ৰঙালী বিহু সম্পৰ্কীয় অসমীয়া পৰম্পৰাগত লোকবিশ্বাস আৰু লোকাচাৰ
প্ৰিয়ংকা চমুৱা, ঢকুৱাখনা, লখিমপুৰ
বিহু অসমৰ জাতীয় উৎসৱ। আমাৰ তিনিটা বিহুৰ ভিতৰত ব’হাগ বিহু বা ৰঙালী বিহুৱেই প্ৰধান। চ’ত মাহৰ শেষ দিনা বা সংক্ৰান্তিৰ পৰা ব’হাগ বিহু আৰম্ভ হয়। ইয়াক চ’তৰ বিহু বুলিও জনা যায়।বিহু হৈছে অসমীয়া মানুহৰ কৃষিভিত্তিক উৎসৱ। তাই আহোম শব্দ “পয়-বিহু/পিউ/পিহু” ৰ পৰাই ‘বিহু’ শব্দৰ উৎপত্তি বুলি জনা যায়। যিহেতু আহোমসকলেই অসমলৈ বিহু সংস্কৃতি কঢ়িয়াই আনিছিল বুলি বুৰঞ্জীয়ে উল্লেখ আছে। চ’ত মাহৰ শেষত আৰম্ভ হৈ বহাগ মাহত বিহু শেষ হয়।
ব’হাগ বিহু বা ৰঙালী বিহু বসন্ত কালৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ। ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলি কোৱা হয়। এই উৎসৱত ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে।
বিহুৰ লগত জড়িত হৈ আছে বহু লোকবিশ্বাস আৰু লোকাচাৰ। লোকবিশ্বাস হৈছে কোনো সমাজে পৰম্পৰাগতভাৱে মানি অহা কেতবোৰ বিশ্বাস। সভ্যতাৰ আদিম স্তৰৰ পৰা বৰ্তমান সময়লৈকে যিমান অভিজ্ঞতা লাভ কৰিছে, সেই অভিজ্ঞতাই জন্ম দিছে লোকবিশ্বাস আৰু লোকাচাৰৰ। লোকবিশ্বাসৰ ফলত পালন কৰা কাৰ্য্যসমূহকে লোকাচাৰ আখ্যা দিয়া হয়। বিহু অসমীয়াৰ জাতীয় উৎসৱ। কৃষিজীৱি অসমীয়াই কৃষিভিত্তিক এই লোক-উৎসৱটিৰ মাজেৰে নিজৰ জাতীয় পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। তিনিওটা বিহু অতীজৰে পৰা বিভন্ন ৰীতি-নীতিৰে পালন কৰি আহিছে।
অসমীয়াৰ বছৰটো আৰম্ভ হয় বহাগ বিহু উদযাপনৰ লগে লগে। এই বিহুত ৰং-ৰহইছ বেছি কৰা হয় বাবে ‘ৰঙালী বিহু’ আখ্যা দিয়া হয়। পূৰ্বতে কৃষিজীৱ ৰাইজৰ কৃষিকৰ্মৰ প্ৰধান অৱলম্বন আছিল হালৰ গৰুহাল। গৰুহাল সুস্থ-সবল হৈ থাকিলেহে পথাৰৰ মাটিডৰা চহাই শস্য সিঁচিব পাৰিব। গৰুহালৰ সু-স্বাস্থ্য কামনা কৰি চ’ত আৰু ব’হাগৰ সংক্ৰান্তিৰ দিনাখন অতীতৰ পৰাই অসমীয়াই গৰু বিহু পালন কৰি আহিছে। উক্ত দিনা গৰুহালক পুৱাই মাহ-হালধি সানি গা ধুওৱা হয় আৰু নতুন পঘা দিয়াৰ লগতে গৰুৰ গাত লাও-বেঙেনা দি দীঘলতি-মাখিয়তি পাতেৰে কোবোৱা হয়। এনেদৰে মাখিয়তি পাতেৰে কোবালে গৰুৰ গাত মহ-মাখি কমকৈ পৰে বুলি লোকবিশ্বাস প্ৰচলিত আছে।
বহুতো ঠাইত চহা লোকে পুৱাই উঠি গোহালিৰ গৰুকেইটা শুই আছে নে নাই সেইটো নিৰীক্ষণ কৰে। শুই থকাৰ পৰিৱৰ্তে উঠি থাকিলে বানপানী হোৱাৰ শংকা থাকে, শুই থাকিয়েই মূৰ ওপৰলৈ তুলি থাকিলে প্ৰৱল বানপানী হোৱাৰ আশংকা থাকে বুলি কৃষিজীৱি ৰাইজে বিশ্বাস কৰে।
গধুলি গৰু-গাই ঘৰলৈ ঘূৰি অহাৰ পিছত পদূলিতে ঘৰৰ গৃহিনীয়ে(বা গৃহস্থই) গৰুৰ ভৰি ধুৱাই দিয়াৰ লগতে বিচনীৰে বা দিয়ে। উল্লেখযোগ্য যে গৰুক বিচনীৰে বা দিয়াৰ পাছতহে মানুহে বিচনী ব্যৱহাৰ কৰে। ইয়াৰ পূৰ্বে বিচনীৰ বা ল’লে অপায়-অমঙ্গল হ’ব পাৰে বুলি গাঁৱলীয়া লোকে বিশ্বাস কৰে। অঞ্চলবিশেষে গৰুক পিঠা-পনা খুওৱাৰো পৰম্পৰা আছে। শুকান খেৰ, তুঁহ, দীঘলতী আদিৰে ধোঁৱা দিয়া হয়। এনে কৰিলে বছৰটোলৈ গোহালিৰ মহ-মাখি আঁতৰে বুলি লোকবিশ্বাসৰ প্ৰচলন আছে। প্ৰকৃততে হালৰ গৰুৰ সু-স্বাস্থ্য কামনাৰেই এই ধৰণৰ লোকাচাৰ চহা লোকসকলে পালন কৰি আহিছে- এই কথা নিঃসন্দেহে ক’ব পাৰি।এই বিহুতে বুঢ়া-মেথা, ডেকা-গাভৰু সকলোৱে মিলি ৰং-ৰহইচ কৰিলে। সৰুৱে ডাঙৰক সেৱা-সন্মান জনালে। ডাঙৰে সৰুক এজোলোকা আৰ্শীবাদ জনালে— অনাগত বছৰটো যেন কুশলে যায়। চেনেহীয়ে চেনাইক বিহুতলীত বিহুৱান যাঁচিলে। চেনায়ে চেনেহীৰ খোপাত পিন্ধালে পাহাৰ বগাই অনা কপৌফুল।
ইয়াৰ পাছদিনা মানুহৰ বিহু। বিহুৰ দিনা পুৱাই সকলোৱে গা-পা ধুই উঠি পিঠা-পনা খোৱাৰ উপৰি জা-জলপান গ্ৰহণ কৰে। বহাগৰ বিহুলৈ এমাহ থকাৰ পৰাই ঘৰৰ গৃহিণীয়ে জ্যেষ্ঠজনক দিবলৈ বৈ উলিওৱা বিহুৱান হিচাপে এখন ফুলাম গামোচাৰে প্ৰিয়জনৰ লগতে জ্যেষ্ঠজনক শ্ৰদ্ধা, সন্মান আৰু মৰম যাচে। প্ৰেমিকায়ো নিজৰ প্ৰেমিকলৈ বুলি গোপনে বিহুৱানখন গোপনে হ’লেও পঠিয়ায়।
এক বহাগৰ দিনটোত পালন কৰা আন এটি বিশেষ লোকাচাৰ হল এশ এবিধ শাক খোৱাৰ প্ৰথা। গাঁৱৰ প্ৰতিঘৰতে খোৱাৰ উপযোগী এশবিধ শাক সংগ্ৰহ কৰে আৰু আঞ্জা প্ৰস্তুত কৰে। এনে শাকৰ ভিতৰত ঢেঁকীয়া, কচু, ভেদাইলতা, ধুতুৰা, কলমৌ, মাটিকাঁদুৰী, মহানিম, জিলমিল, মানিমুনি, দোৰোণ, সৰিয়হ আদি সচৰাচৰ পোৱা শাকবোৰ অন্যতম। এইদৰে এশ এবিধ শাকে দেহৰ বিভিন্ন ৰোগ নিৰাময় কৰে বুলি লোকবিশ্বাস আছে।
মানুহৰ বিহুৰ দিনা হুঁচৰি গোৱা আৰম্ভ কৰি গাঁৱৰ ডেকা-বুঢ়া সকলোৱে মিলি প্ৰতিঘৰ গঞাৰ ঘৰতে হুঁচৰি গাই বিহুবলীয়া, যৌৱন তগবগাই থকা ডেকাই বিহুনাম জুৰে—
“ঢোলে নো গৰজিলে, মেঘে নো গৰজিলে
অসমী আইৰ বুকুলৈ বসন্তৰ বা আহিলে
আমি অসমীয়া, মূৰত পাগে মৰা
অ’ সমনীয়া
আমি বিহু মাৰোঁ ব’হাগৰ দুপৰীয়া
বিহুৰে বতৰত আমাৰ নো নাই ঠিকনা।”
হুচৰিৰ শেষত গৃহস্থক আশীৰ্বাদ দিয়ে। বহাগ মাহ হৈছে কৃষিকৰ্মৰ আৰম্ভণি মাহ। কৃষিজীৱি অসমীয়াই ৰং-ৰহইচ, আনন্দ কৰি গৰুহালৰ মঙ্গল কামনাৰে মাটি চহোৱাৰ পূৰ্বে কৰণীয়খিনি কৰি কৃষিকৰ্মৰ কাৰণে প্ৰস্তুত হয়। কৃষক সকলে মনত গোটাই লয় নতুন আশা। বহাগে যেন সকলোৰে মনত যাচি যায় কৃষিজীৱি অসমীয়াৰ মনত উদ্যম আৰু কৰ্মপ্ৰেৰণা।
বিহু অসমীয়া সাংস্কৃতিক জীৱনৰ প্ৰাণস্বৰূপ। লুইতপৰীয়া অসমীয়া সমাজৰ বাৰেৰহণীয়া, ঐশ্বৰ্যশালী সভ্যতাৰ উপাদানবোৰ যেন নিখুঁত, শুদ্ধ ৰূপত অসমী আইৰ বুকুত অনন্তকাললৈ ৰৈ বৈ যায়। পৰিৱৰ্তন অৱশ্যাম্ভাৱী, কিন্তু ই যেন সদায় যোগাত্মক, লাভজনক দিশত হ্য়। নেতিবাচক আৰু হানিকাৰক দিশবোৰক আমি প্ৰতিৰোধ কৰিবই লাগিব। কেইটামান দিশলৈ আমি চকু দিয়াটো ভাল হ’ব—
(ক) বিহুনামৰ বিকৃতিকৰণ ৰোধ, বিহু অনুষ্ঠানত সম্পূৰ্ণ জাতীয় সাজ-পাৰ পৰিধান নিশ্চিতকৰণ, থলুৱা বাদ্যৰ লগত পশ্চিমীয়া বাদ্যযন্ত্ৰৰ সংগতকৰণৰ পৰ্যালোচনা।
(খ) একোটা অঞ্চলত অসংখ্য বিহু সন্মিলন আয়োজন নকৰি কেন্দ্ৰীয়ভাৱে এখনেই পতা হওক (বহু ঠাইত পাতেই)। আহাৰ মাহলৈকে বিহু সন্মিলন আয়োজন কৰি থকা কথাটোও ভাবি চাবলগীয়া।
(গ) বিহু সন্মিলনৰ বৰঙনি সংগ্ৰহ দাবী-ধমকি, জোৰ-জবৰদস্তিৰে হোৱা অনুচিত। এনে পন্থাই আমাৰ সাংস্কৃতিক গৌৰৱৰ ঐতিহ্যত কালিমা সানে আৰু কেতিয়াবা বিষম পৰিস্থিতিৰ সৃষ্টি কৰে।
(ঘ) বিহুমঞ্চত গীত-বাদ্য পৰিবেশন কৰা গায়ক-শিল্পীসকলক যথেষ্ট কষ্টেৰে সংগ্ৰহ কৰা অৰ্থৰ সিংহভাগ মাননি হিচাপে আদায় দিয়াটো কিমান সমীচীন, ই বিচাৰ্যৰ বিষয়।
ৰঙালী বিহু ৰঙৰ উৎসৱ ৰঙৰ উৎসৱ।ৰঙ-ৰহইচ আৰু লোকবিশ্বাস তথা লোকাচাৰ সমূহ পালন কৰি সুন্দৰকৈ পালন কৰিলে অটুট থাকিব বিহুৰ ঐতিহ্য।