দ্বিতীয় পৰ্যায়ৰ ৫টা সমষ্টিত ৬১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা
ডিফু লোকসভা সমষ্টিত এজনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ
দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- অহা ২৬ এপ্ৰিল তাৰিখে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৫টা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ যোৱা কালি অন্তিম দিন আছিল। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিনা ডিফু লোকসভা সমষ্টিৰ এজন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মুঠ ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ইয়াৰে দৰং-ওদালগুৰি লোকসভা সমষ্টিত ১১ গৰাকী, ডিফু লোকসভা সমষ্টিত ৫ গৰাকী, কৰিমগঞ্জ লোকসভা সমষ্টিত ২৪ গৰাকী, শিলচৰ লোকসভা সমষ্টিত ৮ গৰাকী আৰু নগাঁও লোকসভা সমষ্টিত ১৩ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰা হয়।