মাছ কটা দাৰে হত্যা কৰিলে পত্নী-কন্যাক

 মাছ কটা দাৰে হত্যা কৰিলে পত্নী-কন্যাক

ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ নগৰবেৰাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত হৰিদোবা নামৰ গাঁৱত সংঘটিত  হত্যাকাণ্ডই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।  মাছ কটা দাঁৰে স্বামীয়ে হত্যা কৰিলে নিজৰ পত্নী আৰু ছবছৰীয়া কন্যাক। সোমবাৰে দুপৰীয়াভাগত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।স্থানীয় লোকৰ ভাষ্য অনুসৰি ভোজন মালো নামৰ ব্যক্তিগৰাকীয়ে পাৰিবাৰিক কন্দলৰ বাবে তেঁওৰ পত্নী আৰু কণমানি কন্যাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। স্বামী তথা পিতৃ ভোজন মালোৰ চোকা অস্ত্ৰৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মাতৃ-কন্যাই অৱশেষত অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হয়। পেছাত মৎস্য ব্যৱসায়ী ধৃত ভোজনে মাছ কটা দাৰে দুয়োটা হত্যাকাণ্ড সংঘটিত কৰা বুলি জানিব পৰা গৈছে। ইপিনে এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰিয়ে নগৰবেৰা থানাত আত্মসমৰ্পণ কৰিছে অভিযুক্ত ভজন মালোৱে। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সমান্তৰালকৈ হত্যাকাণ্ডৰে জড়িত ধৃত ভোজন মালোক আটক কৰি সোধা-পোচা অৱ্যাহত ৰাখিছে।