কৃষক আমাৰ স্বাভিমান
ছেলিমা বেগম, নগাঁও
শত কোটি প্ৰণাম জনালোঁ,
আমি কৃষক বন্ধু সকলক
কৃষক আমাৰ স্বাৱলম্বী।
আকাশে বতাহে বিচাৰিলে
আমি শস্য নাপাওঁ
কৃষকৰ ওচৰত গলে
আমি শস্য পাম।
টকা পইচাৰে আমাৰ
পেট নভৰে
কৃষকে দিয়া শস্যৰে
আমাৰ পেট ভৰে,
কৃষক বন্ধুসকলৰ অবদান
আমাৰ স্বাভিমান।
কৃষকৰ দুখবোৰ বৈ যায়
তেজে তেজে শিৰাই শিৰাই
কৃষকৰ হাড় ভঙা কষ্টবোৰ
খেতি ডৰা ভৰি পৰে সেউজীয়া হৈ।
কাহিলী পুৱাত সূৰ্যৰ কাচিৱলী
হোদৰ চিঙি কজলা,
দমৰা গৰু হাল লৈ
পথাৰলৈ যায় আমাৰ
কৃষক বন্ধুসকল ।