ব্রিটেইনক অতিক্ৰম কৰি বিশ্বৰ পাঁচ বৃহত্তম অর্থনীতিৰ পঞ্চম স্থানত ভাৰত

ব্রিটেইনক অতিক্ৰম কৰি বিশ্বৰ পাঁচ বৃহত্তম অর্থনীতিৰ পঞ্চম স্থানত ভাৰত

ৰঙিলী বাৰ্ত্তাসেৱা- ‘ফ’বছ ইণ্ডিয়া’ৰ তৰফৰ পৰা দেশৰ বৃহত্তম ১০ অৰ্থনীতিৰ ওপৰত এটা সমীক্ষা চলোৱা হৈছে। এই সমীক্ষা অনুসৰি বিভিন্ন দেশৰ অৰ্থনীতিত কি চলিছে, সেয়া জানিব পৰা গৈছে। আমেৰিকা, চীন, জার্মানী, জাপান আৰু ভাৰত হৈছে ২০২৪ বৰ্ষটোত বিশ্বৰ পাঁচ বৃহত্তম অর্থনীতি। প্রথম স্থানত আমেৰিকা থকাৰ বিপৰীতে ব্রিটেইনক অতিক্ৰম কৰি পঞ্চম স্থান দখল কৰিছে ভাৰতে। এখন দেশৰ অৰ্থনীতিৰ দিশসমূহ বিশ্লেষণ কৰিবলৈ জিডিপি বৃদ্ধিৰ বিষয়টোক এই সমীক্ষাত তুলি ধৰা হৈছে । ২০২৪ চনৰ ১০ এপ্ৰিলৰ আন্তর্জাতিক মুদ্রানিধিৰ ডাটা সংগ্ৰহ কৰি ‘ফ’ৰ্বছ ইণ্ডিয়া’ৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে এতিয়াও ২৭,৯৭৪ বিলিয়ন মার্কিন ডলাৰেৰে বিশ্বৰ বৃহত্তম অর্থনীতি হিচাপে প্রথম স্থানত আছে আমেৰিকা। অতি সমৃদ্ধিশালী দেশ আমেৰিকাত জনমূৰি আয় ৮৩.০৬ হাজাৰ মার্কিন ডলাৰ। সেইদৰে দ্বিতীয় স্থানত থকা চীনৰ জিডিপি হৈছে ১৮,৫৬৬ বিলিয়ন মার্কিন ডলাৰ। কিন্তু আমেৰিকাৰ তুলনাত চীনৰ জনমূৰি আয় যথেষ্ট কম। দেশখনৰ জনমূৰি আয় হৈছে ১৩.১৬ হাজাৰ মার্কিন ডলাৰ। তৃতীয় স্থানত থকা জার্মানীৰ জিডিপি হৈছে ৪,৭৩০ বিলিয়ন মার্কিন ডলাৰ। জার্মানীৰ জনমূৰি আয় আমেৰিকাৰ পিছতে অর্থাৎ দ্বিতীয় স্থানত। দেশখনৰ জনমূৰি আয় ৫৬.০৪ হাজাৰ মার্কিন ডলাৰ। ইফালে চতুর্থ স্থানত থকা জাপানৰ জিডিপি হৈছে ৪,২৯১ বিলিয়ন মার্কিন ডলাৰ। জাপানৰ জনমূৰি আয় ৩৪.৫৫ হাজাৰ মার্কিন ডলাৰ। পঞ্চম স্থানত থকা ভাৰতৰ জিডিপি ৪,১১২ বিলিয়ন মার্কিন ডলাৰ। কিন্তু লক্ষণীয়ভাৱে শেহতীয়াকৈ অভাৱনীয় আর্থিক বৃদ্ধি পোৱা সত্ত্বেও ভাৰতৰ জনমূৰি আয় ২.৮৫ হাজাৰ মার্কিন ডলাৰ। ইয়াৰ মূল কাৰণ হৈছে ভাৰত পৃথিৱীৰ আটাইতকৈ জনবহুল ৰাষ্ট্ৰ। গুৰুত্বপূৰ্ণ বিষয়টো হৈছে ৪ হাজাৰ বিলিয়নতকৈ অধিক জিডিপি ৰাষ্ট্ৰ হিচাপে চিহ্নিত হৈছে প্রথম স্থানত থকা পাঁচখন ৰাষ্ট্ৰ।’ফ’বছ ইণ্ডিয়া’ৰ মতে আমেৰিকাত বৰ্ষটোত জিডিপি বৃদ্ধিৰ হাৰ আছিল ১.৫ শতাংশ। চীনত জিডিপি বৃদ্ধিৰ হাৰ আছিল ৪.২ শতাংশ। কিন্তু জার্মানীত জিডিপি বৃদ্ধিৰ হাৰ মাত্র ০.৯ শতাংশ। জাপানতো জিডিপি বৃদ্ধিৰ হাৰ ১ শতাংশ। কিন্তু ভাৰতত জিডিপি বৃদ্ধিৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। দেশখনৰ অৰ্থনীতিয়ে বিভিন্ন দিশত নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ হৈছে ৬.৩ শতাংশ। ভাৰতত আর্থিক বৃদ্ধিৰ গতি অতি ক্ষিপ্ৰ বুলি আন্তর্জাতিক অর্থনীতিবিদসকলে দাবী কৰি আহিছে। আনকি বিশ্ববেংক তথা আন্তর্জাতিক মুদ্রানিধিৰ দৰে বিত্তীয় সংস্থাসমূহে ভাৰতত আৰ্থিক বৃদ্ধিৰ বিষয়টোক লৈ নতুন আশাৰ ৰেঙনি দেখিছে। ইয়াৰ মূল কাৰণ হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ভাৰতৰ আৰ্থিক বিনিয়োগ বৃদ্ধি পাইছে। তথ্য-প্রযুক্তি, সেৱা খণ্ড, কৃষি আৰু বিভিন্ন উদ্যোগ- প্রতিষ্ঠানত উৎপাদনৰ গতি অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। ইয়াৰ লগতে ভাৰতৰ ঘৰুৱা বজাৰসমূহত বিশ্ব বজাৰতকৈ সচ্ছলতা বৃদ্ধি পাইছে। ইয়াৰ জৰিয়তে কাৰ্যতঃ ভাৰতে সমৃদ্ধিশালী পথলৈ খোজ আগবঢ়াইছে। লক্ষণীয়ভাৱে ভাৰতত আছে অতি সুদক্ষ তৰুণ তথা প্রযুক্তিগতভাৱে প্রশিক্ষিত বৃহৎ শ্রম শক্তি। এই শ্রম শক্তি এতিয়া দেশখনৰ অৰ্থনীতিৰ চালিকাস্বৰূপ হৈ পৰিছে। ইয়াৰ উপৰি বিশাল মধ্যবিত্ত শ্ৰেণীটো ভাৰতৰ অৰ্থনীতিৰ সৈতে সংপৃক্ত হৈ আছে। ভাৰতৰ এই দিশবোৰৰ দ্রুত উন্নয়ন আৰু ইয়াৰ সঠিক প্ৰয়োগৰ বাবে জিডিপি বৃদ্ধিৰ হাৰ পূর্বাভাসতকৈ বৃদ্ধি পোৱা বুলি দাবী কৰা হৈছে ‘ফ’বছ ইণ্ডিয়া’ৰ এই গুৰুত্বপূৰ্ণ সমীক্ষাত।