ঈদ উল ফিতৰ উপলক্ষে কাছাৰৰ এলেনপুৰত ‘ভইচ অৱ নীডি’ৰ বস্ত্ৰদান 

ঈদ উল ফিতৰ উপলক্ষে কাছাৰৰ এলেনপুৰত ‘ভইচ অৱ নীডি’ৰ বস্ত্ৰদান 
ৰঙিলী বাৰ্ত্তাসেৱা-  জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে প্ৰেম আৰু ভ্ৰাতৃত্ববোধৰ অনন্য নজিৰ প্ৰদৰ্শন কৰি পৱিত্ৰ ঈদ উল ফিতৰৰ প্ৰায় এসপ্তাহ পূৰ্বে যোৱা ৩ এপ্ৰিলত এক বিশেষ বস্ত্ৰদান কাৰ্যসূচী গ্ৰহণ কৰিলে অসম বিশ্ববিদ্যালয়ত অধ্যয়নৰত এদল তৰুণীয়ে। উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ শিক্ষিত ছাত্ৰীসকলৰ মহানুভৱতাৰ বাবেই স্বেচ্ছাসেৱী সংগঠন ‘ভইচ অৱ নীডি’ৰ অধীনত বস্ত্ৰদান টীম আৰু অসম বিশ্ববিদ্যালয়, শিলচৰ টীমৰ তৰফৰ পৰা কাছাৰ জিলাৰ এলেনপুৰ গাঁৱত আয়োজন কৰা হয় এই ঈদ বিশেষ বস্ত্ৰদান কাৰ্যসূচী, য’ত গাঁওখনৰ প্ৰায় তিনি কুৰি দৰিদ্ৰ পৰিয়ালৰ জনগণৰ মাজত বিধে বিধে নতুন কাপোৰ আৰু চেণ্ডেল উপহাৰ হিচাপে আগবঢ়োৱা হয়। এই আদৰণীয় কাৰ্যসূচীত বিশ্ববিদ্যালয়ত অধ্যয়নৰত মানৱদৰদী ছাত্ৰী দলটোৰ হৈ আগ-ভাগ লোৱা নাজিমা বেগম, ৰীতা সাহা, অনিন্দিতা হাজৰিকা, লাইলা বেগম, নাছিমা বেগম আৰু হাজিফা বেগমে গাঁওবাসীক ঈদৰ অগ্ৰিম শুভেচ্ছা জ্ঞাপন কৰি সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰে। ইপিনে এলেনপুৰ গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ শিশু, কিশোৰ-কিশোৰী আৰু পুৰুষ-মহিলাসকলেও অতি আগ্ৰহেৰে নানাৰঙী কাপোৰ আৰু চেণ্ডেল গ্ৰহণ কৰি পৰম আনন্দ প্ৰকাশ কৰে আৰু মানৱদৰদী সংগঠনটোৰ কৰ্ম-কৰ্তাসকলৰ ভূয়সী প্ৰশংসা কৰে। স্মৰ্তব্য যে আৰ্তজনৰ হকে ‘ভইচ অৱ নীডি’ৰ সৌজন্যত এনে আদৰণীয় পদক্ষেপ আগলৈকো বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত অব্যাহত থাকিব বুলি লগতে জানিবলৈ দিয়ে সংগঠনটোৰ সচিব তথা অসম বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী নাজিমা বেগমে।