প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত এবিভিপিৰ বিহু উদযাপন

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত এবিভিপিৰ বিহু উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া সংস্কৃতিৰ কেন্দ্ৰবিন্দু বিহুৰ এই সময়ত কালি প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত এবিভিপি গোটৰ উদ্যোগত বিহু উদযাপন কৰা হয়, য’ত বিহুৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়৷মহাবিদ্যালয়ৰ বৃহৎ সংখ্যক ছাত্র-ছাত্রীয়ে অংশগ্ৰহণ কৰা এই বিহুৰ কাৰ্যসূচীত এবিভিপিৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনৰ লগতে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপকসকলে অংশগ্ৰহণ কৰে।ABVP অসমৰ ৰাজ্যিক সম্পাদক হেৰল্ড মোহনে ৰাজ্যবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে, অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ লগতে কয় যে বিহুৰ এই সময়ে আমাৰ সমাজত একতা আৰু ভাতৃত্বৰভাৱ বৃদ্ধি কৰি অসমীয়া জাতিটোক আৰু অধিক সমৃদ্ধি কৰে। এবিভিপিয়ে প্ৰতিবছৰৰ দৰে এইবাৰো অসমৰ বিভিন্ন প্ৰান্তত বিহুৰ কৰ্মশালা আৰু বিহুৰ কাৰ্যসূচীৰ আয়োজন কৰিছে, য’ত বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এই বিহুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।