বহাগৰ ৰাতিপুৱা – ৰঞ্জুলা শৰ্মা

বহাগৰ ৰাতিপুৱা

ৰঞ্জুলা শৰ্মা
গুৱাহাটী

মলয়াই কঢ়িয়াই আনিলে ফুলৰ নিৰ্যাস,
গুটিমালি,খৰিকাজাঁইৰ কি যে সুবাস!
কামিনীকাঞ্চনৰ মন ভৰা সুৰভি
চম্পা,গধূলিগোপাল লগতে মাধৈমালতীৰ ।
জাৰণিত ফুলিছে এজাৰ বেঙুনীয়া
তগৰ,নাহৰ হ’ল বহাগ মতলীয়া।
ফুলে ফুলে মৌ চুমে পাখিলাহি পখিলা।
গুণগুণ গান গায় কলিয়া ভোমোৰা।
ডাল ভৰি ফুলিছে লাহতী কপৌ
“বৌ কাকা ক’ত” বুলি কেতেকীজনীৰো ৰোল।
ইডাল সিডাল বগাই বুলবুলিৰ নাচোন!
আঁহতৰ আঁৰত বহি কুলিয়ে গাইছে গীত।
মন উৰণীয়া বহাগ বিনন্দীয়া
প্ৰকৃতিয়ে সজালে আহি বহাগৰ ৰাতিপুৱা।