ডিব্ৰুগড়ত লায়ন্স ক্লাৱৰ উদ্যোগত ৬,৭ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচী
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত লায়ন্স ক্লাবৰ উদ্যোগত লায়ন্স আন্তঃৰাষ্ট্ৰীয় জিলা ৩২২-ডিৰ জিলা সন্মিলন অনুষ্ঠিত হয় । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত ৬ আৰু ৭ এপ্ৰিল অৰ্থাৎ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই সন্মিলন। উল্লেখ্যযোগ্য যে লায়ন্স ক্লাবে চকু, ডায়েবেটিছ, বৃক্ষৰোপন আৰু খোৱা খাদ্য সামগ্ৰীৰ যোগান ধৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ বিষয়ৰ ওপৰত বিশেষ ভাবে গুৰুত্ব প্ৰদান কৰি আহিছে। এই সন্মিলনখনিতে জিলা সমিতিয়ে আগন্তুক এই বিষয় সমূহৰ ওপৰত আৰু অধিক তীব্ৰতাৰে সমাজৰ সেৱা আগবঢ়াই যোৱাৰ বাবে বিস্তৃত ভাবে আলোচনা কৰা হয়। লগতে এই সন্মিলনৰ সামৰণিত নিৰ্বাচনৰ জৰিয়তে জিলা পৰ্যায়ত এজন গৱৰ্ণৰ নিযুক্তি দিয়া হ’ব বুলি উদ্যোক্তা সকলে জনায়। অনুষ্ঠানৰ উদ্বোধনী কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ভি.কে লাদিয়া উপস্থিত থকাৰ লগতে বৰ্তমানৰ জিলা গৱৰ্ণৰ ডাঃ শান্তনু লহকৰ, ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ডা: চৈকত পাত্ৰসহ গন্যমান্য ব্যক্তি উপস্থিত থাকে।