মেট্ৰিকত চৰকাৰী বিদ্যালয়ৰ শোচনীয় ফলাফলত আপৰ ক্ষোভ

মেট্ৰিকত চৰকাৰী বিদ্যালয়ৰ শোচনীয় ফলাফলত আপৰ ক্ষোভ

ৰঙিলী বাৰ্ত্তাসেৱা- “শণিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ শোচনীয় স্বৰূপ উদঙাই দিছে। পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৪ লাখ ১৯ হাজাৰ ৭৮ গৰাকী পৰীক্ষাৰ্থীৰ মাজৰ পৰা ৩ লাখ ১৭ হাজাৰ ৩১৭ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ ৭৫.৭ % শতাংশ। এই ফলাফলে ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সফলতা প্ৰতিপন্ন কৰাৰ লগতে চৰকাৰী শিক্ষানুষ্ঠানৰ বিফলতা প্ৰতিফলিত কৰিছে। ” আজি গুৱাহাটীত আপ, অসমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰে দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ ব্যৰ্থতা উদঙাই তেওঁ কয়- হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ স্থান প্ৰাপ্ত শীৰ্ষ পাঁচ গৰাকী ছাত্ৰী – ছাত্ৰীও ব্যক্তিগত বিদ্যালয়ৰ শিক্ষাৰ্থী। ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়ৰ প্ৰয়োজনীয় আন্তঃগাঁথনি তথা শিক্ষাৰ উপযুক্ত পৰিবেশ নথকাৰ বাবেই আজি এই অৱস্থাৰ সৃষ্টি হৈছে। ” অন্যহাতে, চাহ বাগিছা অঞ্চলৰ পৰীক্ষাৰ্থীৰ ফলাফলক লৈয়ো সৰৱ হয় আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী । তেওঁ কয়-” যি সময়ত চৰকাৰে ঢাক- ঢোল বজাই চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে বাগিছা সমূহত প্ৰায় ১০০ মডেল স্কুল স্থাপনৰ কথা কৈছে, সেই সময়ত বাগিছা অঞ্চলত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণৰ হাৰ হৈছে মাত্ৰ ৫০%। অকল সেয়েই নহয়, প্ৰায় ২২% চাহ জনগোষ্ঠীৰ বাসিন্দা থকা ৰাজ্যখনত ১৩,০০০ তকৈ কম শিক্ষাৰ্থীয়েহে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। এয়া চৰকাৰী শিক্ষাৰ নামত প্ৰহসনৰ বাহিৰে আন একো নহয়।” ডাঃ ভবেন চৌধুৰীয়ে কয়- সেইবাবেই আম আদমী পাৰ্টিয়ে অসমতো দিল্লী চৰকাৰৰ দৰে অত্যাধুনিক আৰু উন্নত চৰকাৰী শিক্ষানুষ্ঠান গঢ়ি তুলিবলৈ দাবী জনাই আহিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰে ৰাজ্যখনৰ চৰকাৰী শিক্ষাখণ্ডৰ আধুনিকীকৰণৰ ক্ষেত্ৰত এক বৈপ্লবিক পৰিৱৰ্তনৰ সূচনা কৰিছে। সেইবাবেই দিল্লীত ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ চৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল হৈছে। ইয়াৰ কাৰণ হৈছে দিল্লীৰ কেজৰিৱাল চৰকাৰৰ শিক্ষা নীতি আৰু উন্নত মানদণ্ডৰ চৰকাৰী স্কুল। আপে অসম চৰকাৰকো দিল্লী চৰকাৰৰ আৰ্হি গ্ৰহণ কৰিবলৈ আহ্বান জনায়