ডিব্ৰুগড়ত জল পথেৰে চলিছে গৰুৰ ৰমৰমীয়া ব্যৱসায়:কেটেল এক্ট অমান্য
এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- সম্প্ৰতি গো আইন ধোঁৱা চাঙৰ লেখিয়া হৈছে। কোনো বৈধ নথিপত্ৰ,জৰাজীৰ্ণ অৱস্থাত পাণ জপা দি ৩৮ টাকৈ গৰুৰ জীৱনকলৈ হেতালি খেলিছে নাওঁ এখনৰ গৰাকীয়ে। এখন বজাৰৰ চালান পালেই সকলো নথিপত্ৰ উপযুক্ত হয় নে নাই অথবা কোনো গৰু নাওঁত কঢ়িয়াই নিয়াৰ অনুজ্ঞাপত্ৰ আছে নে নাই বা সৰবৰাহৰ কোনো পশু চিকিৎসকৰ অনুজ্ঞাপত্ৰ আছে নে নাই,খাদ্য সামগ্ৰী বা ঘাঁ পাত আদি দি সেইবোৰ আনিছে নে নাই এইবোৰ কোনোধৰণৰ বাচ বিচাৰ নকৰি নাওঁএখনত পাণ জপা দি অনা দেখা গল ৩৮টাকৈ গৰুক। ডিব্ৰুগড়ৰ মোহনাঘাট অঞ্চলৰ বাবু খানৰ নামত থকা এটা ঘাটৰ দৃশ্য।এই গৰু সমূহ ডিব্ৰুগড়ৰ বগীবিল দলঙৰে স্থল পথৰে দৈনিক সৰবৰাহহৈ আছে গৰুসমূহ, এতিয়া আকৌ ডিব্ৰুগড়ৰ মোহনাঘাটেদি জল পথৰে সৰবৰাহ হৈ থকা দেখা পোৱা গৈছে। এইবোৰ চিলাপথাৰ নিয়ন্ত্ৰিত সাপ্তাহিক বজাৰৰ গৰু ।বজাৰত গৰু সমূহক চৰকাৰী আইনমতে বিক্ৰী কৰিবলৈ দিছে সেয়া ঠিক কৰে বিক্রেতা আৰু ক্রেতাই ,কিন্তু কথা হল দূৰ দূৰণিলৈ গৰুক লৈ যোৱাত কোনো নিয়ম নীতি অৱলম্বন নকৰে অসাধু ব্যৱসায়ী সকলে। বজাৰত গৰু ক্ৰয় কৰা প্ৰমাণ পত্ৰই প্ৰমাণ কৰে গৰুটো বৈধ বুলি।কিন্তু গাড়ীয়ে মটৰে আৰু নাওঁৰে নিয়াৰ প্ৰমাণ পত্ৰ বজাৰে নিদিয়ে। বজাৰৰ নথিপত্ৰ দেখুৱাই সঘনে এই গাড়ী আৰু নাওঁৱেৰে পাণজপা দি গৰু লৈ যোৱা দেখা পোৱা গৈছে। এই বোৰ যেন চোৱাৰ কাৰো দায়িত্ব নাই আৰু যেন অবাধে এৰি দি মুনাফাৰ অংশ সকলোৰে পকেটত সোমাইছে সেইটোহে ৰাইজে কব বিচাৰে।