
এই পালনীয় দিনবোৰৰ কোনো গুৰুত্ব নাই জানো? পৰিবেশ দিবসৰ দিনা যদি আমি এটা হলেও গছপুলি ৰোওঁ, স্বাধীনতা দিৱসৰ দিনা অকালতে মৰহি যোৱা নির্ভীক প্ৰাণবোৰৰ কথা এবাৰ হলেও মনত পেলাওঁ, বা ভেলেণ্টাইন ডেৰ দিনা ধূলি – মাকতি জোকাৰি ৰবীন্দ্ৰ নাথৰ কবিতাপুথি হাতত তুলি লওঁ – এই সকলোবোৰ বৃথা নে ? এটা কথা মনত পেলাওকচোন, সৰুতে প্রতিটো কথাতে মা – মা কৈ চিঞৰা, ডাঙৰ হৈও কাৰণে অকাৰণে মাকেই চিঞৰা, স্কুল, কলেজ বা কামলৈ ওলাই যাওঁতে খোৱা-বোৱা ৰ পৰা আৰম্ভ কৰি সকলো লাগতিয়াল বস্তুৰ যোগান ধৰা মাজনীক “মা তোক ভাল পাওঁ ” বুলি কেতিয়া কৈছিল? সকলো অসহজতা বোধ আঁতৰাই এদিন মাক সাৱটি ধৰি বাৰু কলেই ” মা তোক মই বৰ ভাল পাওঁ ”…. হয়তো এটা যাদুকৰী ক্ষণৰ সৃষ্টি হৈ যাব পাৰে! দূৰৈত থাকিলে কমেও এটা ফোন কল, কাষত থাকিলে অলপ সঙ্গ, এদিন মালৈ এটা ফুলৰ থোপা, সাধাৰণকৈ হলেও তেওঁৰ পচন্দৰ কোনো উপহাৰ দিব পৰা নাযায় জানো? নহলে মাতৃ দিবস অসন্মানৰ নহলেও, দুখৰতো হবই নিশ্চয়। গতিকে সকলো যুক্তি-তৰ্কৰ বাহিৰলৈ গৈ – হওকচোন বাৰু বছৰৰ এটা দিনেই , এই বিশেষ দিনটোত আমি প্রত্যেকেই আমাৰ জন্মদাত্রী মাক এবাৰ মনত পেলাওঁ, অলপ শ্রদ্ধা অলপ মৰম বা স্মৰণ কৰোঁ…
মা বুলি ক’লেই কিমান যে চিনাকি দৃশ্য চকুৰ আগত অগা ভেৱা কৰে … হাজাৰ – বিজাৰ চিনাকি দৃশ্য … ৰাতিপুৱা স্কুললৈ ওলাই “মা, দেৰি হৈছে ভাত দে” আকৌ স্কুলৰ পৰা উভতি আহি কিতাপৰ বেগ থৈয়ে চিঞৰ “মা, ভোক লাগিছে, ভাত দে”। ভাত খাই উঠি লগৰীয়াৰ লগত খেলিবলৈ ওলাই যোৱাৰ আগতে একো বিচাৰি নাপালে মাৰ আচলতে মুখ – হাত মচি বাহিৰলৈ দৌৰ মৰা। আমাৰ সামান্য অসুখত মাৰ চিন্তিত মুখখন, আমাৰ পচন্দৰ বস্তু ৰান্ধি খুৱাই উজলি উঠা মুখখন … এনে লাগে যেন মা মানেই ত্যাগৰ প্ৰতীক। বিয়া হোৱাৰ দিন ধৰি কেবল ত্যাগেই কৰিলে। এদিন যে নিজৰ জন্ম হোৱা ঘৰখন ত্যাগ কৰি ওলাই আহিছিল, তাৰ পাছৰে পৰা কেবল ত্যাগ আৰু ত্যাগ। স্বামীৰ বাবে, সন্তানৰ বাবে, ঘৰখনৰ বাবে । নিজৰ নাম, নিজৰ উপাধি সকলো। চৰকাৰী কাম কাজৰ বাহিৰে আন সকলোতে হেৰাই থাকিল মাৰ নামটো । বিয়াৰ পাছত অমুকৰ পত্নী, সন্তান ডাঙৰ হোৱাৰ পাছত অমুকৰ মাক … সেয়াই হৈ পৰিল মাৰ পৰিচয় … পৰিয়ালৰ সকলোৰে বাবে চিন্তা কৰোতে, কৰোতে নিজৰ ভাললগা, পচন্দ- অপচন্দ, ৰুচি-অভিৰুচি বোৰ ক’ত যেন হেৰাই থাকিল … ইমান বোৰ হেৰুৱাইও স্বীকৃতি পালে নে নাই সেই কথাও কোনোদিনে নাভাবিলে। স্বীকৃতিও ত্যাগ কৰিলে। গোটেই জীৱন মায়ে আমাক কেবল দিলেহে। বিনিময়ত আমাৰ পৰা বিচাৰিলেই বা কি? নিবিচাৰে কাৰ্ড, নিবিচাৰে ফুলৰ থোপা, নিবিচাৰে আন একো উপহাৰ । কোনো দাবী নাই। মাতৃ দিবসৰ কথাও নাজানে। আচলতে মাতৃ সকলৰ বেলেগে কোনো উপহাৰৰ প্রয়োজন নহয়। সন্তানৰ মুখৰ পৰা মাত্ৰ এষাৰ মৰমৰ “মা” শব্দটোৱেই তেওঁলোকৰ জীৱনৰ আটাইতকৈ মূল্যবান উপহাৰ । সন্তানৰ অলপমান সঙ্গ সুখতে তেওঁলোকৰ জীৱন হৈ পৰে সম্পূৰ্ণ আৰু সাৰ্থক… ৰুডিয়ার্ড কিপলিঙে কৈছিল -” God could not be everywhere and therfore He made mothers. ” মাকক বৰ্ণনা কৰিবলৈ ইয়াতকৈ আৰু সুন্দৰ বাক্য কি হব পাৰে? হয়তো আমাৰ জীৱনত এনে এটা দিন নাযায় যিদিনা মুখতেই হওক বা মনতেই হওক আমি এবাৰৰ বাবে হলেও মা শব্দটো উচ্চাৰণ নকৰোঁ। সুখ – দুখ, হাঁহি-কান্দোন, বেমাৰ-আজাৰ, বিপদ-আপদ সকলো সময়তে অজানিত ভাবে হলেও আমি মাক বিচাৰোঁ। অন্তৰত আঘাত পালে, শোক পালে, কৰবাত দুখ পালে, উজুতি খালে, হঠাতে ভয় খালে, গা বেয়া লাগিলে, সকলো সময়তে আমাৰ মুখৰ পৰা মাত্ৰ এটা শব্দই উচ্চাৰিত হয়- অ’ মা… কষ্টেৰে সন্তান জন্ম দি লালন পালন কৰি শাৰীৰিক, মানসিক, শৈক্ষিক আৰু আধ্যাত্মিক দিশত গঢ়ি তুলি সমাজ তথা দেশৰ দায়িত্বশীল নাগৰিক হৈ উঠাত মাতৃৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মহৎ লোকসকলৰ মূলতেই পিতৃ-মাতৃৰ ভূমিকা আৰু আদৰ্শ। কলকলাই থকা শিশুৰ প্ৰথম মাত – মা। একেই ধৰণৰ উচ্চাৰণেৰে ইংৰাজীত মম আৰু মামী, আৰবী, জার্মানী, ডাছ, স্পেইনিজ ৰাছিয়ান, গ্রীক ভাষাত মামা, ফৰাচীত মামান আদি পৃথিৱীৰ ভিন ভিন ভাষাত মাতৃক সম্বোধন কৰা মা উচ্চাৰণৰ মিল আছে। গতিকে মা বিশ্বজনীন আৰু সৰ্বজনীন।
পৃথিৱীৰ বহুতো বিখ্যাত আৰু শ্ৰেষ্ঠ ব্যক্তিয়ে তেওঁলোকৰ জীৱনত মাতৃৰ অৱদানৰ কথা স্বীকাৰ কৰি থৈ গৈছে। আব্রাহাম লিংকনে কৈছিল – “All that I am, or hope to be, I owe to my angel mother” তেনেদৰে জৰ্জ ৱাশিংটনে কৈছিল – “My mother was the most beautiful woman I ever saw. All I am, I owe to my mother. I attribute all my success in life to the moral, intellectual and physical education I recieved from her .” লিঅ’নার্ডো ডিকাপ্রিঅ’ই কৈছিল -‘ My mother is a walking miracle”.
মোৰ মা নাই। আজিৰ পৰা দুবছৰ আগতে মই মোৰ মাক হেৰুৱাইছো। হাজাৰ ইচ্ছা থাকিলেও এই বিশেষ দিন উদযাপন কৰাৰ উপায় মোৰ নাই । কিন্তু এই কথা মই কোনোদিনেই অনুভৱ কৰিব পৰা নাই যে – মা মোৰ লগত নাই। কায়িক ভাবে মোৰ ওচৰত নাথাকিলেও মাৰ উপস্থিতি সদায়েই অনুভৱ কৰো মোৰ অন্তৰত । প্ৰতিদিনই ঘৰৰ বাহিৰ ওলাবৰ সময়ত মাৰ ফটোত সেৱা কৰি ওলাও আৰু উভতিও সোধো ” মা, কেনে আছ তই? দিনটো কিদৰে গ’ল?” মনত পৰে প্ৰতিটো জন্মদিনত প্রথম ফোনটো মাৰ পৰাই আহে। কোনোদিনেই তাৰ ব্যতিক্ৰম হোৱা দেখা নাপালোঁ। মোৰেই কিয় প্ৰতিটো সন্তানৰ, নাতি-নাতিনী বোৰৰ জন্মদিন বোৰ, কোনে কি খায় ভাল পায়, সেইবোৰ যেন মাৰ নখ দর্পনত। এতিয়াও মনত পৰে মাই ৰন্ধা জুতি লগা ব্যঞ্জন … আজিৰ বিভিন্ন মা – মছলা দি ৰন্ধা ৰেচিপি বোৰৰ তুলনাত মায়ে ৰন্ধা সেই মাছ-মাংস বা নিৰামিষ আঞ্জাৰ সোৱাদ আজিও মোৰ মনত শ্ৰেষ্ঠ। ঘৰলৈ গ’লেই মায়ে কৰা প্ৰথম প্ৰশ্ন টোৱেই হ’ল-” মা ভালে আছনে ? কিবা খালিনে? “এই বয়সতো মাৰ মনত যেন সদায়েই সেই সৰু ছোৱালীজনীয়েই হৈ ৰলোঁ। মাত্ৰ ১৩ বছৰ বয়সতে বিয়া হৈ ষষ্ঠ শ্রেণীতে পঢ়া শুনা সমাপ্ত কৰি সেই বয়সতে শাহু- শহুৰ, জা- জোৱালী, দেৱৰ-ননদ, ভতিজা – ভতিজী ৰে ভৰা একান্নবর্তী পৰিয়ালত সুন্দৰকৈ চলিব পৰাটোৱেই মোৰ কাৰণে এক আশ্চর্য। পাছলৈ চাকৰি সূত্রে ঘৰখনত দেউতাৰ অনুপস্থিতি আমাক কোনো দিনেই অনুভৱ কৰিব নিদিয়া, দশভূজাৰ দৰে ৰন্ধা-বঢ়াৰ পৰা ঘৰৰ ভিতৰ বাহিৰৰ প্ৰতিটো কাম নিয়াৰিকৈ কৰা, আলহী অতিথিৰ লগতে ঘৰৰ সকলোৰে আলপৈচান ধৰা, সকলো সময়তে আর্ত জনক সহায় কৰা, প্ৰয়োজনত গাড়ী খনো চলাব পৰা, দুর্দান্ত সাহসী আৰু আত্মবিশ্বাসী, মা মোৰ কাৰণে পৃথিৱীৰ সকলোতকৈ ধুনীয়া নাৰী । এক চলন্ত চমৎকাৰ!
এটা কথা আজিকালি প্ৰায়েই অনুভৱ কৰিবলৈ বাধ্য হৈছো যে আমাৰ সমাজত যেন আজিকালি মাতৃ সকল ব্যথিত। আমি যেন আমাৰ মাতৃসকলে পাব লগীয়া মৰম আৰু আদৰত কৃপনালি কৰিছোঁ। তেওঁলোকক সন্তান সকলে দিবপৰা নাই হিয়া উজাৰি মৰম, সহানুভূতি আৰু মান- সন্মান। আজিকালি কিমান লৰা – ছোৱালী, বোৱাৰীক দেখোঁ মাতৃক অযত্ন কৰা, অবহেলা কৰা। সেইবোৰ দেখি -শুনি মনত বৰ দুখ পাওঁ। যি পিতৃ- মাতৃ-য়ে সন্তান জন্ম দি, লালন পালন কৰি, নানা দুখ কষ্টৰ মাজেৰে সন্তানক উপযুক্ত কৰি গঢ়ি তোলে, বৃদ্ধ অৱস্থাত তেওঁলোক যেতিয়া সন্তানৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে, তেতিয়া সেই সন্তানেই তেওঁলোকক চৰম অবহেলা কৰি শাৰীৰিক আৰু মানসিক নির্যাতন চলায়। আৱৰ্জনা সদৃশ জ্ঞান কৰি চল চাতুৰিৰে কৰবালৈ নি অচিনাকি ঠাই, ষ্টেচন, বজাৰ বা বৃদ্ধাশ্ৰমত থৈ দিয়ে। জীৱনৰ বিয়লি বেলা তেওঁলোকে সন্তানৰ পৰা বিচাৰে মাত্ৰ এষাৰ মৰমৰ মাত, অলপমান নিৰাপত্তা। সেইখিনিৰ কাৰণে আমাৰ ইমান কৃপনালি কিয়? কোনোবাই হয়তো কব পাৰে বিদেশৰ কথা, দিব পাৰে বিদেশৰ উদাহৰণ। কিন্তু বিদেশৰ সমাজ ব্যৱস্থা, ৰীতি – নীতি ভিন্ন। সামাজিক বা অৰ্থনৈতিক নিৰাপত্তা বিদেশত বহুত বেছি। বৃদ্ধ পিতৃ-মাতৃ স্বইচ্ছাই বৃদ্ধাশ্ৰমলৈ যাব, নিজৰ খৰচ নিজেই বহন কৰিব সেয়াই স্বাভাবিক। কর্মজীৱনৰ লগত সামঞ্জস্য ৰাখি চৰকাৰি ভাটাও পাই তেওঁলোকে। যি ব্যৱস্থা আমাৰ দেশত নাই।
এই লেখাটো বিশেষ ভাবে মোৰ মাৰ বিষয়ে লিখা লেখা নহয়। হয়তো ওপৰে ওপৰে চকু ফুৰালে লেখাটো মোৰ মাৰ বিষয়ে লেখা যেন লাগিব পাৰে । এই লেখা আমাৰ প্ৰত্যেকৰে মাৰ ক্ষেত্ৰতেই প্রযোজ্য। এই পৃথিৱীৰ প্ৰতিগৰাকী মা আচলতে একেই। পৃথিৱীৰ অলেখ বিখ্যাত ব্যক্তি সকলে নিজৰ মাতৃ সকলৰ বিষয়ে কৈ যোৱা কথাবোৰ উক্তি হিচাপে ব্যৱহাৰ হয়। আমাৰ দৰে সাধাৰণ মানুহৰ কথাবোৰ উক্তি হিচাপে ব্যৱহাৰ নহয়। কোনো আক্ষপ নাই। নিজৰ মাতৃক ভাল পাবলৈ কোনো বিখ্যাত ব্যক্তি হোৱাৰ প্ৰয়োজন নাই। আজি মাতৃ দিবসৰ দিনা সাধাৰণ মানুহ হিচাপে সাধাৰণ ভাষাৰেই কওঁ-
প্রতিটো মুহুর্তত মই তোক হেৰুৱাও
মা, তোক মই তোক বহুত ভাল পাওঁ
জীৱন চক্ৰৰ – শৈশৱ, যৌৱন, পৌড়ত্ব, আৰু সকলোতকৈ অনিবার্য্য মৃত্যু এই ধ্ৰুৱসত্য কেবল মোৰ, আপোনাৰ নহয় সকলোৰে ক্ষেত্ৰতে। সেয়েহে জীৱন থাকোতে জীৱনৰ মৰ্যদা দিবলৈ শিকক। যিমানদিন “মা” জীয়াই আছে সিমানদিনে প্রতিটো দিন পালন কৰক মাতৃ দিৱস হিচাপে।
আজি মাতৃ দিৱসৰ দিনা বিশ্বৰ প্ৰতিগৰাকী মাতৃৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে সকলোলৈ শুভেচ্ছা জনালোঁ। আন্না জাৰৱিছে নিজৰ মাতৃলৈ উপহাৰ ৰূপেৰে আগ বঢ়োৱা ” মাতৃ দিৱস ” হৈ উঠক প্ৰতিগৰাকী মাতৃলৈ আগবঢ়োৱা এক জীৱন জোৰা উপহাৰ …