বিহু অসমীয়া জাতিৰ স্বাভিমান
দীপক শৰ্মা
ভিন-ভিন বিহু কেন্দ্ৰিক আলোচনী, মুখপত্ৰ-স্মৰণিকা, দৈনিক-সাপ্তাহিক কাকত আদিত আমি একে জাতীয় ভালেমান লেখা পঢ়িবলৈ পাই আহিছোঁ । একেখিনি কথা বাৰে-বাৰে দোহৰা নিষ্প্ৰয়োজন । আমি আটায়ে স্বীকাৰ কৰিবই লাগিব যে- অসমীয়া জাতিৰ মূল সম্পদ আৱেগ । আমাৰ আৱেগৰ বাবেই আমি বহুত সময়ত বহুত হেৰুৱাইছোঁ । বহু তেজাল ডেকাৰ প্ৰাণবায়ু গৈছে । অৰ্থনৈতিক দিশতো সীমাহীন ক্ষতি হৈছে । বহুতে আমাৰ আবেগক সুযোগ ৰূপেও গ্ৰহণ কৰিছে । অৱশ্যে আৱেগ বৰ্জনৰ সামগ্ৰী নহয় । কেৱল আৱেগৰ মূলধন ৰূপে লৈয়ে আমি মানৱ জাতি সংসাৰত বৰ্তি আছোঁ । কেৱল এটা নিৰ্দিষ্ট পৰিধি অতিক্ৰম কৰা সকলো কথাই আমাৰ বাবে ভয়ংকৰ ক্ষতিকাৰক । অতিক্ৰম কৰা কোনো কথাই আমাৰ বাবে ভয়ংকৰ ক্ষতিকাৰক । এই আৱেগৰ গভীৰতাত উৎপত্তি হয় স্বাভিমান । বিহু অসমীয়া জাতিৰ স্বাভিমান । এই স্বাভিমানত আঘাত লগা মানেই জাতি এটাৰ চৰম অপমান হোৱা যেন বোধ হয় । বিহুৰ লগত জড়িত বিভিন্ন উপাদান যেনে : গামোচা, জাঁপি, ঢোল, পেঁপা, গগনা, তাল, টঙালী, বিহু গীত, বিহু- হুচৰী, বিহু নৃত্য এই সকলোবোৰেই অসমীয়া জাতিৰ একো-একোপদ অমূল্য সম্পদ । ইয়াৰ লগত জাতিটোৰ উন্নত সাংস্কৃতিক দিশ এটা জড়িত থকাই নহয়, ইয়াৰ লগত সুসভ্য অসমীয়া জাতিৰ গৌৰৱ, সৌৰ্য-বীৰ্যও প্ৰধানকৈ নিহিত হৈ আছে । যি জন অসমীয়াই ইয়াৰ মূল্য বা মৰ্যদা ৰক্ষা কৰিব নাজানে, ইয়াৰ মূল্য বা মৰ্যদা উপলব্ধি কৰিবলৈ অসমৰ্থ, তেওঁৰ দেহত অসমীয়াৰ তেজ থকা বুলি ক’লে মহাভুল কৰা হ’ব ।
আজি কিছুবছৰৰ পৰা বিহুৰ নামত একাংশ দুষ্ট চক্ৰৰ মন-মগজুত এক ব্যৱসায়িক মনোবৃত্তি গঢ় লৈ উঠা পৰিলক্ষিত হৈছে । এই দুষ্টচক্ৰটোৰ মাজত আছে একাংশ পাবত গঁজা শিল্পী, কলা-কুশলী । অসমীয়া মানুহৰ নীৰৱতাক সুযোগ হিচাপে লৈ সেই সকল দুষ্টবুদ্ধিৰ কন্ঠশিল্পী, গীতিকাৰে অসমীয়া গীত-মাতক অপভ্ৰংশ কৰাই নহয়, অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণৰ, গৌৰৱ বিহুগীতৰ ওপৰত ‘বজ্ৰাঘাত’ কৰিছে । ইয়াৰ কুফল স্বৰূপে এতিয়াৰ বিহুগীতবোৰ শুনিলে এনে লাগে যেন প্ৰকৃত বিহুগীতবোৰ হেৰাই গ’ল আৰু তাৰ ঠাইত অনাধিকাৰ প্ৰবেশ কৰিলে একাংশ বিহু নাম ধাৰি বিকৃত তাল-মান-লয়- ছন্দ যুক্ত গীতৰ । এই গীতবোৰ প্ৰকৃততে বিকৃত বিহু গীতহে । বিহুগীতৰ সম্ৰাট খগেন মহন্তৰ পিছত তেওঁৰ সুপুত্ৰ পাপন ওৰফে অংগৰাগ মহন্তই বিহু গীতত এটা নতুন ধাৰা প্ৰচলন কৰিলে, যিটো অসমীয়া মানুহৰ মুঠেই কাম্য নহয় । সম্ভৱতঃ তেতিয়াৰ পৰাই অসমীয়াই গীত-মাতত এক নতুন ধাৰাৰ প্ৰবৰ্তন হ’বলৈ ল’লে ; বিশেষকৈ বিহু গীতত । পাপনক অনুসৰণ কৰি, চাওতে – চাওতে আৰু ভালেমান গায়ক -গীতিকাৰৰ জন্ম হ’ল। যিসকলে বিহুৰ মাজত পূৰ্বৰ ধাৰণাটো ধৰি ৰাখিবলৈ সমৰ্থ নহ’ল । ইয়াৰ কুফল স্বৰূপে বৰ্তমান বিহু গীতত পূৰ্বৰ গভীৰতা,স্থায়িত্ব একেবাৰেই হেৰাই গৈছে । বিহু গীতৰ এই বিশাল ক্ষেত্ৰখনত হোৱা আটাইতকৈ ডাঙৰ ক্ষতি আৰু একোৱেই হ’ব নোৱাৰে । দ্বিতীয়তে- বিহু গীতৰ ভাব-ভাষাৰো সলনি হৈছে । এতিয়া, বিহু গীতত অস্বাভাবিক ভাৱে আমদানি কৰা হৈছে কিছুমান অমাৰ্জিত (অশ্লীল) শব্দ আৰু বাক্য, যিবোৰ কাৰোৱেই কামনা নহয় । প্ৰশ্ন উত্থাপন হৈছে- বিহুৰ বাবে আজি প্ৰকৃতিৰ ৰাণী অসমত শব্দৰ অভাৱ হ’ল নেকি, নে সস্তীয়া জনপ্ৰিয়তা লাভৰ এয়া কূট-কৌশল ? বিহু গীতত মাৰ্জিত যৌনতা, কোনো ডাঙৰ কথা নহয় ! এখন সুসভ্য সমাজৰ বাবে ই এটা কৌটিটকীয়া ডাঙৰ প্ৰশ্ন ? এটা বিহু গীত যদি পৰিয়ালৰ সকলোৱে একেলগে বহি উপভোগ কৰিব নোৱাৰে, তেতিয়া বিষয়টো লঘু ভাবে ল’লে নহ’ব । আমাৰ অসমীয়া সমাজখনে সকলো কথা আৰু আচৰণক গুৰুত্ব সহকাৰে ল’বলৈ নিশিকিলে, পৰিণামত আমি বহু-বহু ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ল । তেনেকুৱা এশ-এবুৰি সমস্যা আজিও তেনে ভাবে পৰি ৰ’ল । বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ বাবে আমি ৮৫৫ জন তেজাল ডেকাক হেৰুৱালো; কিন্তু সেই সমস্যা আজিও সমস্যা হৈয়েই ৰ’ল । কাৰণ- অসমীয়া জাতিৰ গা এৰা দিয়া অথবা কানিয়া মনোবৃত্তি ।
আজি অসমত অসমীয়া মহাসংকটত পৰিছে । অসমতে অসমীয়াই নিজৰ ভাষা-সংস্কৃতি হেৰুৱাৰ উপক্ৰম হৈছে । ঘৰ শত্ৰু বিভীষণ হৈ একাংশই নতুন দিল্লীৰ আজ্ঞাবাহী হৈ অৰ্থাৎ সুৰৰ লগত সুৰ মিলাই জাতি-মাটি-ভেটি বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে । উদ্দেশ্যে কেৱল ক্ষমতা আৰু নিজক সুৰক্ষিত কৰি ৰখা । আমি আজি বিহুৰ নামত আনন্দ কৰিছোঁ, নিজক তুলি ধৰাৰ অপৰাহ্ন চেষ্টা কৰিছোঁ আৰু আমি যে জীয়াই আছোঁ তাক প্ৰমাণিত কৰিব বিচাৰিছোঁ ; কিন্তু এই স্বাভিমান সদায় অটুট থাকিবই নে ? পৰিতাপৰ বিষয় যে আজিৰ অসমীয়াই নিজকে অসমীয়া ভাষা বিদ্বেষী বুলি গৌৰৱ কৰে । সুযোগ পালে কয় : মোৰ ল’ৰাই অসমীয়া আখৰ চিনি নাপায়, ক’বও নাজানে, বুজিও নাপায় । গৌৰৱেৰে এমোকোৰা হাঁহি মাৰে । আৰু কিন্তু কিমান দিনলৈ । নক’লেও নহয় যে আজি অসমীয়া ভাষাটো “মিঞা” ৰ ভাষা হৈ পৰিছে । যাক আমি বিদেশী বুলি তুচ্ছ-তাচ্ছিল্য কৰোঁ । তেওঁলোকেহে অসমীয়া ভাষা পঢ়িবলৈ লৈছে, শিকিব লৈছে ।
ৰাজ্যখনৰ ভিন – ভিন প্ৰান্তত এবাৰ ফুৰিলেই সঁচা- মিছা ওলাই পৰিব । সৰ্বাধিক হিন্দু বঙালীলোকে অসমীয়া ভাষা-সংস্কৃতি বেয়া পায় । অসমীয়া ভাষাটোৰ প্ৰতি অনীহা । ক’বও নোখোজে । নিলিখেও । কিন্তু অসমকে নিজৰ মাতৃভূমি বুলি গণ্য কৰা “মিঞা মুছলমান” সকলে বিভিন্ন তাগিদাত পৰি অসমীয়া ভাষাত পঢ়িবলৈ লৈছে । অসমীয়া ক’বলৈ শিকিছে । ক’ব পাৰি, তেওঁলোকৰ এই আস্থা, বিশ্বাস আৰু অসমীয়া জাতি-ভাষাটোৰ সঞ্জীৱনী হৈ কাম কৰি আছে ।
আমিবোৰে (খাৰখোৱা অসমীয়াবোৰে, নিজক জহাই ভালপোৱাসকলে) বিলাতী চাহাব হ’বলৈ গৈ নিজৰ ভাষা-সংস্কৃতি পাহৰি গৈছোঁ । আমি আমাৰ স্বাভিমান ধৰি ৰাখিবলৈ সমৰ্থ হ’মনে ? সন্দেহ হয়- এদিন হয়তো বিশ্বৰ বুকুত আমি আমাৰ ভাষা-সংস্কৃতিকো ইতিহাস হ’বলৈ এৰি দিম (ভাব হয়, বিশ্বাস হয়, আশংকাত ককবকাই আছোঁ) । লোকে ক’ব অসম নামৰ প্ৰদেশ এখনত অসমীয়া নামৰ এটা ভাষা আছিল । আছিল বিহু গীত, বিহু সংস্কৃতি । বিশ্ববিশ্ৰুত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ ভাষাত – অসমতে অসমীয়া ভোগনীয়া হ’ব ।
অসমবাসী জনগণ সচেতন হ’বৰ হ’ল । জোৰ পুৰি হাত পালেহি ।
লেখক : অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক আৰু, বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ”বহুবাক”ৰ প্ৰধান সম্পাদক)