কামৰূপ মহানগৰ জিলাত অবৈধ সুৰা জব্দ

কামৰূপ মহানগৰ জিলাত অবৈধ সুৰা জব্দ

ৰঙিলী বাৰ্ত্তাসেৱা- সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে কামৰূপ মহানগৰ আৰক্ষী তথা আবকাৰী বিভাগ। বিগত সপ্তাহত কামৰূপ মহানগৰ আবকাৰী বিভাগে মহানগৰীৰ বিভিন্ন ঠাইত অভিযান চলাই প্ৰায় ২৯১০ লিটাৰ চুলাই, ১৫,৫০০ কিলোগ্ৰাম ফাৰ্মেন্টেড ৱাছ (fermented wash) আৰু ২২.২৪৫ লিটাৰ বিলাতী সুৰা জব্দ কৰে। তদুপৰি অভিযান কালত চুলাই নিৰ্মাণত ব্যৱহৃত প্ৰায় ৩৩ টা সঁজুলি ধ্বংস কৰা হৈছে। এই সংক্ৰান্তত এতিয়ালৈ ১১ জনক অসম আবকাৰী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।