স্বদেশ-স্বজাতিৰ অস্তিত্ব আৰু স্বাভিমকান সুৰক্ষাৰ অঙ্গীকাৰেৰে অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

স্বদেশ-স্বজাতিৰ অস্তিত্ব আৰু স্বাভিমকান সুৰক্ষাৰ অঙ্গীকাৰেৰে অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- স্বদেশ আৰু স্বজাতিৰ অস্তিত্ব আৰু স্বাভিমান সুৰক্ষা তথা তেল আৰু চাহ উদ্যোগক ভিত্তি কৰি ডিব্ৰুগড় লোকসভা সমষ্টি এলেকাত ব্যাপক কৰ্মসংস্থাপন সৃষ্টিৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ সংকল্পৰে অসম জাতীয় পৰিষদে ৮-৪-২৫ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা এই ইস্তাহাৰত মূলতঃ ডিব্ৰুগড় লোকসভা সমষ্টি এলেকাৰ কিছুমান বিশেষ সমস্যা সমাধান তথা উন্নয়নৰ সংকল্প গ্ৰহণ কৰা হৈছে যদিও দলৰ সাংসদ নিৰ্বাচিত হ’লে ৰাজ্যৰ জাতীয় সমস্যাসমূহ সংসদত উত্থাপন কৰাৰো অংগীকাৰ ব্যক্ত কৰা হয়৷ ডিব্ৰুগড়ৰ বৈৰাগীমঠস্থিত ‘হোটেল দ্য প্ৰিমলেণ্ড’ত আয়োজিত এক অনুষ্ঠানত চলিত লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী ইস্তাহাৰখন মুকলি কৰে দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাসহ কেন্দ্ৰীয় নেতৃবৰ্গই৷ ৮ পৃষ্ঠাৰ নিৰ্বাচনী ইস্তাহাৰখনক তিনিটা ভাগত ভাগ কৰা হৈছে৷ প্ৰথমটো ভাগত বিজেপি দলৰ চৰকাৰে দেশ, ৰাজ্য আৰু বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টি এলেকাৰ ৰাইজক কৰা প্ৰতাৰণা-প্ৰৱঞ্চনাৰ চমু অৱলোকন, দ্বিতীয় ভাগত দলৰ প্ৰাৰ্থীগৰাকী সাংসদ নিৰ্বাচিত হ’লে ডিব্ৰুগড় লোকসভা সমষ্টি এলেকাৰ বাবে কৰিবলগীয়া কাম-কাজসমূহ আৰু তৃতীয় ভাগত সমগ্ৰ ৰাজ্য তথা জাতিটোৰ বাবে কৰিবলগীয়া কাম-কাজসমূহৰ আভাষ দিয়া হৈছে৷ অসম জাতীয় পৰিষদে ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত অকল ডিব্ৰুগড় সমষ্টিত নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে৷ দলৰ সভাপতি তথা যুৱ নেতা লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে৷ গগৈৰ প্ৰাৰ্থিত্বৰ প্ৰতি ইণ্ডিয়া মর্চাৰ সহযোগী দলসমূহক লৈ অসমত গঠিত বিৰোধী ঐক্যমঞ্চই সমৰ্থন আগবঢ়াইছে৷ সেয়েহে নিৰ্বাচনী ইস্তাহাৰখনত দলটোৱে আগবঢ়োৱা প্ৰতিশ্ৰুতি বা সংকল্পসমূহ মূলতঃ ডিব্ৰুগড় লোকসভা সমষ্টিক কেন্দ্ৰ কৰিহে আগবঢ়োৱা হৈছে৷ নিৰ্বাচনী ইস্তাহাৰখনত কোৱা হৈছে যে দলৰ প্ৰাৰ্থীগৰাকী সাংসদ নিৰ্বাচিত হ’লে অসমীয়া তথা ৰাজ্যৰ অন্য থলুৱা জনগোষ্ঠী সমূহৰ ভাষিক তথা সাংস্কৃতিক অস্তিত্ব তথা ঐতিহ্য সুৰক্ষাৰ প্ৰসঙ্গ অগ্ৰাধিকাৰ ভিত্তিত সংসদকে ধৰি সকলো প্ৰয়োজনীয় মঞ্চত উত্থাপনৰ লগতে সেইসমূহ ৰূপায়নৰ পক্ষত দিল্লীত জনমত গঠন কৰিব৷ আনহাতে অসম চুক্তিৰ আধাৰত বিদেশী চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কৰ্তন আৰু আইনী প্ৰক্ৰিয়াৰে বহিস্কৰণ, অসমীয়াৰ বাবে সাংবিধানিক ৰক্ষা কৱচৰ ব্যৱস্থা, সীমান্তৰ সুৰক্ষা আৰু এখন সম্পূৰ্ণ আৰু ত্ৰুটিহীন ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) প্ৰস্তুতকৰণৰ লগতে অসম চুক্তিক অৱমাননা কৰা ‘কা’ আইন বাতিলৰ দাবী সংসদত উত্থাপন কৰিব৷ অসম চুত্তিৰ ৫ আৰু ৬ নং দফা ৰূপায়ন তথা ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ কায্যৰ্কৰীকৰণৰ হকে ৰাষ্ট্ৰীয় স্তৰত জনমত গঠনেৰে চৰকাৰক হেঁচা দিয়া হ’ব৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীকো অগ্ৰাধিকাৰ ভিত্তিত সংসদত উত্থাপন কৰাৰ লগতে বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰোৱাত উদ্যোগ লব দলৰ সাংসদে৷ ইস্তাহাৰখনৰ প্ৰথম দফাটোতে কোৱা হয়, “প্ৰায় দুশ বছৰীয়া চাহ উদ্যোগ আৰু এশ বছৰীয়া তৈল উদ্যোগেৰে এই জিলা দুখনে ভাৰত তথা বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ দেশৰ সর্বাধিক ৰাজহ আহৰণকাৰী জিলাৰ তালিকাতো আছে এই দুই জিলাৰ স্থান৷ কিন্তু সেই অনুপাতে জিলা দুখনত উন্নয়ন হোৱা নাই৷ চাহ আৰু তৈল সম্পদ ব্যৱহাৰেৰে ব্যাপক সংস্থাপন সৃষ্টি কৰি জিলা দুখনক আৰ্থিকভাৱে সমৃদ্ধ কৰা হোৱা নাই৷ এসময়ত আৰ্থিকভাৱে টনকিয়াল হৈ থকা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অৰ্থনৈতিক অৱস্থা দিনে দিনে বেয়াৰ ফাললৈ গতি কৰিছে৷ ইয়াৰ মূলতে আছে উপযুক্ত পৰিকল্পনাৰ অভাৱ৷ নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ অদক্ষতা, অদূৰদৰ্শিতা, অৱহেলা আৰু প্ৰৱঞ্চনাৰ মানসিকতাই হৈছে তাৰ মূল কাৰণ৷ বিজেপি চৰকাৰৰ দিনত সামগ্ৰিকভাৱে কেন্দ্ৰীয় আৰু ৰাজ্যক উভয় চৰকাৰে যেনেকৈ জাতীয় বিষয়সমূহ প্ৰতিশ্ৰুতি অনুসৰি সমাধান নকৰিলে, তেনেকৈ ডিব্ৰুগড় লোকসভা সমষ্টি এলেকাৰ সমস্যা আৰু সম্ভাৱনাসমূহক গুৰুত্বহীন কৰি ৰাখিলে৷” দলৰ সাংসদ নিৰ্বাচিত হ’লে এই বিষয়সমূহ সমাধান আৰু তাৰ ভিত্তিত ব্যাপক উন্নয়নৰ সংকল্পৰ কিছু আভাষ ব্যক্ত কৰা হয় ইস্তাহাৰখনত৷ লক্ষ্যণীয় যে সাংসদ নিৰ্বাচিত হৈ দলৰ প্ৰাৰ্থীগৰাকী কেন্দ্ৰীয় চৰকাৰৰ অংশীদাৰ হ’ব পাৰিলে উক্ত বিষয়সমূহ চৰকাৰৰ দ্বাৰা সমাধান কৰোৱাৰো সংকল্প ইস্তাহাৰখনত প্ৰকাশ কৰা হয়৷ ৰাজ্যিক ইছ্যূসমূহৰ ভিতৰত শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ সংস্কাৰ আৰু উক্ত খণ্ডসমূহত কৰ্মৰত লোকসকলৰ সমস্যা সমাধান, আশা-অংগণাৱাড়ী কৰ্মীসকলৰ সমস্যা সমাধান আদিও ইস্তাহাৰত উল্লেখ কৰা হয়৷ কৃষি খণ্ড, ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা, চাহ জনগোষ্ঠীৰ সমস্যা, ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ সমস্যা আদি বিষয়েও ইস্তাহাৰত স্থান লাভ কৰে৷ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সন্দৰ্ভত ইস্তাহাৰখনত কোৱা হয়, “অসমত স্থায়ীভাৱে বসবাস কৰা সকলো বৈধ ভাৰতীয় বাংলা, হিন্দী আদি ভাৰতীয় ভাষাভাষী মানুহ – যাৰ অসমক বাদ দি দ্বিতীয় এখন ঘৰ নাই; আৰু লগতে অসমীয়া কিম্বা এই ৰাজ্যৰ থলুৱা ভাষা-সংস্কৃতিৰ প্ৰতি যাৰ আন্তৰিক শ্ৰদ্ধা আছে, তেনে সকলো সম্প্ৰদায়ক আমি বৃহত্তৰ অসমীয়া সমাজৰ অংগ বুলি গণ্য কৰো আৰু তেনে প্ৰতিজন স্থায়ী ভাৰতীয় নাগৰিকৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সুৰক্ষাৰ বাবেও আমি দায়বদ্ধ৷ আনহাতে অসমত যুগ যুগ ধৰি বসবাস কৰি অহা আৰু অসমীয়া বৃহৎ জাতিসত্তাৰ অভিন্ন অংগ স্বৰূপ গোৰ্খা ৰাইজো বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত৷ আমি অসমৰ গোৰ্খা ৰাইজৰ সমস্যা সমূহ স্থায়ী সমাধানৰ বাবে শক্তিশালী পদক্ষেপ ল’বৰ বাবেও অংগীকাৰবদ্ধ৷ উন্মোচনী অনুষ্ঠানত দলৰ উপসভাপতি চমছেৰ সিং, অনুপ ফুকন, ডঃ দিলীপ কুমাৰ ভূঞা, বীৰেণ বৰুৱা, সম্পাদক ৰাজীব ভট্টাচাৰ্য, ৰাজু ফুকন, জিয়াউৰ ৰহমান, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সঞ্জীব চাংমাই, নিৰ্বাচন পৰিচালনা সমিতিৰ মু্খ্য আহ্বায়ক চিত্ত বসুমতাৰী, জাতীয় মহিলা শক্তিৰ সভানেত্ৰী আলপনা শৰ্মা, তথ্য প্ৰযুক্তি সম্পাদক দেৱজিৎ চৌধুৰী আৰু পিনাক কৌশিক বৰা, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি পৰাগজ্যোতি বৰুৱা আদি নেতাসকল উপস্থিত থাকে৷