পিতাই – এছ ইছলাম

Pc Tierce Green
পিতাই
           এছ ইছলাম, শিক্ষক 
            প:মইনবৰী,বৰপেটা
পিতাই অ’
তোলৈ বৰকৈ মনত পৰিছে
আজি তোৰ লগত ঈদগাহলৈ
যাবপৰা নাই অ’ পিতাই!
যোৱা বেলি তোৰ লগত
ঈদলৈ গৈছিলো।
আজি তই যে নাই
মূৰৰ ওপৰৰ ছাঁ খিনি যে নাই
গোটেই বিশ্বৰ ৰ’দ-বৰষুণ
আজি মোৰ ওপৰত পৰিছে অ’
নিঃস্বাৰ্থ ভাবে সহায় কৰা
কোনো নাই।
আজি গোটেই বিশ্বখন
হুৱাধূৱা যেন লাগিছে ঐ
পিতাই অ’ কেনে আছা তই
ক’ত বিচাৰি পাম তোক
খবৰ পোৱা নাই
কেনে ঠাইত আছা বাৰ্তা পাবলৈ নাই।