আই এইবাৰ বিহুত যাব নোৱাৰিলোঁ – ভাস্কৰ প্ৰিয়ম হাজৰিকা

আই এইবাৰ বিহুত যাব নোৱাৰিলোঁ
 ভাস্কৰ প্ৰিয়ম হাজৰিকা
 নগাঁও
আইও এইবাৰ বিহুত যাব নোৱাৰিলোঁ
তই পিছে বেয়া নাপাবি।
বসন্তৰ সমিধান বিচাৰি পিতাইক কৈছোঁ
তোৰ পোনাকন এতিয়া বৰ ডাঙৰ হ’ল।
ফাগুনৰ দৰে উদাস হৈ নপৰিবি
মই ইয়াত কুশলে আছোঁ আই।
বসন্তৰ আগমনৰ বতৰা বুকুত বান্ধি
নিজকে ৰঙীন কৰিবি।
পিতাই কান্ধত বিহুৱানখন দি
পিতাই হাঁহিটো সতেজ কৰিবি।
আইও এইবাৰ বিহুত যাব নোৱাৰিলোঁ
তথাপিও তই দিয়া বিহুৱানখন লৈ
সজল হৈছোঁ যদিও মাদকতাবোৰ নাই।
সমনীয়াহঁতৰ হুঁচৰি আখৰাবোৰে
এৰি থৈ অহা আৱেলিটোৱে
মোক এতিয়া হাত-বাউলী মাতে।
দেশৰ খৱৰবোৰ ডাকোৱালত দিছোঁ
মোৰ চেনাই মৰমবোৰ বুকুত শুই পৰে
তাঁতৰ খটখট শব্দত।
আইয়ে বৰনামঘৰৰ বুকুত চাকিগছ জ্বলাইছে
নদী ভালপোৱা মানুহকেইটা কুশলে থাকক।
আজি মোৰ পিতাই চোতালত ৰাইজে হুঁচৰি জুৰিছে
আইয়ে উৰণিখন টানি সেৱা এটা লৈছে
পোনাকন ভালে থাকক।
পিতাই আকৌ বৰ হেপাঁহ
অহাবাৰ বিহুত পোনাকন ঘৰলৈ আহিব।