বিশ্বৰ তথ্য-প্রযুক্তি খণ্ডত কৰ্মচাৰী চাটাই অভিযান অব্যাহত

বিশ্বৰ তথ্য-প্রযুক্তি খণ্ডত কৰ্মচাৰী চাটাই অভিযান অব্যাহত

ৰঙিলী বাৰ্ত্তাসেৱা- ক’ভিড মহামাৰীৰ পিছত কৰ্মচাৰী চাটাই অভিযান আৰম্ভ কৰি বিশ্বৰ প্ৰখ্যাত কোম্পানীসমূহে এই অভিযান অব্যাহত ৰাখিছে। বিনিয়োগৰ তুলনাত অধিক লাভৱান হোৱাৰ উপৰি মানৱ সম্পদৰ বিপৰীতে কৃত্রিম বুদ্ধিমত্তা প্রয়োগত প্রাধান্য দিয়াৰ বাবেই কৰ্মচাৰী চাটাই অভিযান অব্যাহত ৰাখিছে। শেহতীয়া প্রতিবেদন মতে, ২০২৪ বৰ্ষৰ প্ৰথম ৪ মাহতে ২৭৯টা প্রখ্যাত কোম্পানীৰ ৮০ সহস্রাধিক কৰ্মচাৰীয়ে হেৰুৱালে সংস্থাপন। বিশ্বজুৰি ষ্টার্ট আপকে ধৰি প্ৰযুক্তি খণ্ডৰ কৰ্মচাৰী হ্ৰাসৰ প্ৰক্ৰিয়া ইমানেই দ্রুততৰ কৰি তুলিছে যে প্রতি মাহতে সংস্থাপন হেৰুৱাবলগীয়া হৈছে শিক্ষিত-উচ্চ শিক্ষিত কৰ্মচাৰীয়ে। তথ্য মতে, ৩ মে’লৈকে ৮০,২৩০ কৰ্মচাৰীয়ে সংস্থাপন হেৰুৱাইছে। তথ্য-প্রযুক্তি আৰু ষ্টার্ট আপত ইতিমধ্যে ২০২২ চনৰ পৰা ২০২৩ চনলৈকে ৪,২৫,০০০জনে সংস্থাপন হেৰুৱাইছিল। অর্থাৎ এতিয়ালৈকে সংস্থাপন হেৰুওৱা শিক্ষিত কৰ্মচাৰীৰ সংখ্যা ৫ লাখ অতিক্ৰম কৰিলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেনেজমেন্ট প্লেটফর্ম স্প্রিংকলৰে শেহতীয়াভাৱে ১১৬জন কৰ্মচাৰীক চাটাই কৰিছ। মাইক্ৰ’ছফটৰ পৰা আমাজনলৈকে, গুগলৰ পৰা টেছলালৈকে প্রখ্যাত প্রখ্যাত কোম্পানীসমূহে মানৱ সম্পদৰ বিপৰীতে কৃত্রিম বুদ্ধিমত্তাক প্রাধান্য দিয়া দেখা গৈছে। বিজ্ঞানীসকলৰ শংকা মতে, মানৱ সম্পদৰ বাবে কৃত্রিম বুদ্ধিমত্তা প্রত্যাহ্বান হৈ উঠাটো প্রযুক্তি খণ্ডত কৰ্মচাৰী চাটায়ে নিশ্চিত কৰিছে। তথ্য-প্রযুক্তিত কৰ্মচাৰী চাটাই অভিযান মানৱ সম্পদৰ বাবে বিপজ্জনক হিচাপে চর্চিত হৈছে।